সমললৈ যাওক

পৃষ্ঠা:Assam Buranji.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৪৫

তুমি এনে কাম নকৰিবা; মই তোমাত ৰাজত্ব ভিখ্যা কৰিচোঁ। পাচে বৰ ফুকনে বোলে, অকলৰ কাম নহই, কেনেকৈ কৰিম বুলি, মান্তি নোহোআত বাপুএ বেজাৰ হৈ, তোৰ ঘৰত আগলৈ বৰ ফুকন সম্পতি নহওক বুলি সাপ দিলে। পাচে বৰ ফুকনে বোলে, অবিচাৰে জে মোক সাপ দিলে, ময়ো বুলিচোঁ, আপোনাৰ বঙ্গহতে এই সত্ৰাধিকাৰ সম্পতি নেখাকক; এই বুলি তাৰ পৰা উজাই আছি, গৰগাঁও নগৰৰ বৰ চৰাতে ১৬০৩ সঁকত উজনিয়াই সহিতে মিলি, পুনৰ গদাধৰ কোঁঅৰক সেৱা কৰি ৰজা ললে। লৰা ৰজাক উলিয়াই নি জোগান দি নামৰুপত থলে; ভোগ ২ বচৰ। ইতি ২৮॥ ইতি বুৰঞ্জি সাৰে ত্ৰিতিয় খণ্ডং।

⸺⸺

চতুৰ্থ খণ্ড।

 পাচে ১৬০৩ সঁকৰ পৰা গদাধৰ সিংহ ৰজা হৈ কিচু দিন থকাতে লৰা ৰজাই পুনৰ ৰজা হবৰ আক্ৰান্ত কৰি বোল মাত কৰা সুনি, লৰা ৰজা দেৱক প্ৰকাৰান্তৰে মৰালে। এবং দিঘলা বুৰা গোহাঁইক মাৰি কুঁঐগঁয়া মৌক বুৰা গোহাঁই পাতিলে; এঁওৰ পাচত লঙ্ককিয়াৰ খামপেঙ্গক বুৰা গোহাঁই পাতিলে; আচুকক বৰ পাত্ৰ পাতিলে; ঐ লাইথেপেনা বৰ গোহাঁইক ৰাজমন্ত্ৰি পাতিলে; লাহনৰ টেমাক বৰ বৰুআ পাতিলে।