উদ্ভোগ পৰ্ব্ব পুনৰপি ভীষ্ম বোলে দুৰ্য্যোধন ৰায়। নৃপতিৰ ধৰ্ম্ম বাপু কহিবে৷ বুজায়॥ ২১১৪৭ আগবাঢ়ি ঘোৰ ৰণে মুযুজিবে ৰাজা। সবে সমদলে যুজে সেনাপতি প্ৰজা॥ ৰণভূমি এৰি দুই প্ৰহৰ অন্তৰে। চকি দিয়া তথাতে থাকিব৷ নবেম্বৰে॥ ২১১৪৮ আকে জানি বাপু তই থাকিবি পাচত। পাওৱক যুজো মই ঘোৰ সমৰত॥ দুৰ্য্যোধনে বোলে মই নেদেখোছো ভাল। সমৰ কৰিবে যুধিষ্ঠিৰ মহীপাল॥ ২১১৪৯ মই কেনে থাকিবো লুকাই পাচ হুই। লোকে হাসিবেক যোক চৰম লগাই। হেন দেখি ভীষ্মে বোলে নৃপতিগণক। শুন শ্ৰুতায়ুধ নৰ কম্বোজ শঠক॥ ২১১৫০ বত্ৰিশ হাজাৰ যাস সসৈন্যে জণ্টাই। দুৰ্য্যোধন ৰাজ্জাক ৰাখিবি সৰ্ববদায়॥ তোক শিক্ষা দেওঁ শুনা ৰাজা দুৰ্য্যোধন। খেদি যায় পাশুৱক নকৰিবি ৰণ॥ ২১১৫১ দেৱতাৰ শৰজালে পাণ্ডৱসকলে। দূৰত থাকন্তে শিৰ কাটে ততকালে যদি যুদ্ধ লাগে তই পাঞ্চিবি আমাক। দ্ৰোণ আদি কৰি যিবেলাত পাস যাক॥ ২১১৫২ আৰো কথা কহো মই শুন ৰাজাগণ। ৰাজাৰ সোদৰ যুৱৰাজ দুঃশাসন॥ তোমাৰ সোদৰ আসি আছে যত যত। দুঃশাসন বীৰক ৰাখিৰি সমৰত॥ ২১১৫৩ দুৰ্য্যোধন পুত্ৰ যিটো লক্ষ্মণকুমাৰ। বত্ৰিশ হাজাৰ ৰাজপুত্ৰ ৰক্ষা কৰ অৱশেষ ৰাজাগণ থাকা মোৰ ঠাই। যুদ্ধ সময়ত আমি নিবন্ধিবে৷ যাই। ২১১৫৪ বৈশম্পায়ন বহুভি শুনিয়ে যেম্বৰ। ভীষ্মক ৰাজাৰ পুত্ৰা ৰুদ্ৰ বীৰৰ ১৪৩১ যি বেলাত দামোদৰে ৰুক্মিণী হৰিলা। সিবেলাত ৰাজাগণে বেঢ়ি যুদ্ধ দিলা॥ ২১১৫৫ পলাইলা সমস্তে শব পায়৷ মাধৱৰ। পাচে কক্স বীৰে কৰিলেক অঙ্গীকাৰ। কৃষ্ণক নমাৰি ৰুক্মিণীক নেমেলাই। নপশিবো কুণ্ডিলত আৰক৷ দুনাই॥ ২১১৫৬ এহি বুলি কৃষ্ণক কন্মেয়ে৷ দিলে ধাৰি। তিনি অক্ষৌহিণী সেনা লগে ভৰি পূৰি। কৃষ্ণৰ হাতত অঙ্গীকাৰ ভৈল ছন্ন। সি ঠাৱতে নগৰ পাতিলা বিতোপন৷ ২১১৫৭ ভোজকট নাম থৈলা সিটো নগৰৰ। কতো দিন সেহি থানে আছিলা কুমাৰ॥ কতো দিন অন্তৰত তাহাকে৷ তেঞ্জিলা। বোলে কি কাৰণে জীউ যাদৱে জিনিলা। ২১১৫৮ কিম্পুৰুষ সিংহ আছে গন্ধমাৰ্দ্দনত। তানে ঠাই ধহুৰ্ব্বেদ শিখিলেক যত॥ তথাহস্তে যাই বাসৱক আৰাধিল। বৎসৰ অন্তৰে আসি ইন্দ্ৰে দেখা দিল # ২১১৫৯ কক্সবীৰে বৰ খোজে বাসৱক পাই। তযু নিজ ধনু মোক দিয়োক গোসাই॥ কৃষ্ণক জিনিবে৷ মোক দিয়া এহি বৰ। নিজিনোক মোক জগতৰ ধনুৰ্দ্ধৰ॥ ২১১৬০ বাসৱে বদতি কথা শুন। বিদ্যমান। ত্ৰিভুৱনে খ্যাত মোৰ ধলু তিনিখান॥ অৰ্জ্জুনৰ গাণ্ডীৱ বিজয় ধনু ঘোৰ। কৃষ্ণৰ শাৰঙ্গ যেন পৰাক্ৰম মোৰ॥ ২১১৬১ লৈয়োক বিজয় ধলু হেৰা দিলে৷ মই। আকে ধৰি পৃথিৱীত লভিয়ো বিজয় ইয়ে| বৰ দিলোহে৷ জিনিবি জগতক। কিন্তু ইটো ধনু নুযুজিবে মাধৱক॥ ২১১৬২ কৃষ্ণ বলভদ্ৰ দুই জগত কাৰণ। তাসম্বাৰ হাতে আছে তোহোৰ মৰণ॥ আন যাক যুঞ্জস হৈবেক স্বৰ্ণ জয়। এহি বুলি অন্তৰ্থান তৈল মহাশৰ ২১১৬৩
পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৭৩
অৱয়ব