পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহাভাৰত নৃপতি বোলন্ত তুমি ব্ৰাহ্মণকুমাৰ। ৰাজাৰ পুত্ৰৰ সম লক্ষণ"তোমাৰ॥ গোৱাল বুলিতে মোৰ নধৰয় চিত। তুমি বোল৷ ইও কৰ্ম্ম তোমাৰ উচিত॥ ১৮৯১৪ আমিও কৰিলে৷ তোক গোৱালৰ মুখ্য। প্ৰথম বৰ্ণৰ ধেনু আছে একলক্ষ॥ দিয়ে! ধেনু দিলে৷ মই তোমাৰ হাতত। সুখ ভোগ ভুঞ্জি থাকা মোহোৰ ৰাজ্যত॥ ১৮৯১৫ ইন্দ্ৰগ্ৰন্থে যেন সুখে আছিল! আপুনে। তেন সুখ ভুঞ্জিয়া থাকিও মোৰ স্থানে। হেন শুনি সহদেৱ ভৈল৷ ৰঙ্গমন। বিৰাটক সেৰিয়া থাকিলা সেহি থান॥ ১৮৯১৬ সহদেৱ বিৰাট ৰাজাত পাইলা বৰ। কেহে৷ নিচিনিলা থাকিলাহা বীৰবৰ॥ অৰ্জ্জুনে ধৰিল৷ পাচে'নপুংসকবেশ। দিব্যৰূপ ছন কৰি ভৈলন্ত প্ৰবেশ॥ ১৮৯১৭ বাহু ঢাকি পিন্ধিলন্ত শাঙ্খা দুই মুঠি। আগ গুৰি পিন্ধিলন্ত সোণাৰ আঙ্গুঠি। কণঝুণ কৰি বাজে কুণ্ডল পিন্ধিল। সুদীৰ্ঘ প্ৰচুৰ কেশে ছিৱলী বান্ধিল॥ ১৮৯১৮ চেৱকী ঊৰ্দ্ধক কৰি বান্ধিলন্ত খোপা। চতুৰ্ভিতি বান্ধিলন্ত ৰঙ্গ-পাত ঝোপা॥ ৰঙ্গাল দুখানি বস্ত্ৰ পিন্ধিলা গাৱত। স্থৱৰ্ণৰ মেখলা বান্ধিলা কঙ্কালত॥ ১৮৯১৯ নূপুৰ যুগল শোভা কৰয় চৰণ। চলি যায় বীৰ যেন প্ৰমত্ত বাৰণ॥ পদে পদে ভূমি কম্পি কম্পি লৰে ঠাই। সভা পাই ৰহিলন্ত নৃপতিক চাই॥ ১৮৯২০ বিৰাট নৃপতি দেখি গুণে মনে মনে। এনেৰূপে মনুষ্য নাহিকে ত্ৰিভুৱনে॥ সিংহবন্ধ কটি স্কন্ধ পুৰুষ আকাৰ। পিন্ধি আছে গাৱত তিৰীৰ অলঙ্কাৰ॥ ১৮৯২১ সমাজত পুছিলন্ত কোনে দেখি আছা। কমন দেশৰ এহে কহিয়োক সাঞ্চা॥ নাহি দেখো বুলিলেক সকল সমাজে। বিস্ময় স্বভাৱে বুলিলেক মৎস্যৰাজে॥ ১৮৯২২ সত্যগুণে সম্পুৰ্ণ পুৰুষ মনোৰম। শ্যামল সুন্দৰ গাৱ মত্তগজ সম॥ শঙ্খ যে বলয়া বেণী বসন কুণ্ডল। আৱলি আপচু কৰি এৰিয়ে৷ সকল। ১৮৯২৩ ৰত্নৰ মুকুট সমে বান্ধিয়োক কেশ। বিচিত্ৰ বসন পিন্ধা কৱচ বিশেষ॥ বৃদ্ধ ভৈলো সুখভোগ নলাগে আমাক। মোৰ নগৰীক পালি সুখে থাকিয়োক॥ ১৮৯২৪ অৰ্জ্জুনে বোলন্ত নৃপতিৰ জয় হোক। ৰূপৰ কাহিনী কন্তে বাঢ়ি যাই শোক॥ গুৱামালী নুফুলে কি হুফুলে মন্দাৰ। নোহো নাৰী পুৰুষ লক্ষণ ৰূপে ভাৰ॥ ১৮৯২৫ পিতৃ মাতৃ নাই মই বৰ নিমাখিতী। 1 । তোমাৰ থানক লাগি আসিলো সম্প্ৰতি॥ নৃত্যত গীতত আমি বৰহি কুশলা। নৃত্যৰ লক্ষণ জানে৷ নাম বৃহন্নলা॥ ১৮৯২৬ । তোমাৰ দুহিতা আছে উত্তৰ কুমাৰী। নৃত্য-গীত তাহাঙ্ক শিখাইবে৷ ভাল কৰি॥ ৰাজাৰ অন্তেষপুৰে নাচো সব কাল। পুত্ৰ বা জীয় বা বুলি কৰা প্ৰতিপাল॥ ১৮৯২৭ বিৰাটে বোলন্ত মোৰ শিখায়ে৷ কুমাৰী। তাৰা সখীগণকে শিখায়ো ভাল কৰি॥ তোমাক কৰাইবে৷ কৰ্ম্ম নুৰুৰ্চয় চিত। সাগৰ সীমায়ে তব ৰাজ্যক উচিত। ১৮৯২৮ ৰাজ৷ আদেশিলা ধনঞ্জয়ো গাত গাইল। নাচন দেখাইলা বহুবিধ বাঘ বাইল॥ বাদ্যৰ কোলাহলে বহুবিধ নৃত্যগীতে। নোহস্ত পুৰুষ যেন জানিলন্ত চিতে॥ ১৮৯২৯ । তেৱে পঠাইলন্ত ৰাজা অস্তেষপুৰক। অৰ্জ্জুনতে সমৰ্পিল কুমাৰীগণক॥ নৃত্যগীত শিখাইবাক তথাতে থাকন্তু। মাতৃৰ গৰ্ভত যেন দুনাই পশিলন্ত॥ ১৮৯৩০