পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহাভাৰত 1048

সিংহাসনে ৰঙ্গে আসি বসিলে নৃপতি। পাত্ৰ পুত্ৰ মন্ত্ৰীগণে বেঢ়ি চতুৰ্ভিতি যুধিষ্ঠিৰ ভীমসেন নকুল সহদেৱ চাৰিয়ো পাণ্ডৱে নৃপতিক কৰে সেৱ॥ ১৯৯৫৯ ৰাজাক উপাসি আছে আতি বৰ স্নেহ। ৰত্নময় অলঙ্কাৰে মণ্ডি আছে দেহ | পাত্ৰ পুত্ৰ বীৰত্সব যতেক খুজাৰ৷ সবাকে প্ৰসাদ ৰাজা দিলা অলঙ্কাৰ॥ ১৯৯৬ কুতুহলে ৰাজ৷ যেৱে আছে সিংহাসনে। কৰ্পূৰ তাম্বুল সাব্জি দেই কন্যাগ মৃহু কৰি মাঞ্জৈ গাৱে শীতল চন্দনে। কেহোজনী বিছে শ্বেত চামৰ ব্যজনে॥ ১৯৯৬১ কেহোজনী স্থৱৰ্ণ ভৃঙ্গাৰ ধৰি আছে। দেৱ অপেম্বৰা সম অলঙ্কাৰে কাছে॥ উত্তৰ পুত্ৰক ৰাজা নেদেখি লগত। কৌতূকে পুছিলা দেৱকন্যাসকলত॥ ১৯৯৬২ ইহেন আনন্দ বেলা নেদেখো পুত্ৰক। কোথ৷ গৈল জাণ্টে মাতি আন কুমাৰক! বাঢ়ি কন্যাগণে সবে কৰিলেক সেৱা। আদেশ নৃপতি প্ৰভু বাৰ্ত৷ নতু পাৱা। ১৯৯৬৩ প্ৰভাত সময়ে আসি গোৱালে জগাইল। উত্তৰ দিশৰ হস্তে ফুৰুবল আইল॥ ষাঠি যে হাজাৰ গৰু পান আছে যত। কুৰুবলে লুড়ি হাৰি নিলেক সমস্ত॥ ১৯৯৬৪ বৃহন্নলা সাৰথি সহিতে কৰি জয়। তাক লাগি খেদি গৈলা তোমাৰ তনয়॥ শুনি মৎস্যৰাজ৷ শোকে চপৰাইলা মুাথ। সৰল বৃক্ষত যেন পৰিল নিৰ্ঘাত॥ ১৯৯৬৫ একেশ্বৰে কৌৰৱক খেদি গৈল বুলি। পুত্ৰক শুমৰি চিত্ত কৰে গুলগুলি। আকুল ভৈলেক শেল পশিল হিয়াত। হা পুত্ৰ বুলি শোকে কান্দে নৰনাথ। ১৯৯৬৬ শূন্য যে নগৰী বুলি থৈ গৈলো ঘৰত। নাহিকৈ সাৰথি বথী পদাতি লগত॥ একেশ্বৰে হেন কৰ্ম্ম কৰিলি দাৰুণ। কতনো বৰ্ণাইবো ৰাপ তোৰ যত গুণ॥ ১৯৯৬৭ গুণে গুণৱন্ত ৰাপ বয়সে কুমাৰ। মৎস্যবংশে তোক সম নাহিকে আমাৰ॥ ভীষ্ম কূপ অশ্বত্থামা কৰ্ণ গুৰু দ্ৰোণ। ত্ৰিভুৱনে কৌৰৱক সম আছে কোন। ১৯৯৬৮ এৱে মই শৰীৰ ধৰিবো কেনমতে। কুলক্ষণী মাৰে পঠাইলেক কেনমতে। এহিমতে নৃপতি যে কৰম্ভ সন্দেহ। মোহোৰেসে বুৰিল আনৰ কোন স্নেহ॥ ১৯৯৬৯ কৰ্ণ দুৰ্য্যোধন ৰাজা বীৰ আন আন। বেঢ়িয়া মাৰিবে যেন হৰিণৰ প্ৰাণ॥ অল্প বয়সত বাপু সুমৰ্ণ থৈলে। অগ্নিত ফৰিঙ্গ৷ জাসে মৰিবাক গৈলে৷ ১৯৯৭০ শয়নে ভোজনে গৃহে নাই কিছো সুখ। কেনে প্ৰাণ ধৰিবে৷ নেদেখি পুত্ৰমুখ। হা হা বাপু উত্তৰ কুমাৰ পুত্ৰ মোৰ। তোহোৰ কাৰণে প্ৰাণ নধৰিবো মোৰ। ১৯৯৭১ ময়ো কালি ভাগ্যেসে নগৈলো যমলোকে। তথাপি চক্ষুত ঘাৱ পাইলো পুত্ৰশোকে। শুনা পাত্ৰলোক আৱে বচন আকলা। কুমাৰক অনুকূলে ত্বৰ৷ কৰি চলা চতুৰঙ্গ দলে সাব্জি চলা সেহি বাটে। কুমাৰক বাৰ্তা গৈ পঠায়োক জাপ্টে॥ সুশৰ্ম্মাৰ পৰাভৱ শুনি কুৰুবলে। আপুনি তোৰাক দেখি পলাইব সকলে॥ ১৯৯৭৩ একেসে কাৰ্য্যত মোৰ মনত আবৃত্তি। বৃহন্নলা গৈল গুনো পুত্ৰৰ সাৰথি॥ কোন কণা বুদ্ধি দিল পুত্ৰ মোৰ ছোট। সাৰথি পাইলেক ইটো নপুংসক গোট। ১৯৯৭৪ স্ত্ৰী বা পুৰুষ একো নভৈঙ্গ বৰ্ধৰ। সংগ্ৰামৰ ধৰ্ম্মাধৰ্ম্ম নজানৈ পামৰ। সেহি কি সাৰথি সমে কৰিব৷ সমৰ। অনুমানে জানো বাপু নিজীৱে কুমাৰ। ১৯৯৭৫