পৃষ্ঠা:Assam Buranji.djvu/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭

দেও, তেঁওৰে পুতেক ব্ৰজনাথ গোহাঁই দেৱক ডাঙ্গৰিয়াৰ ভায়েক জগনাথ ঢেকিয়াল ফুকনক পঠাই আনি, সহাই লৈ তেঁওৰ পুতেককে ৰজা পতাৰ স্থিৰ কৰা সুনি, সৰ্গদেৱে ৰন কৰিবলৈকে আজ্ঞা কৰি লুখুৰাসনৰ চিকন তামুলিৰ ঘৰৰ লুকু গুআহাটিয়া ডেকা ফুকনক দিলে; এবং জোৰহাটৰ পৰা সৰ্গদেও ৰঙ্গপুৰ নগৰলৈ গল। পাচে ব্ৰজনাথ গোহাঁই দেও ডাঙ্গৰিয়া সহিতে ফৌজেৰে উজাই আহি, ঐ ডেকা ফুকনক কাটি আঘোনত জোৰহাটলৈ ঐ ঢেকিয়াল ফুকনক পঠাই ৰঙ্গপুৰৰ পৰা জোৰহাট বাহৰলৈ সৰ্গদেৱক আনি, ঐ ১৭৩৯ সঁকৰ ৫ ফাগুনত ব্ৰজনাথ গোঁহাই দেৱৰ পুত্ৰ শ্ৰীশ্ৰীপুৰন্দৰ সিংহ দেৱতাক গৰগঁয়া গুআহাটিয়া সকলোএ সেৱা কৰি জুবৰাজ পাতিলে। পৰে সেই ফাগুনৰে ১০ তাৰিখত শ্ৰীশ্ৰীচন্দ্ৰকান্ত সিংহ সৰ্গদেৱক ৰজা ভাঙ্গি, শ্ৰীশ্ৰীপুৰন্দৰ সিংহ জুবৰাজক ৰজা পাতি সকলোএ সেৱা কৰিলে। এই হেতুকে শ্ৰীশ্ৰীচন্দ্ৰকান্ত সিংহ সৰ্গদেৱৰ ৰাজ ভোগ ৭ বচৰ, ১ মাহ, ৫ দিন। ইতি। ৩৭।

 পাচে ভগা জনাক অঙ্গখ্যত কৰি স্থানান্তৰ কৰি জোগান দি থৈ ১৭৩৯ সঁকৰ ১১ ফাগুনৰ পৰা শ্ৰীশ্ৰী পুৰন্দৰ সিংহ সৰ্গদেৱে ৰাজত্ব কৰে। এঁওৰ দিনতে ঐ অনিৰ ভায়েক ধনিক ভাঙ্গি ডণ্ডেস্বৰ বৰ পাত্ৰ, ও নিৰ্ভয়নাৰায়নক ভাঙ্গি বাৰুকিয়ালৰ মালভোগ বৰ গোঁহাঁই, ও ধনিক ভাঙ্গি সন্দিকৈৰ