পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঐৰাৱত কূলে জাত খৃষ্টপুষ্ট কায়। সিন্দুৰে কুকুমে মণ্ডি আছে ঠাই ঠাই। ২১৪৭৯ প্ৰত্যেকৰ কপালত সোণাৰ দৰ্পণ। সবাৰে লগত গজঘণ্টা ঠন ঠন। গুগুত লোহাৰ ভাঙ্গ শত শত ভাৰ। সবাৰে গাৱত শুদ্ধ শলাকা লোহাৰ॥ ২৪০ হেন ৰথসব সাজে যুদ্ধৰ সম্ভত। ত্বৰিতে লৰিলা দুৰ্য্যোধনৰ ইঙ্গিত॥ অৰ্জ্জুনৰ শৰে সব সৈন্যৰ মৰণ। হেনবেলা ভগদত্তে পুৰুজ্জাইলা বণ॥ ২১৪৮১ কৌৰৱৰ বীৰগণ লাগিল৷ উজাৰ। উচল পাচল ভৈল পাশুৱী সেনাৰ। যুদ্ধ এৰি ধনঞ্জয় ৰৈল৷ সন্মুখত। ইটো কোন জন আসে পুছত্ত কৃষ্ণত। ২১৪৮২ মাধৱে বোলন্ত সখি বৰ অদভুত। এহি ভগদত্ত ৰাজ৷ নৰকৰ হুত॥ দুৰ্য্যোধন নৃপতিৰ প্ৰাণসম সখি। তোমাক যুজিষে আসে ভীষ্মক উপেক্ষি॥ ৮৩ নতু যুদ্ধ কৰন্তে সৈন্যৰ বৃদ্ধি হত। ভীষ্মত অধিক যুদ্ধ তোমাৰ লগত॥ সৈন্য মাৰি আসন্ত তোমাক প্ৰতি ৰণে। ৰাজাগণ লৈয়া যুদ্ধ কৰা ৰঙ্গমনে॥ ২১৪৮৪ সঞ্জয় বোলন্ত শুনিয়োক মহাৰাজ। পাচে ভগদত্তে যেন কৰিলন্ত কাজ | পাওৱী দলত যেন প্ৰৰেশিলা যম। কোনে সহিৰেক তাৰ ধনুৰ বিক্ৰম। ২১৪৮৫ ভীমসেন নকুল নৃপতি ষুধিষ্ঠিৰ। সহদেৱ বিৰাট সম্পদ কাশীবীৰ | সমৰক প্ৰতি একে লগে দিলা ধাৰ। গাৱে গাৱে শৰকৃষ্টি কৰিল৷ অপাৰ॥ ২১৪৮৬ সবাকে৷ মাৰিলা শব্দে নাথাকিলা কেৱ। একমাত্ৰ হসিলা অহন বাসুদেৱ অৰ্জুনক চাই কৃষ্ণে কহিলা বুজাই। হেনমতে সখি শাক ২১৪৮৭ 5848 শুনিয়ো সঙ্কেত কথা বীৰ ধনঞ্জয়। ভ্ৰুৱে ঢাকি আছে যাৰ চৰণ জুতয়॥ বৃহত শৰীৰ তাৰ চক্ষু লম্বোদৰ। ভ্ৰূৱে ঢাকি অন্ধ কৰে চক্ষুৰ কোটৰ। ২১৪৮৮ বস্ত্ৰে বান্ধি উপৰক তুলি ভ্ৰূৱ ছুই। যুদ্ধত সম্মুখে পৰে ঊৰ্দ্ধদৃষ্টি হুই যদি আৰু জিনিবা মোহোৰ বোল ধৰা। অৰ্দ্ধচন্দ্ৰ শৰে কাটি বস্ত্ৰ দূৰ কৰা॥ ২১৪৮৯ ভ্ৰূৱে ঢাকি চক্ষুক কৰোক অন্ধকাৰ। অবিলম্বে জিনিবাহা নৰককুমাৰ॥ কৃষ্ণৰ বচনে বীৰবৰ সব্যসাচী। ভূণ হস্তে অৰ্দ্ধচন্দ্ৰ শৰ লৈলা বাছি॥ ২১৪৯০ সঙ্কেতে হানিলা মাধৱৰ আজ্ঞা পাই। শৰে কাটি বসন পেলাইলা উৰুৱাই॥ দুই চক্ষু ঢাকিলেক ওলমিল মুখ। ছিদ্ৰ পাই অৰ্জ্জুনৰ উল্লসিল মুখ॥ ২১৪৯১ অসংখ্যাত শৰে নৃপতিক দিলা জাক। খুৰ শৰ হানি ছেদিলেক কাণ নাক॥ বিষে জৰ্জৰিত হয়। নথাকিলা ৰই। মণ্ডল আকাৰে ৰথ সহিতে ফুৰাই। ২১৪৯২ গৰকি মাৰয় সবে সেনা পাণ্ডৱৰ। হেন দেখি খেদি লাগ লৈলা বৃকোদৰ। দশ যে হাজাৰ হস্তী ৰথ আৱৰণ। ভীমৰ হাতত যেন কদলীৰ বন # ২১৪৯৩ মৃগৰ মধ্যত যেন প্ৰমত্ত কেশৰী। মাৰিধে লাগিল৷ হস্তী দৌলাদৌলি কৰি। লাঞ্জে মুণ্ডে জপাই ধৰিল৷ দিগ্‌গজক। সন্ধানে মায় দলি তুলি উপৰক। ২১৪৯৪ গদা কোবে কাহাৰে৷ ভালিলা শিখুলি। এহিমতে হস্তীযূধ মাৰিলা সমুলি॥ শোণিতৰ নদী বহে ৰণভূমি জুৰি। কতো কতো সেনাগণ মৰে ঊটি বুধি॥ ২১৪৯৫ সাস্তোৰন্তে ফুৰয় গাৱৰ নাহি থামি। আছোক বুজিবে অস্ত্ৰ-শস্ত্ৰখণে হাৰি।