পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিৰাট পৰ্ব্ব হাত পাৱ শিৰ কীচকৰ অঙ্গ যত । পুষ্টি মাৰি ভৰাইলন্ত তাহাৰ গৰ্ভত ॥ পৰি আছে বীৰ মাথা পিশুৰ স্বভাৱ। পাচে ভীমসেনে দ্রৌপদীক দিলে ৰাৱ ৷ ১৯১৮৩ দ্রৌপদীক চাহি ৰঙ্গে ভীম যে বদতি। দেখিয়োক কেনে ভৈল কীচকৰ গতি ॥ মাৰিলে৷ কীচক দুষ্ট কণ্টক তোমাৰ । হেন বাণী বুলি দিলা লাথিৰ প্ৰহাৰ ৷ ১৯১৮৪ দ্রৌপদী বদতি শুনিয়োক ভীমসেন । আপুনি দেখিলো বীৰ মৰিল যেহেন ৷ পলাইল মনৰ শঙ্ক। হাময় গোসানী। পুনৰপি ভীমসেনে বুলিলেক বাণী ॥ ১৯৯৮৫ যেহি যেহি তোমাক কৰয় অভিলাষ। তাকে তাকে মাৰি আমি কৰিবো বিনাশ ॥ দ্রৌপদীৰ চিত্ত সন্তোযিল৷ মহাবলী । হুপকাৰশালাক সত্বৰে গৈলা চলি ॥ ১৯১৮৬ ভীমসেন গৈলা যেৱে আপুনাৰ ঠাৱ ৷ জাগ জাগ বুলিয়া গান্ধাৰী দিলে ৰাৱ ৷ কীচকক মাৰিলে গন্ধৰ্ব্ব মহাবলে। চাহা সবে আসিয়া আছয় নৃত্যশালে ৷৷ ১৯১৮৭ কীচকক মাৰিলে গন্ধৰ্ব্বে শুনি ৰণে। ৰখীয়া কটক আসি ভৈল৷ তেতিক্ষণে ॥ আউৰক আউৰে মাতি ভৈলা একঠাই। নৃত্যৰ শালাক গৈল ঊৰ্ম্মিক লগাই ৷৷ ১৯১৮৮ কীচকক দেখিয়া ৰখীয়া ভৈলা ভীতি ৷ গন্ধৰ্ব্বে মাৰিল ভৈল হেনসে বিকৃতি ॥ কোথা গৈল শিৰ নেদেখি যে হাত পাব। শৰীৰ দেখিয়া আৱে মৃদঙ্গ স্বভাৱ ॥ ১৯১৮৯ শুনি আসি ভৈল কীচকৰ শত ভাই। স্তব্ধ ভৈল সমস্তে ঘৃতক শৱ চাই ॥ ৰুধিৰ পঙ্কত পৰি আছে মহাবীর। নেদেখি শৰীৰ ভৈলা ৰোমাঞ্চ শৰীৰ ৷৷ ১৯১৯০ বেঢ়ি বেঢ়ি কালে সবে কীচকক দেখি। সৰ্ব্বাঙ্গ ভগন যেন অবনত লেখি। ১২৯৯ এৰিল গন্ধৰ্ব্বে যেন পৰিয়া আছয়। নাচশালে পৰি আছে দেখি লাগে ভয় ॥ ৯১ যাহাৰ প্ৰসাদে ৰাজ্য কৰৈ মৎস্যৰায়। বাহুবলে বৈৰক জিনিলে সমুদায় | ৰূপেগুণে তেজবলে সম নাহি বীৰ । হেন ৰূপ ভৈল আরে তাহান শৰীৰ ৷৷ ১৯১৯২ সোদৰ ভ্ৰাতৃৰ শোকে কৰয় ঘঞ্চাল। কৈহস্তে আসিয়া পৰিল যমকাল ॥ ভূমিত পৰিয়৷ কৰৈ হৃদয়ে প্ৰহাৰ। বোল উথলিল মৎস্য নৃপতিৰ দ্বাৰ ৷ ১৯১৯৩ শুতি আছে হুদেষ্ণা আপুন বাসাঘৰে । এগোট৷ কীচকে গৈয়৷ জাগাইল৷ সত্বৰে ৷ মোৰ জ্যেষ্ঠ বহিনী শুনিয়ে৷ পটেশ্বৰী । মৰিলন্ত কীচক গন্ধৰ্ব্বে আছে মাৰি। ১৯১৯৪ নাহি তেন ক্ষেত্ৰি নভৈলেক ঘোৰ ৰণ। মহাবীৰ কীচকে মাৰিলে কোনজন ॥ হা হা কৈক গৈলি ৰাৱ পাৰে হুদেষ্ণাই। । । কোনেনো মাৰিলে মোৰ প্ৰাণ সম ভাই ॥ '৯৫ বন্ধুজনে বিলাপ কৰিলে কতোক্ষণে। পাচে শৱ নিবাৰ সবাৰো ভৈল মনে ।। শৱ সাজ কৰি বিলম্বত নাহি কাজ। সাতে পাঞ্চে ধৰিয়া সি ঠাইৰ কৰি বাজ ॥ '৯৬ শৱ দহিবাক লাগি গৈলা ভ্ৰাতৃ যত । দ্রৌপদীক তেহে সবে দেখিলা পঞ্চত ॥ হস্ত গোট ধৰিয়৷ যে আছম্ভ গান্ধাৰী । দেখিয়া কীচকে পেলাইলন্ত লাথি মাৰি ৷৷ '৯৭ অসতী পাপিষ্ঠ এইক মাৰিয়ে| এখনে। মৰি গৈল সেনাপতি এহিৰ কাৰণে ॥ হেন কৰে৷ এইক কীচকৰ লগে নেওঁ। কীচকৰ লগে নিয়৷ ঝপাই ধৰি দেওঁ৷ ১৯১৯৮ কীচকৰ প্ৰেতকাৰ্য্য কৰিতে যুবায়। আলোচি ৰাজাত গই বোলে সমুদায় ॥ গান্ধাৰীৰ কাৰণে কীচক ভৈল হত। গান্ধাৰীক পোষে৷ নিম্ন কীচক লগত । ১৯১৯৯