পৃষ্ঠা:Assam Buranji.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪

টকা জৰিমানা অর্থাত ধন দণ্ড, ও ৩০ টা বেতৰ কোব, ও ৬ মাহ পর্জন্তে লােআ লগাই কএদ, এই সকল কৰিবৰ খ্যমতা দি, অহমিয়া ৫ কুম্পানি চিপাহিৰ কাপ্তান পাতিলে।

 পাচে ১৭৪৭ সঁকৰ ১৬ কার্তিক, ইংৰেজি ১৮২৫ সনৰ ৩১ আক্তুবৰ পৰ্জন্তে হাকিমি কৰি থাকি, ঐ ৰিচাৰ্ড কর্নেল সাহাব ভটিয়াই গল। তেঁওৰ সলনি ১৭ কার্তিক ১ নবেম্বৰৰ পৰা ঐ কমিস্যনৰ মহা মন্ত্রি জুনিয়ৰ খিতাপকে লৈ শ্ৰীশ্ৰীজুত পুর্বকে কুপৰ কর্নেল সাহাব অধিকাৰ হলহি। পৰে ১৭৪৮ সঁকত ঐ চুনিয়ৰ সাহাব উজাই আহি জুনিয়ৰ সাহাব সহিতে একত্ৰ হৈ, বৰ গােহাঁই পৰিয়া দিহিঙ্গিয়া ফৈদৰ মাধৰাম চাবেক সলাল গােহাঁইক বৰ গােহাঁই পাতি, প্ৰবৰ্তাৰ কাৰন মেলৰ জমাৰ অর্ধ ডাঙ্গৰিয়াক দিলে। আৰু জনার্দনক ভাঙ্গি ঐ ভদ্রচন্দ্রক তচিলদাৰিএ সহিতে বৰ বৰুআ পাতিলে। পাচে ১৭৫০ সঁকৰ ১৪ জেঠ, ইংৰেজি ১৮২৮ সনৰ ২৬ মেই মাহত ঐ জুনিয়ৰ কর্নেল সাহাবক সলাই, কাপ্তান জান ব্ৰায়েন ন্যুবিন সাহাব অধিকাৰ হৈ কমিস্যনৰ মহা মন্ত্রি জুনিয়ৰ খিতাপ ভিতৰ কৰি, ঐ এজেন্টি মােতালকে সহিতে একাধিপত্যৰ নিমিতে পুলিটিকেল এজেন্ট খিতাপ লৈ প্রকাস কৰিলে। আৰু ভদ্রচন্দ্ৰক বৰ বৰুআ ভাঙ্গি ঐ ৰাধানাথক বৰ বৰুআ পাতিলে। বাহুৰ মত প্রবর্তাৰ হেতু নিজ পাওনা লিকচৌ সহিতে ১৫০০ টকাৰ পাইক নিজ মেলতে বৰ বৰুআক