ইন্দ্ৰৰ মনোগত ৰুপে জন্ত্ৰ তৈয়াৰ কৰি দিলে। পৰে ইন্দ্ৰে লুংচাইনেত অৰ্থাত বায়ুক পঠাই ইন্দ্ৰৰ পুত্ৰ থেন্খামক মতাই আনি প্ৰিথিবিত ৰজা হবৰ নিমিতে জাবলৈ বোলাত নিজে জাবলৈ কবুল নকৰি থেন্খামৰ পুত্ৰ খুন্লুঙ্গ খুন্লাই দুইকে পঠাইবলৈ জনালত ইন্দ্ৰে স্বিকাৰ কৰি এই আজ্ঞা কৰিলে বোলে, খুন্লুঙ্গ, তই বৰ, তয়ে ৰজা হবি; খুন্লাই সৰু, তোৰ লগত জুবৰাজ ৰুপে থাকিব। আৰু এই চোম দেওক দিচোঁ; এই দেৱতাক নিত্য পুজাত বাজে বচেৰেকত মাঘ মাহত এক বাৰ, চতৰসংক্ৰান্তিৰ সময়ত এক বাৰ, সুকুলা কাপৰ পিন্ধি নিতি মতে উলিয়াই দুগ্ধ গন্ধ গাঠিয়ন সহিতে ধুআই ভালকৈ পুজা দি চাবি; তেতিয়া আঠ লক্ষ দেৱতা নামিব, ময়ো এখেৰে পৰা চাম; আৰু দেৱতা ধুওআ জল সকলোএ গাত চটিয়াবি খাবি। সততে নুচুবিও নেচাবি, এবং অন্য কাকো চুব চাব নিদিবি; অন্যে চুলে চালে দেসত বিভ্ৰাট ও মাৰি মৰক হব। আৰু খান্খাম্ফাফা অৰ্থাত আদ্যাসক্তিত খুজি এই হেঙ্গদান খনি দিচোঁ; ইয়াকে তই আওজা খুটাতে বান্ধি থবি; জি লোকে তোক দ্ৰোহ কৰে সেই লোকক সেৱা কৰাবি; জদি তাৰ ফাললৈ হেঙ্গদান আপুনি ঘুৰি সমুখ হই, অৰ্থাত তাৰ ফাললৈ জদি ধাৰ ভাগ হই, তেতিয়াহে তাক কাটিবি; এয়ে নহলে নে কাটিবি; আৰু জি জি আবৰি তালৈ এই হেঙ্গদান টোআঁই
পৃষ্ঠা:Assam Buranji.djvu/৬
অৱয়ব