পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহাভাৰত 1 তাৰ বোল শুনি ভীমসেনে বোলে হাসি। আপুনাক আপুনিয়ে বোলস প্ৰশংসি ই তিনি ভুৱনে নাই তোমাৰ সমান। তিৰী কি পুৰুষ তাৰ নাহিকে গিয়ান॥ ১৯১৬৬ হোৱয় পুৰুষ যিটো শাস্ত্ৰত কুশল। হাতে গাৱে চুইলে পাই লক্ষণ সকল। এহি বুলি ভীমে গাৱ চালি তেতিক্ষণ। কীচকক নিষ্ঠুৰ বুলিলা তেতিক্ষণ॥ ১৯১৬৭ যেৱে তুমি হোৱা কামশাস্ত্ৰত কুশল। পুষ নিচিনা কেনে কামে হুয়া বাউল॥ কীচক তবধ হুয়৷ থাকি গৈল৷ চাই। ইটো কোনগোটে মাতে গান্ধাৰিণী নাই। '৬৮ ৰাৱ দি গন্ধৰ্ব্ব বোলে গান্ধাৰিণী নাইল। গান্ধাৰীৰ স্বৰূপে গন্ধৰ্ব্বে লাগ পাইল॥ হস্তীক মাৰিয়া যেন পেলাৱে কেশৰী। মই তোক পাপিষ্ঠ মাৰিবে৷ তেন কৰি॥ ১৯১৬৯ কু বিকট শৰীৰে ভূমিত পৰি থাকে। সুদেষ্ণা দেখিয়া যেনো কান্ধৈ দীৰ্ঘডাকে॥ গান্ধাৰী থাকিব ভালে তোমাৰ মৰণে। গন্ধৰ্ব্বেসে হৰিষ কৰাইলা বুলি মনে॥ ১৯১৭০ স্মৰ তোৰ ইষ্ট পিতৃ মাতৃক নিঃশেষে। বাম হাতে ধৰিলন্ত এহি বুলি কেশে॥ পাইলে কালে বুলিয়া কীচক মহাবলে। আন্দোল কৰিয়৷ ভীমে ধৰি তাৰ গলে॥ '৭১ বাহু যুদ্ধে যুদ্ধ লাগিলেক বৰ ৰাগি। যুজে মত্ত হস্তী যেন হস্তিনীক লাগি॥ বালি হুগ্ৰাৱৰ যুদ্ধ কাৰণে ভাৰ্য্যাৰে। সেইমতে যুদ্ধন্ত কীচক বৃকোদৰে॥ ১৯১৭২ নাকে মুখে ভুকু মাৰে চপ্পত চৱৰে। সবে চুলি ধৰি ফুৰাৱন্ত নিৰন্তৰে॥ বজ্ৰৰ সমান গাৱ দুইৰো ঘৰিষণে। দুহানো শব্দ আতি উঠে ঘনে ঘনে॥ ১৯১৭৩ ভীমক কাঁচকে কীচকক ভীমসেনে। 'তায় মোড়য় আজোৰয় বৰ টানে॥ আঞ্চোৰে কাঞ্চোৰে মুখে বাঘ যেন ঠান। লাগিল হিহনি আতি দূৰ দিশমান # ১৯১৭৪ মধ্যম নিশাত ভৈল সমৰ দুহান। দুইক দুই বোলৈ আজি কৰিৰো নিৰ্য্যাণ॥ চলে দুইৰে৷ যুদ্ধ বৰ লাগিল তুমুল। কাম্পে গৃহখান হুদ্ধ মিলিল আন্দোল॥ ১৯১৭৫ কীচকক ধৰি ফুৰাৱন্ত ভীমসেনে। সৰল বৃক্ষক যেন পাইলেক পৱনে॥ কীচকেও বৰ কষ্টে উঠিয়৷ আপুনি। ভীমক ভূমিত পেলাইলে আণ্ঠু হানি। ১৯১৭৬ উঠি ভীমসেনে কীচকক কোপমনে। দুয়ো হাতে চৱৰ মাৰিলা বৰ টানে। সহিল কীচকে তাৰ শৰীৰ লৰিল। a বজ্ৰৰ সমানে তাৰ হৃদয়ে পৰিল॥ ১৯১৭৭ । ভীমৰ আন্দোল বীৰে থাকিলন্ত সই। পুনৰপি কীচকে মাৰিলে খেদি গই॥ জানিলন্ত ভীমে কীচকৰ বল ক্ষয়। দুই হাতে ধৰি তাৰ মথিল হৃদয়॥ ১৯১৭৮ চুলিত ধৰিয়া আনিলন্ত ভীমসেনে। মুগ ধৰি বাঘে যেন ৰঙ্গ কৰে মনে॥ দুই হাতে ধৰি জানিলন্ত বৰ দুখে। তেজধাৰ বাজ ভৈল কীচকৰ মুখে॥ ১৯১৭৯ ফুৰান্তে ফুৰান্তে আতি ভৈল অচেতন। যমক পঠাইবে লাগি কৰিলা যতন॥ পৰিল ভূমিত বীৰ ঘোৰ নাদ কৰি। মুলিন্ত ঘাৰ তাৰ প্ৰাণ গৈল মৰি॥ ১৯১৮০ তথাপি ভীমৰ কোপ নছাৰয় মনে। দুই জাম্বু হানি তাৰ ভাঙ্গিলা কঙ্কালে। ধৰণীত পৰি যেৱে আছে সেনাপতি। । পাচে ভীমসেনে হেন বুলিলা সম্প্ৰতি। ১৯১৮১ আজিসে মনৰ ধ্বন্দা গুচিল আমাৰ। আঞ্জিসে শুঞ্জিলে৷ আমি দ্ৰৌপদীৰ ধাৰ॥ আজিসে মনৰ শঙ্কা দ্ৰৌপদী এৰাইল। ওলট পালট কৰি ভূমিত ঘষাইল॥ ১৯১৮২