ভাল কৰি দিব পাৰিব, তাকে আধা ৰাজ্য দিব আৰু যদি নোৱাৰে তেতিয়া প্ৰাণদণ্ড দিব।”
জোলাৰ ল'ৰাটোৱে ভাবিলে এতিয়া কি কৰো? যদি পাৰো তেতিয়া হলে এখন ৰাজ্যৰ ৰজা হব পাৰিম আৰু নোৱাৰিলে প্ৰাণদণ্ড দিব। এনেয়ে ৰজাৰ মন বেয়া, তাতে জোলাৰ লৰাৰ মুখখন দেখি তেওঁৰ টিক্চি-বিক্চি খং উঠিল। ৰজাই তাক ক'লে- “হেৰা ছালছিগা ভিকহুৰ লৰা, কি হেঁ? তুমি ক’ৰ পৰা আহিছা হেঁ? তোমাৰ সাহটো দেখোন বাৰুটোৱেই। আওমৰণেৰে মৰিবলৈ আহিছা কিয়, বোপাই? ঘৰৰ লৰা ঘৰলৈ যোৱাগৈ। এইটো পটেৰে তুমি ৰাজপুত্ৰক ভাল কৰিব নোৱাৰা। কিয়, অনাহকত পৈতৃক প্ৰাণটো বলি দিবলৈ আহিছা?”
জোলাৰ লৰাই যে নিজেই জানি-শুনি মৰিবলৈ আহিছে! এতেকে সি অলপো কটাহিত নকৰি কলে-- “স্বৰ্গদেউ, মোক সাতদিন সময় দিয়ক। ইয়াৰ ভিতৰতে যদি আপোনাৰ পুতেকক ভাল কৰি দিব নোৱাৰো, মোক প্ৰাণদণ্ড দিব।’’
ৰজাই অলপ ভাবি চাই কলে—“বাৰু, তোমাক সাত দিন সময় দিছোঁ। কিন্তু মনত ৰাখিবা, হয় অৰ্দ্ধ ৰাজ্য, নহয় প্ৰাণদণ্ড।”
জোলাৰ লৰাই ৰজাৰ পৰা বিদায় লৈ এটা সৰু বাটেদি যাবলৈ ধৰিলে আৰু গৈ গৈ সন্ধ্যা সময়ত এখন নৈ পালে৷
নিজান নৈ। তাৰ ওচৰত কোনো গাঁও বা মানুহৰ ঘৰ নাই। এফালে বিশাল নদী আৰু আনফালে গভীৰ অৰণ্য।
তাতেই ৰাতিটো কটাব লাগিব। তলত থাকিলে বাঘ-ভালুকৰ মুখত পৰিব লাগিব, সেইবাবে সি এজোপা গছত উঠি ৰাতি কটাবলৈ ঠিক কৰিলে।
নৈৰ পাৰতে এজোপা প্ৰকাণ্ড গছ আছিল। জোলাৰ লৰাটো গছজোপাৰ আগত বহি আছিল। হঠাৎ সি বহুত দূৰত এটা ঘৰৰ নিচিনা দেখিলে আৰু দেখিলে তাৰ পৰা বৰকৈ ধোঁৱা ওলাইছে।
জোলাৰ ল’ৰাই ভাবিলে, নিশ্চয় তাৰ নিচিনা কোনোবা দুখীয়াৰ ঘৰত জুই লাগিছে।
সি লৰালৰিকৈ গছৰ পৰা নামি সেই ঘৰটোৰ ফালে লৰ ধৰিলে। সি খিৰিকিয়েদি জুমি চাই দেখে যে দপ্ দপ্ কৰে জুই একুৰা জ্বলিছে আৰু তাৰ মাজতে এজন সন্ন্যাসী বহি আছে। ওচৰতে তেওঁৰ