পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহাভাৰত $848 বাৰে বাৰে প্ৰভু মোক ৰাখিছা সঙ্কটে। শুধু কৃপা বিনে মোৰ জীৱন নঘটে। ২১৪৬২ মৰণক ভয়ে মই দঢ়াইলো নিশ্চয়। কৈত আছে ভীষ্ম দেখায়োক কৃপাময়॥ তাৱক্ষণে ৰথখান কৃষ্ণে দিলা মেলি। ভীষ্ম অৰ্জ্জুনৰ এৱে শুনা যুদ্ধ কেলি॥ ২১৪৬৩ সঞ্জয় বোলন্ত ৰাজা শুন! সাবধানে। কুক-পাণ্ডৱৰ যত বীগণ মানে। থানে থানে ৰৈলা দুইহাত্তৰ বঙ্গ চাই। সিবেলাৰ সমৰ কাহাকে কেৱে নাই॥ ২১৪৬৪ কৃষ্ণ-ধনঞ্জয় ৰৈল৷ ৰথ চমু কৰি। ভীষ্ম এৰে এৰা কৰি ভৈল কুৰি ভৰি॥ গোবিন্দ সাৰথি সমে বীৰ ধনঞ্জয়। যেন ৰবি শশী লগে প্ৰকাশ কৰয় # ২১৪৬৫ ত্ৰিভুবন মোহন কৃষ্ণৰ ৰূপ দেখি। ৰথ চযু কৰি বীৰে চাৱয় নিৰেখি॥ ভীষ্ম কৃষ্ণ অৰ্জ্জুনৰ চক্ষু একে ঠাই। চক্ৰাকাৰে ফুৰিবে লাগিলা ৰথ বাই॥ ২১৪৬৬ খনে৷ পৃথিৱীত খনো দেখি আকাশত। কতো ওচৰত কতো দেখিবা দূৰত॥ চিনিবে নোৱাৰি ৰথ ভীষ্ম অৰ্জ্জনৰ। কোনবা অৰ্জ্জুন ভীষ্ম কোন দামোদৰ॥ ২১৪৬৭ আটোপে হানয় শৰ দুইকো দুই চাই। নপাৱে ওচৰ শৰ দশোদিশে যায়॥ গোবিন্দ সাৰথি যাৰ জগত মঙ্গল। বিপোহে৷ বাঢ়িবে গৈলা অৰ্জ্জুনৰ বল॥ ২১৪৬৮ মহাবীৰসবৰ সাৰথি চূড়ামণি। জগতমঙ্গলে কৰিলন্ত শঙ্খ ধ্বনি॥ ত্ৰিভুবন বিজয় কৃষ্ণৰ শঙ্খনাঙ্গে। আকাশে পূৰিলা দেৱে দুন্দুভি সম্বাদে। ২১৪৬৯ মাধৱে বেলিন্ত সখি হন। সাৱধান। ওলটাই পাশক ৰাখিলা ৰথখান। আসন্তে ভীষ্মক পাইল৷ বীৰ ধনঞ্জয়। খুৰ শৰ প্ৰহাৰিলা ভীষ্মৰ হৃদয়॥ ২১৪৭০ প্ৰহাৰক মনে ভীষ্ম উলটি চৰস্তে। সম্মুখে ৰখক চপাই দিলা ভগৱস্তে অৰ্জুন প্ৰহাৰ কৰে ছিদ্ৰক আঞ্চলি। হেন দেখি ভীষ্ম মহাকোপে গৈলা জ্বলি॥ ৭ সাৰথিক বোলে অৰে কিবা আছা চাই। অৰ্জ্জুণে সহিতে ৰথ কৰা একণ্ঠাই! ডাকিলেক ৰথখান সাৰথি হুজান। ত্বৰিতে চপাইলা অৰ্জ্জুনৰ সন্নিধান॥ ২১৪৭২ সেহি বেগে ধনুত জুৰিল৷ এক শৰ। প্ৰকাশ কৰয় যেন উদয় ভাস্কৰ॥ যিটো শৰে পশু ৰাম ভঙ্গ দিলা ৰণে। সেহি শৰ ভীষ্ম আনি জুৰিলম্ভ গুণে॥ ২১৪৭৩ মাধৱে বোলন্ত সথি ভৈল সৰ্বনাশ। ভীষ্ম শৰ্জাল পাইল সেণ্ঠৰে নেৰাস!! হেন শুনি ধনঞ্জয় ভৈলা সাবধান। জুৰিলা ধনুতে আনি সৰ্পমুখ বাশ॥ ২১৪৭৪ জ্বালায়ে ব্যাপিলা মহী গগনৰ বাট। বিমানে দেৱতাগণ পলাই দিল৷ ফাট # আৰো এক অৰ্দ্ধচন্দ্ৰ প্ৰহাৰিলা ডাটি। খণ্ড খণ্ড কৰিয়৷ ভীষ্মৰ শৰ কাৰ্টি। ২১৪৭৫ সৰ্পমানে বিষময়ে শৰ সৈন্য জুৰি। বীগণ পলাইবে লাগিল৷ ৰহৰি। দুৰ্য্যোধনে দেখে সৰ্ব্ব সেনাৰ জঞ্জাল। ঊনশত ভাতৃ সমে ভৈলা এক থল॥ ২১৪৭৬ ভগদত্ত ৰাজাক মাতয় কুৰুবীৰ। সখি তুমি যুদ্ধক সম্বৰে হৱা থিৰ॥ সেনাসবো উপজিলা অৰ্জ্জুনৰ শৰে। ভীষ্ম সেনাপতি বৰ পীড়িত ভাগৰে। ২১৪৭৭ শৰজালে সবাৰে গাৱত নাহি তত। বাঢ়ি ৰণ কৰা প্ৰাণসখি ভগদত্ত | হেন শুনি ভগদত্ত কামৰূপেশ্বৰ। অৰ্জ্জুনক যুজিবে সাৰ্ভিস একেশ্বৰ ২১৪৭ হাজাৰ হস্তীৰ ৰথখান ভয়ঙ্কৰ। একৈক হস্তীৰ গাৱে বল শতেকৰ # H