পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪০০ শখ চক্ৰ গদ৷ পদ্ম আদি অস্ত্ৰগণে। মূৰ্ত্তি ধৰি উপাসন্ত কৃষ্ণৰ চৰণে ৳ ২০৬৪৮ দিব্য অলৌকিক ৰূপ জ্যোতিৰ্ম্ময় ভৈল। চক্ষু মুদি সমস্ত কৌৰৱ পৰি ৰৈল। যিব৷ যৈত আছিল পৰিল সেহি থানে। সিটে৷ মাধৱৰ ৰূপ নেদেখিল আনে৷ 20649 নেদেখিলে আনো ৰাজাগণ সামৰাজে। মহাভক্ত শিষ্ট সাধু চাৰ্জিন বাজে। ভাষ্ম দ্ৰোণ বিদুৰ যে স্লঞ্জয় মহস্তে। এহি চাৰি সিটো ৰূপ দেখিল সাম্প্ৰতে॥ ২০৬৫০ মহাভাৰত চাৰিকে৷ দিলন্ত কৃষ্ণে দিব্যচক্ষু দান। আৰে৷ সপ্ত ঋষিগণে দেখি বিদ্যমান। শুভ শুভ কৰিলেক আদৰিত মনে। পুষ্প বৃষ্টি কৰিলেক সপ্ত ঋষিগণে॥ ২০৬৫১ শ্ৰীকৃষ্ণৰ হস্তিনাপুৰ ত্যাগ আৰু যুধিষ্ঠিৰক আদেশ দান বৈশম্পায়ন বদতি শুনিয়ে৷ জন্মেজয়। সহিলন্ত কৃষ্ণে কৌৰৱৰ দোষচয়॥ পাণ্ডৱৰ হাতে সবে মৰাইবাক মনে। কাটিবাক পাৰিয়া ক্ষেমিলা নাৰায়ণে॥ ২০৬৫২ এহিমতে আছিলেক ঘটি তিনি চাৰি। পাচে সিটো ৰূপ তৈত এৰিলন্ত হৰি। গুচিলন্ত সবে মায়া একেশ্বৰ ভৈলা। কৌৰৱক কোপমনে গৰ্জ্জিবাক লৈলা॥ ২০৬৫৩ শুন অৰে দুৰ্য্যোধন তোৰ লাজ নাই। আমাক নধৰি কেনে আছষ পলাই॥ নকাটিলে৷ তোক মই কাটিবাক পাৰি৷ ভীম অৰ্জ্জুনৰ দুইৰো অঙ্গীকাৰ স্মৰি॥ ২০৬৫৪ এহি বুলি আসনৰ উঠিলন্ত হৰি। ভীষ্ম দ্ৰোণ বিহুৰক বচনে সাদৰি। কৃতবৰ্মা সাত্যকিৰ ধৰিলগু হাতে। নিজ ৰথে চৰি চলি গৈলা জগন্নাথে। ২০৬৫৫ APPARAT বিছুৰৰ গৃহে গৈয়া প্ৰবেশিলা হৰি। বিদায় কৰিল৷ কুন্তীক নমস্কাৰ কৰি॥ কুন্তীয়ে৷ পুত্ৰক প্ৰতি দিলন্ত সন্দেশ। আগবঢ়াই কৃষ্ণক পঠাইলা মহাস্নেহ॥ ২০৬৫৬ কৃষ্ণক দেখিবে মনে সঙ্গে বিপ্ৰগণ। আগবাঢ়ি আসিলেক ৰাধাহুত কৰ্ণ॥ কৃষ্ণৰ পাৱত গৈয়া কৰি নমস্কাৰ। কৰ্ণে বোলে প্ৰভু দোষ ক্ষেমিয়ো ইবাৰ॥ ২০৬৫৭ হেন শুনি অম্ল কৰি হাসিলস্ত হৰি। নিজ ৰথে চড়িলা কৰ্ণৰ হাতে ধৰি। চাহি আছে নগৰৰ নৰনাৰীগণ। ৰথ ডাকি চলি গৈলা দেৱ নাৰায়ণ॥ ২০৬৫৮ কৃতবৰ্ম্মা সাত্যকি সহিতে যত বীৰ। কৃষ্ণৰ সঙ্গত চলি যাস্ত ধীৰে ধীৰ॥ এহিমতে চলি যাস্ত দেৱ নাৰায়ণ। কৰ্ণক সম্বুধি পথে বুলিলা বচন। ২০৬৫৯ শুনা শুনা কৰ্ণ আৱে বচন আমাৰ। মহামানী তুমি কিয় নকৰা বিচাৰ॥ মহামানী তুমি আদিত্যৰ প্ৰিয় স্থত। যাৰ ভৰে নামি আছে পৃথিবী বহুত। ২০৬৬০ তোমাক হেনসে কুৰু সমাজত কহে। সাৰথিৰ পুত্ৰ বোলে ইকি গাৱ সহে॥ নতু শুনা তুমি ইটো সংগোপ্য কাহিনী। কুন্তীৰ গৰ্ভত জন্ম লভিছা আপুনি॥ ২০৬৬১ সবে চেৰী লোকে ৰাধাকুত বুলি কৰে। হেন শুনি আমাসাৰ কিবা গাৱ সহে॥ পৰাধীন জনৰ নাহিকে কিছো সুখ। সদায় মনত মাত্ৰ মুগুচয় দুখ॥ ২০৬৬২ মহাৰাজ৷ কুলবধূ গুণাকৰ গুণে। হেনয় কুত্তীত জন্ম লভিছা আপুনে। আপুনাৰ জন্মৰ সংগোপ্য বাৰ্ত্তা পাই। কি কাৰণে আছা তুমি কৌৰৱৰ ঠাই। ২০৬৬৩ পৰগৃহে পিন্ধে যদি হুৱৰ্ণকঙ্কণ তথাপিতো ধিক তাৰ নিষ্ফল জীৱন।