এৰি নৈ, নৈ এৰি হাবি পালেগৈ। হাবিৰ মাজে মাজে গৈ আছে। শেষত এটা প্ৰকাণ্ড পৰ্বত পালেগৈ।
মন্ত্ৰী ভোকে-পিয়াহে আতুৰ হ’ল। পৰ্বতৰ ওচৰতে এটা নিজৰা কুলু কুলুকৈ বৈ গৈছে। মন্ত্ৰীয়ে তাৰে পানী হেঁপাহ পলুৱাই পি শিল এটাৰ ওপৰতে বহি জিৰাইছে।
হঠাৎ তেওঁ কোনোবাই গান গাই গাই সেইফালে অহা শুনিলে।
মন্ত্ৰীয়ে চাৰিওফালে চাই দেখে এটা সৰু ল'ৰাই শিয়াল এটাৰ লগত ধেমালি কৰি কৰি তেওঁৰ ওচৰলৈকে আহিছে।
মন্ত্ৰীৰ আৰু বুজিবলৈ বাকী নাথাকিল যে এই ল'ৰাটোৱেই হীৰু।
হীৰুৱেও তেতিয়া বুজিলে এওঁ হৈছে এই ৰাজ্যৰ মন্ত্ৰী। তেতিয়া হীৰুৱে মন্ত্ৰীক অতি ভক্তিৰে সৈতে সেৱা কৰিলে।
মন্ত্ৰীৰ মুখে সকলো কথা শুনি হীৰুৱে ক'লে- “মোৰ এই শিয়াল বন্ধু থাকোঁতে আপুনি কোনো চিন্তাকে নকৰিব। আপুনি শিয়ালৰ পিঠিত উঠিলেই সি আপোনাক যুৱৰাজৰ উপযুক্তা কন্যাৰ ওচৰলৈ লৈ যাব।
মন্ত্ৰীয়ে ভাবিলে এতিয়া আৰু বেলি কৰা উচিত নহয়। তেওঁ হীৰুক ক'লে—“তেন্তে মই এতিয়াই কন্যা বিচাৰি যাওঁ।”
হীৰুৱে ক'লে— “সেইটো কেনেকৈ হ'ব? আপুনি বুঢ়া, মানুহ ইমান দূৰ আহি বৰ কষ্ট পাইছে। তাতে আপুনি ৰাজ্যৰ মন্ত্ৰী। এতেকে কেইদিনমান নিজিৰোৱাকৈ আপোনাক কলৈকো যাব নিদিওঁ। মোৰ ঘৰ এয়া ওচৰতে। আপুনি তাতে থাকিব লাগিব।”
মন্ত্ৰীয়ে ক'লে “এতিয়া আৰু জিৰাবৰ সময় নহয়। কাম শেষ হলে চিৰদিন জিৰাব পাৰিম। এতিয়া আৰু এইদৰে সময় নষ্ট কৰিব নোৱাৰি। হীৰু, মানুহৰ ঘৰত যেতিয়া জুই লাগে, তেতিয়া মানুহে জিৰাব পাৰেনে?”
হীৰুৱে ক'লে —“ভাল, তেনেহলে আজি ৰাতিটো আমাৰ ইয়াতে থাকি কাইলৈ নিচেই ৰাতিপুৱাই যাত্ৰা কৰিব। মোৰ শিয়াল বন্ধু যেতিয়া আপোনাৰ লগত আছে আপুনি কোনো আশঙ্কা কৰিব নালাগে।” ঠিক এইবুলি কৈ হীৰুৱে শিয়াল বন্ধুক ক'লে—বন্ধু, মন্ত্ৰী ডাঙৰীয়াক গান এটা গাই শুনোৱাচোন?”
শিয়ালে আকাশৰ ফালে চাই চাই গান গাবলৈ ধৰিলে। শিয়ালৰ