পৃষ্ঠা:Assam Buranji.djvu/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫

দিলে। মাধৰাম বৰ গোহাঁইক তচিলদাৰ পাতিলে। লম্বাে-দৰ বৰ ফুকনে কর্মত সুস্তি কৰাত কাপ্তানি গুচাই, সােধ পােচৰ পুর্ব দত্ত এক্তাৰ মহকুফ কৰিলে। আৰু ঐ সঁকৰে ফাগুন চতত মাউৰ হৈ বহুত প্রজা হানি হল। পাচে ১৭৫২ সঁকৰ ১২ সাওন, ও ইংৰেজি ১৮৩০ সনৰ ২৬ জুলাই মাহত ন্যুবিন সাহাব ম্রিত্যু হল। তেঁওৰ মুৰে শ্ৰীশ্ৰীজুত পুর্বকে অজিটন জেম্‌চ মিথি সাহাব একটিন পুলিটিকেল এজেন্ট হৈ অধিকাৰ হল। পৰে ১৭৫৩ সঁকৰ ১৭ কার্তিক ইংৰেজি ১৮৩১ সনৰ ১ নবেম্বৰ মাহত ঐ একটিন জনাক সলাই শ্ৰীশ্ৰীজুত পুৰ্বকে মেজেৰ আদম ওআইট সাহাব পুলিটিকেল এজেন্ট হৈ দেসাধিকাৰ হলহি।

 ঐ পিয়ল মতে জুনিয়ৰি মােতালকত সাহাব সকলে জমা লগােআৰ নিবন্ধ। ১০০ গােটত ২৭টা ওপৰ ভগন গৈ, থকা ৭৩ গােটত ৯ টকাৰ দৰে কাৰিৰ খাজনা ; ১০০ গােটত ২২ টা ওপৰ ভগন গৈ, থকা ৭৮ গােটত ৮ টকাৰ দৰে পাইকান চমুআৰ খাজনা ; ও সোনােআলৰ গোটত ১৮ টকা, মৰিয়াৰ গােটত ১৫ টকা, মিৰি ডফলাৰ বহতাৰ গােটত ৩ টকা, দেৱ- লিয়াৰ গোটত ৪॥ টকা, আৰু ১৭৫০ সঁকৰ পৰা গােট পাইকত চই টকাকৈ মাটি মিৰিৰো খাজনা লগালে ; এই ক্রমে পাই-কৰ খাজনা লগালে। এই ৫ ৰকমৰ পাইকৰ ওপৰ ভগন কাৰিৰ দৰেই ১০০ গােটত ফুকন বা ৰাজখােআ বা বৰুৱাৰ