পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিৰাট পৰব অঙ্গীকাৰ পূৰি পাল আনি দিলো তোৰ। আনত ইসব কথা নকহিবি মোৰ বৰিষেক গুপুতে আমাৰ পাঞ্চ ভাই। অজ্ঞাত বাসবে আছো সবে তোৰ ঠাই। ১৯৯৪২ তইসি বুলিবি জিনিলোছে৷ কৌৰৱক। মইসে কিনিয়া সবে আনিলো পালক # সাৰথি স্বৰূপে মই পুনৰপি যাওঁ। ৰাজ্যত কহিবি এহি তোৰ যশ নাও॥ ১৯৯৪৩ উত্তৰ বদতি যত কৰিল৷ আশক্য। ইটো কৰ্ম্ম কৰিবাৰ মোৰ নাহি শক্য॥ আছন্তোক মই মোৰ বাপ পিতামহে। ভীষ্ম দ্ৰোণ কৰ্ণক যুব্জিবে কাৰ গৃহে॥ ১৯৯৪৪ তথাপিতো হাত দিলা নকৈবো লোকত। যাৱদেকে তুমি আগে নকৰা বেকত॥ হেন যেৱে আলোচন ভৈল দুইৰ বোল। নিমিষেকে পাইল৷ পাচে সমীধৰ কোল॥ ৪৫ ৰথ হস্তে দুইহুত্তো নামিলা সেহি থান। দিব্য ৰথখান তৈতে ভৈলা অন্তৰ্দ্ধান স্থৱৰ্ণৰ ধ্বজগোট সমে ৰথ আছে। উত্তৰৰ ৰথখান নমাই লৈল! পাচে॥ ১৯৯৪৬ পিন্ধিল৷ বলয়া শাঙ্খা বৃহন্নলা বেশ। কটিত মেখলা মাথে বেণীবদ্ধ কেশ॥ শৰ ধনু কৱচ বৃক্ষত তুলি থৈল। পুনৰপি অৰ্জ্জুন সাৰথি গৈয়া ভৈল॥ ১৯৯৪৭ জ্যৈষ্ঠ যে মাসৰ দুই পৰ গৈল ভাটী। প্ৰচণ্ড প্ৰতাপ বেলা ভৈল নৱঘটি॥ তৃষায়ে পীড়িলে সবে হেম্বলাৱে গাই। পিয়াসত চাৰি ঘোৰা আগক নযায়। ১৯৯৪৮ হেন দেখি অৰ্জ্জুনে বুলিল৷ উত্তৰক। জাণ্ট কৰি মাত তোৰ গোৱালবৰ্গক॥ আগ হুই জন চাৰি নগৰক যাউক। তোৰ যশ-কথাক যে ৰাজাক জনাউক। ১৯৯৪৯ নপলায় গৰুত্সব ঐত চৰাউক। প্ৰয়াসিল চাৰি ঘোঁৰা ইয়ো পানী খাওক॥ ১৩৫৩ এহি কথা নগৰত জনায়ে৷ সকালে। ক্ষণিক বিশ্ৰাম আমি কৰোহে৷ সকালে॥ ১৯৯৫০ অৰ্জ্জুনৰ বোলে মৎস্যৰাজাৰ নন্দনে। গোৱালসৱক ডাকি বুলিলা তেখনে॥ যাহাৰ যতেক গক লেখি জুথি নিয়া। পিয়াসে মৰস্তে আছে জাপ্টে পানী দিয়!॥ ৫১ কহিৰা জুগুতা জয়! জয়ন্ত জলোৱা। আগ হুই তোৰা চাৰি নগৰহ যাৱা॥ মোৰ যশকথা সবে জাণ্টে কৈয়ো গই। আমিসবো যাওঁ পাচে খানিক জিৰাই। ১৯৯৫২ গৰু দেখি গোৱালে হৰিষ বৰ পাইল। হৰাইবাৰ পাইল নিধি যেন মৰি আইল॥ কুমাৰৰ আজ্ঞাবাণী কৰি শিৰোগত। কতো ৰঙ্গে জনাইবাক গৈল নগৰত॥ ১৯৯৫৩ জয় জয় প্ৰভু বুলি প্ৰণামি গোৱালে। সমস্তে বৃত্তান্ত কথা কহিল৷ সকলে॥ অৰ্জ্জুন সাৰথি হুয়৷ ডাকিলে ৰথক। দণ্ড দুই জিৰায়া যে গৈলা নগৰক। ১৯৯৫৪ চতুৰ্দ্দিশ বেঢ়ি সবে কতোদুৰ মান। গোৱালসকলে ধৰে লগত যোগান॥ কিল কিল হাসি আতি কৰে ধৰি ডাঙ্গ। উত্তৰ গোগ্ৰাহ কথা এহিমানে সাঙ্গ॥ ১৯৯৫৫ বোলন্ত কংসাৰি সবে শুনিয়ে৷ ভাৰত। পুৰুষ উদ্ধাৰ হুইবা সংসাৰ গৰ্ভত॥ আয়ুঃ শ্ৰী যশ ধৰ্ম্ম বিভৱ প্ৰধান। বোলা ৰাম ৰাম পাইবা বৈকুণ্ঠত খান॥ ১৯৯৫৬ বৈশম্পায়ন মুনি জন্মেজয়ত কহন্ত। জয় নমো হৰিপদে ৰচিবে৷ ভাৰত॥ অৰ্জ্জুনৰ কথা আৱে খানিক আছোক। মৎস্যৰাজ৷ যি কৰিল৷ তাক শুনিয়োক। ১৯৯৫৭ দক্ষিণত মৎস্যৰাজা হয়৷ ৰণজিত। নগৰে আসিল চাৰি পাওৱে সহিত। সুমঙ্গল কৰিয়া যে পৌৰ নাৰীগণে। পড়ুলি পঙ্গুলি দীপ ঘট আলিম্পনে। ১৯৯৫৮