পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/২০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জয় জয় ধ্বনি তথ্বলে বঙ্গাৱে ঢোল। শঙ্খ সিংহনাদ লাগিল স্বৰ্গৰ কোল স্নান দান কৰি ৰাজাৰ পাশক গৈলা। নকুল সহদেৱ নমো নাৰায়ণ বীৰ বৃকোদৰ সবে একথান ভৈলা। ২১৫৩৭ বিঘিনি খণ্ডন কটকৰ ছানি সুৰাহুৰে কৰে সেৱ। তোমাৰ চৰণে শুনা নৰলোক কৃপা কৰা বাহুদেৱ॥ ভণে অনিৰুদ্ধ জুন্দুভি শব্দ ধৰিয়ে৷ হৰিৰ নাম। পশিলে৷ শৰণে ধনঞ্জয় হৰি মুকুতি মিলোক তৃতীয় আৰু চতুৰ্থ দিনৰ যুদ্ধ পদ চিত্ত হৌক শুদ্ধ ডাকি বোল৷ ৰাম ৰাম॥ ২১৫৩৮ ভীষ্ম পৰ্ব্ব বৈশম্পায়ন বদতি শুনিয়ে| মহাৰথ। যেন যুদ্ধ ভৈলা পাচে তৃতীয় দিনত প্ৰভাতে উঠিয়৷ পাচে নিত্যকৰ্ম্ম কৰি। লৰিলা যুদ্ধক কেশৱক আগ কৰি॥ ২১৫৩৯ যেৱে যুধিষ্ঠিৰ ৰাজা যুদ্ধত মিলিলা। ভীষ্ম সমে দুৰ্য্যোধন নৃপতি লৰিল৷॥ একঠাই ভৈলা কুৰু-পাণ্ডৱী কটক। ব্যাল্লিশ বাজনা বাজে উথলি স্বৰ্গক॥ ২১৫৪০ মহাৰথীগণে সবে হুয়৷ একসাঙ্গ। ভীষ্মক আৱৰি অৰ্জ্জুনক দিলা বাজ॥ প্ৰথমতে ভীষ্ম সাজিলন্ত ব্যুৎখান। পদ্মসম ব্যুৎখান কৰিলা নিৰ্মাণ॥ ২১৫৪১ তাহাতে ৰছিল৷ দুৰ্য্যোধন সহীপাল। তাহাৰ বাহিৰে চক্ৰব্যুহ বিশাল। 18 তাহাত ৰহিল৷ দ্ৰোণ সসৈন্যে জল্টাই। তাতপৰে নাগব্যুহ অধিকে খুৱাই। ২১৫৪২ অশ্বত্থামা কৃপ কৃতবৰ্মা অধিপতি। থানে থানে মহাবীৰ ৰহিলা সম্প্ৰতি॥ অনস্তৰে পাতিলা পিশাচ ব্যুহখান। দুঃশাসন ছুম্মহ হুম্মুখ আগুৱান॥ ২১৫৪৩ বাহিৰত পাতিলা ৰাক্ষস ব্যুহখান। প্ৰথমতে ভীষ্ম তাতে ভৈলা আগুৱান॥ আনো যত ৰাজাগণ সৈন্যসব লই। ভীষ্ম সেনাপতিক আৱৰি ৰৈল৷ গই। ২১৫৪৪ এহিমতে কৌৰৱে পাতিল ব্যূহখান। ধনঞ্জয় ব্যুহখান কৰিল৷ নিৰ্ম্মাণ॥ অৰ্দ্ধচন্দ্ৰ আকাৰে সমস্তে সৈন্য লই। ৰক্ষা কৰি থাকিলা সমস্তে ধনঞ্জয়॥ ২১৫৪৫ ভীমসেন নকুল নৃপতি ধৰ্ম্মৰাজ। সহদেৱ ৰক্ষা কৰি ফুৰে সামৰাঞ্জ॥ দুয়োদলে ব্যুহ পাতি সসৈন্যে জণ্টাই। সম্মুখে মাতয় ভীষ্ম অৰ্জ্জুনক চাই॥ ২১৫৪৬ শুনা ধনঞ্জয় মোৰ বচন সম্প্ৰতি। বৃথা কাজে মুনিষ বোলোৱা মহামতি॥ পাণ্ডৱৰ মধ্যত অৰ্জ্জুন বলৱন্ত। হেনসে যশস্যা বঢ়াইলন্ত ভগৱন্ত। ২১৫৪৭ যেন ঘুৱাই হৌক আজি তোমাৰ আমাৰ। এহি বুলি এক শৰ কৰিল৷ প্ৰহাৰ॥ হৃদয়ত পৰি পশ্চিলেক হলহলি। পীড়া পাই অৰ্জ্জুন ক্ৰোধত গৈলা জ্বলি॥ ২১৫৪৮ অলক্ষিতে এক শৰ হানিলা তেখনে। পৰশিল৷ শৰে দুই ভীষ্মৰ চৰণে॥ মনে মনে দিয়া ধূপ দীপ উপহাৰ। দুই শৰে চৰণ পূঞ্জিল! গাঙ্গেয়ৰ। ২১৫৪৯ ধনুখান ধৰি বীৰে কৰিলা টঙ্কাৰ। একে লগে প্ৰহাৰিলা বত্ৰিশ হাজাৰ। জৰ্জৰিত তৈলা সৰ্বৰ্ব্ব গাৱে বিষ জ্বলি। ৰথৰ উপৰে বীৰ পৰিলে ঢলি। ২১৫৫-