পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিৰাট পৰ্ব্ব নোহয় আৰামে আছে যত তঞ্চক্ষৰ। চম্পক কেতকী মালী যূতী নাগেশ্বৰ॥ ৰূপ দেখি নম্ৰভাৱে আছে সচকিত। ইকি ৰূপ দেখিয়া পুৰুষে ধৰে চিত॥ ১৮৮৯৭ দেখিলস্ত পাণ্ডৱৰ যজ্ঞৰ কালত। লক্ষেক ৰাজাৰ পত্নী আসিল লগত॥ বদন জ্বলয় যেন চন্দ্ৰৰ মণ্ডল। শাৰী শাৰী হুয়৷ যেন ফুলিল কমল॥ ১৮৮৯৮ তাসম্বাৰ ৰূপ দেখি থাকি থাকি চাই। ৰূপ দেখি সূৰ্য্যো ৰথ বাঢ়িয়া নযায়॥ প্ৰত্যেকত কৰি প্ৰত্যেকৰ তেজবলে। তাসম্বাত কৰিয়া তোৰেসে ৰূপ জ্বলে। ১৮৮৯৯ সত্যভামা প্ৰমুখ্যে কৃষ্ণৰ যত নাৰী। তাসম্বাৰ গুণনাম বৰ্ণাইতে নপাৰি। কৃষ্ণৰ পত্নীৰ কথ৷ কহিবোহে৷ কিক। তাসন্থাৰ সহিত তুমি মুহিব| অধিক॥ ১৮৯০০ সবাতো অধিক ৰূপে পাঞ্চালনন্দিনী। কমলবদনী সুশোভনী মধ্যক্ষীণী॥ নক্ষত্ৰৰ মাজে যেন জ্বলে চন্দ্ৰকলা। তেহো নোহে তবোধিক সুকুমাৰী বালা॥ '৯০১ যেনে মুঢ় নৰে মধুলোভে উঠে গাছে। মধুকে৷ নপাৱৈ পৰি আসি মৰে পাছে। শিল্পীকৰ্ম্ম আশে এই বাসা দিবো তোক। বাসা পাইয়া মাৰ যোনো উছাদস মোক॥১৮৯০২ তোমাৰ কটাক্ষ দৃষ্টি পৰে যাৰ গাৱে। কামশৰে থাকিবেক বিহ্বল স্বভাৱে। নৃপতি তোমাক দেখিবেক নিতে নিত। স্বতন্ত্ৰ নৃপতি কেনে ধৰিবন্ত চিত॥ ১৮৯০৩ পুত্ৰক আশায়ে গৰ্ভ ধৰস্ত কাঙ্কৰী। সেই পুত্ৰে খুলি খাই কাঙ্কৰী যাই মৰি। তোক বাসা দিবে৷ যেৱে নভাগে বসতি। দেৱী বোলে লঙ্ঘিবাক কাহাৰ শকতি॥ ১৮৯০৪ পাঞ্চোটা গন্ধৰধ মোৰ পতি বলৱন্ত। অদৃশ্যস্বৰূপে মোক সততে ৰাখস্ত॥ ১২+১ কাণ্য বচনে যেৱে যাচৈ বহু বিত্ত। জানিবা তথাপি মোৰ নচলয় চিত্ত। ১৮৯০৫ যদি মুঢ়ে লোভে-মোহে পৰশয় মোক। সেহিক্ষণে সিয়ো দেখিবেক পৰলোক | সাগৰে৷ শুখাই যদি মেৰুগিৰি লবে। চন্দ্ৰসূৰ্য্য খসি আসি পৃথিবীত পৰে। ১৮৯০৬ পৃথিবী উলটে বহ্নি হোৱয় শীতল। তথাপি মোহোৰ চিত্ত মুহিব চঞ্চল | মোৰ পাঞ্চপতি পাঞ্চ গন্ধৰ্ব্বকুমাৰ। প্ৰস্তাৱত তোমাক কৰিৰে উপকাৰ। ১৮৯০৭ হুদেষ্ণা বেলিন্ত তেৱে থাকা মোৰ ঘৰ। স্থান পায়৷ দ্ৰৌপদী বঞ্চিলা সাম্বৎসৰ॥ অনন্তৰে সহদেৱে গোপৰূপ ধৰি। হাতে গোৱালৰ ডাঙ্গ পশিলা নগৰী॥ ১৮৯০৮ বিৰাটৰ ৰখা গাই আছে যি থানত। বহিলস্ত সহদেৱ তাৰ সমীপত॥ দূৰতে নৃপতি সহদেৱক দেখিল। আথেবেথে ৰাজ৷ দুৱৰীক আদেশিল॥ ১৮৯০৯ আমাৰ সদৃশ এক ৰূপক বিশেষ। মোৰ সমীপত আৱে কৰায়ে৷ প্ৰবেশ হুৱৰী লৱৰ দিয়া গৈল আখেবেথে। তেতিক্ষণে প্ৰবেশ কৰাইলা সমাজতে। ১৮৯১০ নৃপতি পুছিল৷ বাপু তোৰ কোন নাম। কোন কৰ্ম্ম কৰছ তোমাৰ কোন গ্ৰাম সহদেৱে বোলন্ত শুনিয়ে৷ মহীপাল। যুধিষ্ঠিৰ নৃপতিৰ আছিলো গোৱাল॥ ১৮৯১১ আঠ লক্ষ ধেনু আৰো চল্লিশ হাজাৰ। একেবৰ্ণে আছিলেক পাণ্ডৱ ৰাজাৰ॥ সেহি গৰু ৰাখিলেক যতেক গোৱালে। তাৰ অধিকাৰী হুয়া আছিলোছে। পালে॥১৮৯১২ যত প্ৰহৰৰ ঠাই যত গৰু থিত। তাৰ গুণাগুণ মোৰ নাহি অবিদিত॥ যি বৃষৰ সূত্ৰগন্ধে বন্ধ্যা হোৱে জাত। সিয়ে৷ বৃষভক চিনো দৰশন মাত্ৰ। ১৮৯১