পৃষ্ঠা:Assam Buranji.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আসাম বুৰন‍্জি।

নানাসামবুৰঞ্জিশাস্ত্ৰপঠনেভ্ৰান্তিৰ্য্যতোজায়তে।
তস্মাত্তান্যৱলোক্যসংসয়ভিদংসাৰংবুৰঞ্জেৰিদং।
শাস্ত্ৰংশ্ৰীলপুৰন্দৰাখ্যনৃপতেৰাদেশতস্তম্মুদে।
তাম্বূলীফুকনদ্বিজোবিতনুতেদেশীয়ভাষান্বিতং।।
শ্ৰীৰাধানাথদাশাভিধবৰবডূ্ৱাসামশাস্ত্ৰাৰ্থবেত্তা।
তত্পাৰ্শ্বস্থৌবুৰঞ্জিজ্ঞফুকনবডুৱাখুত্চিঙ্গাখুত্চিঙ্গাখ্যৌ।
বাইলুংবান্দুমুপাধিদ্বিতয়পৰিগতৌশাস্ত্ৰসম্মৰ্ম্মবিজ্ঞা।
বেতেচাস্মিম্বুৰঞ্জিপ্ৰকৰণবিষয়েপোষকাশ্চাভৱন্তে।

 পুৰ্বে কোনো এক সময়ত সৰগ দেও অৰ্থাত ইন্দ্ৰে জাচিংফা অৰ্থাত সৰস্বতিক আস্ৰই কৰি এই ৰুপ বুধি স্থিৰ কৰিলে, জে প্ৰিথিবিত চন্দ্ৰবংসি সুৰ্য্যবংসিৰ অনেক্‌টি ৰজা হৈ গৈচে; আমি সকলো দেৱতাৰ মধ্যে ৰজা, তথাপি আমাৰ সন্তানৰ প্ৰিথিবিত ৰাজত্ব নাই; অতএব মোৰ সন্তানকো প্ৰিথিবিত ৰজা হবলৈ পঠাঁও; এই বুলি ৰাজ পুজাৰ জন্ত্ৰ কৰিবলৈ লাউখে অৰ্থাত বিশ্বকৰ্ম্মক আজ্ঞা দিলে। পাচে বিশ্বকৰ্ম্মই চোম দেও নামে