পূজাৰ বস্তুবোৰ। ঘৰটোৰ বাৰাণ্ডাতে মৰা ল'ৰা এটা পৰি আছে। তাৰ ওচৰতে এজন কণা মানুহ বহি আছে।
এইবোৰ দেখি জোলাৰ লৰা একেবাৰে অবাক হল। কথাটো কি হৈছে একোকে নুবুজিলে। শেষত নো কি হয় তাকে চাবলৈ বুলি খিৰিকিৰ ওচৰতে সি মনে মনে থিয় হৈ ৰৈ থাকিল।
জুইৰ মাজতে সন্ন্যাসীয়ে কিবা মন্ত্ৰ গাই আছিল। অলপ সময়ৰ পাছত হাতখন ওপৰলৈ তুলি তিনিবাৰ কিবা কলে, তৎক্ষণাৎ সেই দপদপ কৈ জুলা জুই নুমাই গল। তেতিয়া সন্ন্যাসীয়ে তাৰ ছাইখিনি আনি মৰা লৰাটোৰ গাত সানি দিলে৷
কি আচৰিত। সেই মৰা লৰাটো তেতিয়াই গা মূৰি দি উঠি বহিল।
এইবিলাক দেখি জোলাৰ লৰাৰ আনন্দত তত নোহোৱা হ'ল। কোনো উপায়েৰে যদি এই সন্ন্যাসীক ৰজাৰ ওচৰলৈ নিব পৰা হয়, তেতিয়া যে কথাই নাই! মৰা লৰাকে যদি জীয়াব পাৰিছে, নৰীয়া লৰাক ভাল কৰিবলৈ কিমান পৰ লাগিব?
জোলাৰ লৰা আৰু মনে মনে থাকিব নোৱাৰিলে। সি গৈ সন্ন্যাসীৰ ভৰিত ধৰি বহুত পৰ কাকুতি-মিনতি কৰি সন্ন্যাসীক সন্তুষ্ট কৰিলে।
এইদৰেই চাওঁতে চাওঁতে ছদিন পাৰ হৈ গ'ল। কাইলৈ সাত দিন। কাইলৈকেই ৰাজকোৱৰ জোলাৰ লৰাই ভাল কৰিব লাগিব, নোৱাৰিলে তাৰ প্ৰাণদণ্ড।
এইবিলাক ভাবি ভাবি ৰজা অস্থিৰ হৈ পৰিছে। ৰাজপুত্ৰৰ অৱস্থা ক্ৰমে বেয়া হৈ আহিছে। এতিয়াও সেই জোলাৰ লৰাক দেখা নাই। আজি বাৰ বজাৰ ভিতৰতে যদি নাপায়হি তেনেহলে তাক যেনেতেনে বিচাৰি অনাই প্ৰাণদণ্ড দিব লাগিব।
সেইদিনা কি হয়, কি নহয় তাকে চাবলৈ ৰাজ সভাত মানুহ ভৰি আছে। এনেতে সকলোৱে এটা বিকট চিঞৰ শুনিবলৈ পালে-- “বম্ বম্ হৰ হৰ!”
এই ভয়ঙ্কৰ শব্দ শুনি সকলো মানুহে চক্ খালে আৰু কোনে চিঞৰিছে চালে। সকলোৱে দেখিলে যে এজন সন্যাসীৰ লগত জোলাৰ ল'ৰা আহিছে।
সন্ন্যাসীৰ কথা মতে ৰজাৰ লৰাক ৰাজ সভালৈ অনা হ'ল।