পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

182 সেহি ধনুখান লৈয়৷ ৰুক্ম মহাবীৰ। বাসৱৰ বৰে হৈল অবধ্য শৰীৰ॥ তপস্যাৰ পৰা আসি দেখে বিদ্যমান। কুৰু পাণ্ডৱৰ যুদ্ধ মিলিছে সিথান॥ ২১১৬৪ দেখি ৰুক্ম বীৰে বসি গুণিলা মনত। কৃষ্ণক মুহুব্জে৷ মই ইন্দ্ৰৰ বাক্যত॥ কৌৰৱক যুজো মই এহি ধনুবাণে। ইষ্টতা কৰিবে৷ কৃষ্ণ অৰ্জ্জুনৰ থানে॥ ২১১৬৫ যদি কৌৰৱক মই জিনোহো ৰণত। যশস্যা ৰহিবে মোৰ তিনিয়ো জগত। তেৱেসে পাগুৱে মোক কৰে মিত্ৰৱতি। যাদৱক জিনো পাচে পাশ থেড়ি পাতি॥ ২১১৬৬ এহি বুলি ৰুক্ম নিজ সৈন্য লৈয়া সঙ্গে। হস্তী ঘোৰা অসংখ্য পদাতি লৈয়া ৰঙ্গে। তিনি অক্ষৌহিণী সেনা সসৈন্যে জণ্টাই। পাণ্ডৱৰ থানে গৈলা পৃথিৱী কম্পাই। ২১১৬৭ সৈন্যৰ মোহলা কৰি পাণ্ডৱ আছস্ত। কুন্দুভি শব্দ কতোদূৰে শুনিলন্ত॥ মাধৱে সহিতে সবে নিহালিয়া চাই। ৰুক্মবীৰ আসৈ কতোদূৰে ভেট পাই॥ ২১১৬৮ ভয়ঙ্কৰ জ্বলে আতি বাসৱ সমান। ত্ৰিভুৱনে নতু দেখি পৰম সুঠান॥ তপৰ প্ৰভাৱে আতি ভয়ঙ্কৰ জ্বলে। দেখি মহাভয় ভৈলা পাণ্ডৱসকলে॥ ২১১৬৯ পাণ্ডৱৰ বীৰগণে শৰ ধৰ্ম্ম লৈলা। অস্ত্ৰ শস্ত্ৰ ধৰি সবে বাজু পাতি ৰৈলা॥ দেখি ৰুক্মবীৰে পাচে পঠাইলন্ত চৰ। ঘোৰ ৰণে সথা আমি ভজিবো তোমাৰ॥ ২১১৭০ শুনি যুধিষ্ঠিৰে আগবাঢ়ি আনিলন্ত। কক্মবীৰ আসি সমাজত ৰহিলস্ত॥ সিংহাসনে দিয়াইলা নৃপতি যুধিষ্ঠিৰ। সসৈন্যে বসিলা তাতে ক্ম মহাবীৰ॥ ২১১৭১ পাচে যুধিষ্ঠিৰ ৰাজা কৰি সতকাৰ। পুছিলা কি কাৰ্য্যে আইলা পাশক আমাৰ। ত্ৰৈলোক্য বিজয় ধনু আপুনাৰ হাতে। পৰম প্ৰচণ্ড দেখো বাসৱ সাক্ষাতে॥ ২১১৭২ কৃষ্ণৰ কুটুম্ব তুমি জানো অভিপ্ৰায়। সি কাৰণে হৈব৷ তুমি আমাৰ সহায়॥ বৈশম্পায়ন বদতি শুনিয়ো নৰেশ্বৰ। হেন শুনি ৰুক্মবীৰে দিলেক উত্তৰ। ২১১৭৩ হুইতো মহাৰাজ আসি আছো তযু ঠাই। কুটুম্ব সম্বন্ধে হুইবো যুদ্ধত সহায় কিন্তু মোৰ শুনা আৰে অভিপ্ৰায়খানি। মই যেন ৰাজা তাক ত্ৰিজগতে জানি॥ ২১১৭৪ সাক্ষাততে মাধৱে জানন্ত মোৰ বল। ৰুক্মিণী হৰণে যেন ঘোৰ যুদ্ধ ভৈল # প্ৰচণ্ড বিক্ৰম মোৰ শৰ গুৰুতৰ। সম্মুখ সমৰে হাৰিলন্ত গদাধৰ। ২১১৭৫ অন্যায় কৰিয়া মোৰ হৰিলে ৰুক্মিণী। ইটো কথ৷ মাধৱত পুছিয়ে৷ আপুনি॥ পুনৰপি ৰুক্মবীৰে মাতিলেক পাচে। ৰাজাগণ সমে যুধিষ্ঠিৰে শুনি আছে। ২১১৭৬ ৰুক্মবীৰ বদতি শুনিয়ো ধনঞ্জয়। কুৰু সমুদ্ৰত যদি আছে তোৰ ভয়॥ তেৱে আজি সমস্তে দেখোক বিদ্যমান। এতিক্ষণে শৰণ পশিয়ো মোৰ থান॥ ২১১৭৭ তই যাক নপাৰস কৰো অঙ্গীকাৰ। একেশ্বৰে কৌৰৱ কুলৰ চিন্তে৷ মাৰ॥ আছন্তোক ভীষ্ম দ্ৰোণ আদি ৰাজা মান। একেশ্বৰে মাৰি মই দেওঁ ৰাজ্যখান॥ ২১১৭৮ বৈশম্পায়ন বদতি শুনিয়ো নৰেশ্বৰ। ৰাজাগণে শুনিলেক বচন বীৰৰ। ঘোৰ কৰ্ম্ম কৰিবেক ৰঙ্গ হুয়া ৰৈল। সেহিবেলা ধনঞ্জয়ে বুলিবাক লৈল॥ ২১১৭৯ ধনঞ্জয় বদতি শুনিয়ে ক্মবীৰ। হুইতে৷ মই পৰাক্ৰমী নিজ শৰীৰ॥ কিন্তু মোক চিনিধি পাওৱকূলে জাত। যাৰ সখি দামোদৰ জানিবি সাক্ষাত। ২১