পৃষ্ঠা:Chalachitra.pdf/১৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


গতিৰ ফলত আনন্দৰ ভাব অধিক ঘনবদ্ধ হয়’ (চিদানন্দ দাসগুপ্ত)।

 ‘পথেৰ পাঁচালী’য়ে আৰম্ভ কৰা এই নতুন পথেৰে বাস্তৱধৰ্মী চিত্ৰনিৰ্মাতাসকল আগবাঢ়িল। বাস্তৱধৰ্মী ছবিত গানৰ ব্যৱহাৰো যথাসম্ভৱ স্বাভাৱিক হ’বলৈ আৰম্ভ কৰিলে।

 আৱহ সংগীতৰ ক্ষেত্ৰত দেখা দিয়া এই পৰিবৰ্তনে সম্পূৰ্ণ ব্যৱসায়কেন্দ্ৰিক ছবিৰ পৰিচালক, সংগীত পৰিচালককো আকৃষ্ট কৰিলে। ইয়াৰ প্ৰথম উল্লেখযোগ্য উদাহৰণ দেখা পোৱা গ’ল ‘আৰাধনা’ ছবিত। সংগীত পৰিচালক শচীন দেব বৰ্মনে আৱহ সংগীতৰ শক্তিৰ বিষয়ে সন্দেহমুক্ত হৈছিল আৰু আৰাধনা ছবিত বহু নাটকীয় মুহূৰ্তৰ আবেদন অকল আৱহ সংগীতেৰেই বৃদ্ধি কৰি দিছিল। ‘আৰাধনা’ ছবিৰে এচ ডি বৰ্মনে ব্যৱসায়কেন্দ্ৰিক ছবিৰ আৱহ সংগীতত পৰিবৰ্তন অনাৰ যি চেষ্টা কৰিছিল, অকল আৰ ডি বৰ্মনহে সেই পৰিবৰ্তনক আগ্ৰহেৰে স্বাগতম জনাইছিল। আৰু কিছুদিন জীয়াই থাকিলে এচ ডি য়ে হয়তো এই ধৰণৰ ছবিৰ আৱহ সংগীতৰ ধাৰা সলনি কৰি দিলেহেঁতেন, কিন্তু মৃত্যুই তেওঁক সেই অভিজ্ঞতাৰ পৰা বঞ্চিত কৰিলে।

 মেহবুবা, দীৱাৰ, শ্বোলে, ইজাজৎ আদি ছবিত আৰ ডি বৰ্মনে আৱহ সংগীতক সৃজনীশীল ৰূপত ব্যৱহাৰ কৰিছিল। কিন্তু, স্বাস্থ্যজনিত কাৰণত আৰ ডি ছবিত অংশগ্ৰহণৰ পৰা বিৰত থকা হ’ল। এতিয়াৰ অতিমাত্ৰা ব্যৱসায়িক পৰিবেশত কোনেও আৱহ সংগীতক লৈ মুৰ নঘমায়।

 সুভাষ ঘাইয়ে তেওঁৰ ছবিত আৱহ সংগীত অলপ বেলেগ ধৰণে ব্যৱহাৰ কৰে। সংলাপহীন অংশবোৰত তেওঁ আৱহ সংগীত ইমান ‘লাউড’ কৈ ব্যৱহাৰ কৰে যে প্ৰেক্ষাগৃহত দৰ্শকৰ কাণ অতিষ্ঠ হৈ উঠিবলৈ বাধ্য হয়। এইধৰণৰ শাৰীৰিক চাপে মানসিক ক্ৰিয়া কৰে আৰু ছবিৰ দৃশ্যবোৰৰ প্ৰতি অমনযোগী হ’বলৈ বাধ্য হয়। আৰু এই অৱস্থা হোৱাৰ ঠিক পাছতেই আৱহ সংগীতৰ শব্দ কমাই দি দৰ্শকক সকাহ দিয়ে আৰু ফলত ছবিৰ দৃশ্যৰ প্ৰতি দৰ্শকৰ মনযোগ বৃদ্ধি পায়। এই প্ৰক্ৰিয়াত ছবিৰ সৌন্দৰ্যৰ প্ৰতি কোনো শ্ৰদ্ধা প্ৰদৰ্শন কৰা নহয়,

‘যেন তেন প্ৰকাৰেণ’ দৰ্শকক চিত্ৰগৃহত বহুৱাই ৰখাৰ বুদ্ধিহে প্ৰয়োগ