পৃষ্ঠা:Assam Buranji.djvu/৫৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৫৪

সপৰিবাৰে ভাগি আহি কচাৰি দেসত থাকি, অপোন দেস লবলৈ ফৌজ পাবৰ নিমিতে সৰ্গদেৱলৈ জনাই পঠালত, খ্যাতি ধৰম দুয়োটা হই দেখি, সকলোৰে সমালোচন কৰি, দুঅৰাৰ হৰনাথ ভিতৰুআল ফুকনক সেনাপতি ফুকন নাম দি, এঁৱে সহিতে বহু ফৌজ পঠাই দিলে। সেই ফৌজেই মৰঙ্গিৰ বাটে সোমাই, বিস্তৰ হাবি লতা কাটি পোনাই জাঁওতে বাটতে অনেক দিন হল; খোআ দ্ৰব্য বস্তু ঢুকালত সৰ্গদেৱলৈ জনাই পঠালে; এখেৰ আজ্ঞা পাইগৈ মানে বহুত ফৌজ মৰিল। এনেতে মনিপুৰ দেসৰ মানতৰাই অহম দেসৰ অনেক ফৌজ আহিচে বুলি সুনি, মনিপুৰ এৰি গুচি গল। ফৌজ উলটি অহা আজ্ঞাও পালেগৈ; পাচে মৰাৰ সেস ফৌজ লৈ সেনাপতি ফুকন উলটি আহিল। জদ্যপি ৰনেই নহল, তথাপি দেসত এই খনকে লতাকটা বন বুলিলে। আৰু বিসমকৈ নি ফৌজ মৰোআ বাবে সেনাপতিক বিহিত দণ্ড কৰি, বকতিয়াল বৰ বৰুআক পুনৰ পঠালত, বব বৰুআ গৈ ৰহা পাঁওতেই মানতৰা ভাগি গল বুলি, মনিপুৰিয়া ৰজাই সুনি বোলে, আমি সৰ্গদেৱৰ অনুগ্ৰহতেইহে দেস পাঁও, আৰু মোৰে পৰা অনেক হানি হৈচে; এতেকে মোৰ কুৰঙ্গনয়নি জিক সৰ্গদেৱলৈ দি মিত্ৰ কৰোঁ বুলি বৰ বৰুআলৈ কলত, বৰ বৰুআই মনিপুৰিয়া ৰজাক অনি সোনাৰি নৈ বহিৰতে সাখ্যাত কৰালে। তাতে অনেক জৌতকেৰে ৰজাই জিএকক সৰ্গদে-