পৃষ্ঠা:Bilati Pitha.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গলাত ইমান ভাল গান শুনি মন্ত্ৰীৰ বৰ হাঁহি উঠিল। মন্ত্ৰীয়ে জীৱনত অনেক শিয়াল দেখিছে, কিন্তু মানুহৰ দৰে কথা কব বা গান গাব পৰা শিয়াল তেওঁ ক'তো দেখা যি নায়েই, শুনাও নাই।

 মন্ত্ৰীয়ে শিয়ালৰ পিঠিত চপৰিয়াই ক'লে- “তোমাক ধন্যবাদ দিছোঁ, তোমাৰ অনেক গুণ আছে। তুমি নিশ্চয় মোৰ কামটো সিদ্ধি কৰিব পাৰিবা।” শিয়ালে নেজডাল জোকাৰি জোকাৰি উত্তৰ দিলে— “মই যেতিয়া লগত আছাে, আপোনাৰ কোনো ভয় নাই। হু-ৱা, হু-ৱা, হু-ৱা।”

 পিছদিনা খুব ৰাতিপুৱা মন্ত্ৰী শিয়ালৰ পিঠিত উঠিল, আৰু শিয়ালটো লৰি যাবলৈ ধৰিলে। বহুত দূৰ বাট গৈ শিয়ালটো এখন প্ৰকাণ্ড সাগৰৰ পাৰত ৰ'লগৈ।

 মন্ত্ৰীয়ে আচৰিত হৈ সুধিলে “কি হেঁ, এতিয়া কি কৰিব খুজিছা, শিয়াল বন্ধু? এতিয়া এই অপাৰ সমুদ্ৰ কেনেকৈ পাৰ হবা?” শিয়ালটোৱে ক'লে— “আপুনি মোৰ পিঠিত নিৰ্ভয় মনে উঠক।” এইবুলি শিয়ালে মন্ত্ৰীক লৈ পানীত জাপ মাৰি পৰিল।

 সন্ধ্যা সময়ত শিয়ালে মন্ত্ৰীক এটা দ্বীপত তুলিলেগৈ। মন্ত্ৰীয়ে ক’লে-- “এইখন কি দেশ?’’ শিয়ালে ক’লে—“এইখনেই সেই কন্যাৰ ৰাজ্য। ইয়াতেই যুৱৰাজৰ উপযুক্তা কন্যা পাব। কিন্তু এই কন্যা পাবলৈ মোৰ পৰামৰ্শ মতে কাম কৰক। বোধকৰো আপুনি সৌ নৈখনৰ পাৰত এটা শিৱমন্দিৰ দেখিছে। প্ৰত্যেক পূৰ্ণিমা ৰাতি সেই ৰাজকন্যাই এই মন্দিৰত পূজা কৰিবলৈ আহে। আজিও পূৰ্ণিমা, ৰাজকন্যাই আজিও পূজা কৰিবলৈ আহিব। আপুনি সন্যাসীৰ বেশ ধৰি মন্দিৰৰ ওচৰতে ধ্যান কৰি থাকিব। আপোনাক দেখি ৰাজকন্যাই ওচৰলৈ আহি সেৱা কৰিব। মই আপোনাৰ গুৰিত লুকাই থাকিম। যেতিয়াই কন্যাই সেৱা কৰিবলৈ মূৰটো বেকা কৰিব, আপুনি তৎক্ষণাত তেওঁক ধৰি মোৰ পিঠিত তুলি দিব আৰু আপুনিও উঠি ল’ব। মই লৈ গুচি আহিম।”

 শিয়ালৰ কথা মতে কাম কৰি মন্ত্ৰীয়ে ৰাজকন্যাক লৈ নিজ দেশলৈ গুচি আহিল।

 ছোৱালীজনীৰ ৰূপ দেখি সকলো মানুহ আচৰিত হ'ল। যুৱৰাজে ক'লে—,“হয়, মই এই কন্যাকে বিচাৰিছিলো আৰু মই এওঁক সদায়