উদ্যোগ পৰ্ব্ব হেনয় অদ্ভুত মায়া নতু দেখি শুনি। কাকে৷ কেৱে নিচিনিল পৰ কি আপুনি। '৩১ এহিমতে আছিলেক ঘটি তিনি চাৰি। পাচে সিটে৷ ৰূপ তৈতে এৰিলন্ত হৰি। গুচিল সবাৰে ৰূপ চিনাচিনি তৈলা। মহাকোপে কৌৰৱক বুলিবাক লৈলা॥ ২০৬৩২ শুন অৰে পাপিষ্ঠ দুৰ্ম্মতি দুৰ্য্যোধন। একেশ্বৰ দেখি মোক ধৰিবাক মন॥ কাকে। লগে নেদেখি মনত অনুৰাগ। খানিতেক ৰহু সবাহাঙ্কে পাইবি লাগ॥ ২০৬৩৩ দেখি দুৰ্য্যোধনে পুনৰপি বোলে ধৰ। শুনি ৰাজাগণ উঠিলেক আসনৰ॥ ধৰিবাক লাগি সবে কাচি পাৰি যায়। হেন দেখি হাসি তুলিলন্ত যদুৰায়॥ ২০৬৩৪ হৃদয়ত কোপ মুখে হাসি বিতোপন। কাঠ হাসি হাসিলন্ত দৈৱকী-নন্দন॥ কৌৰৱক কোপে কৃষ্ণ অস্তক সাক্ষাত। প্ৰথমতে কপালত ব্ৰহ্মা ভৈলা জাত॥ ২০৬৩৫ দুই বাহু হস্তে দশ দিকপাল ভৈলা। কৌৰৱক কোপমনে গৰ্জ্জিবাক লৈলা॥ হৃদয়ত হস্তে একাদশ কদ্ৰগণ। কৌৰৱক কোপমনে গৰ্জ্জন্ত সঘন॥ ২০৬৩৬ নিজ ৰথে চড়ি পাণ্ডৱৰ পাঞ্চো ভাই। ছাপন্ন কোটি যাদৱ মিলিল সেহি ঠাই। মাধৱৰ সখি ধনঞ্জয় মহাবল। বামে বলভদ্ৰ বীৰ লাঙ্গল মুষল | ২০৬৩৭ একাদশ ৰুদ্ৰগণে ত্ৰিশূল উচ্চাই। মাৰ মাৰ কৰি কৌৰৱক খেদি যায়। তিৰিমিৰি দেখি চক্ষু কণা যেন ভৈল। বিস্ময় দেখিয়া সবে কৌৰৱ পলাইল॥ ২০৬৩৮ প্ৰথমতে ৰাজা দুৰ্য্যোধন পলাই গৈল। ভীষ্মৰ খাটৰ তলে পৰি লুকাই ৰৈল। তথাপিতো গাৱ কাম্পে চাৱে আগপাচ। প্ৰচণ্ড বাতাসে যেন কদলীৰ গাছ॥ ২০৬৩৯ ১৩৯৯ দুঃশাসন সমে তাৰ ঊনশত ভাই। গহীন গৰ্ভত পৰি থাকিলা লুকাই॥ দুৱাৰ চুকত পৰি থাকিলেক কৰ্ণ। গালে মুখে মাটি ঘঁসি ভৈলেক বিবৰ্ণ॥ ২০৬৪º শকুনি পৰিল মৃতকৰ বেশ ধৰি। পেট গোট উথসাইল চক্ষু ঢেলা কৰি। ভগদত্ত ৰাজা খেৰ সোটা লৈয়া মাথে। জানু পাৰি ভূমিত পৰিলা আথেবেধে॥ ২০৬৪১ জয়দ্ৰথ ৰাজাৰ লাগিল বেবুৱাই। পেট উখসায়া মুৰ্খ মেলিয়া ফোঁফাই॥ আপোনাৰ খড়গত আপুনি কটা যায়। হুশৰ্ম্মায়ো পৰিলন্ত হামকুৰি খাই॥ ২০৬৪২ আনো যত ৰাজাগণ পলাই বিভঙ্গে। ভীষ্ম দ্ৰোণ বিহুৰে হাসন্ত মনৰঙ্গে কৃষ্ণৰ ৰূপত দশোদিশ চমকিল। হাজাৰ আদিত্য যেন লগে দেখা দিল। ২০৬৪৩ প্ৰদ্যুম্নক আদি কৰি যাদৱসকল। শঙ্খ শিঙ্গ৷ যাৱত মেদিনী তলমল ধনুক টঙ্কাৰ কৰি সমৰক জাম্পে। পাৱৰ সন্ধানে ঘনে ঘনে মহী কাম্পে। ২০৬৪৪ একাদশ ৰুদ্ৰগণে ত্ৰিশূল উচ্চাই। প্ৰলয়ৰ মেঘে যেন গৰ্জ্জি খেদি যায় অৰ্জ্জুনে গাণ্ডীৱ ধনু টঙ্কাৰ কৰিল। দশোদিশ পূৰিল সাগ৷ে থলকিল॥ ২০৬৪৫ কৌৰৱক ক্ৰোধত যুৰিল৷ পাশুপাত। সুৰাহুৰ দৈত্য দানৱৰ ভৈল ব্ৰস্ত! মেৰু গিৰি লৰিলেক যত গিৰিবৰ। মহাভয়ে খলকিল সপত সাগৰ # ২০৬৪৬ পথ এৰি উজনিক ৰহে নদ নদী। পাশুপত্ৰ অস্ত্ৰ বীৰে জুৰিলেক যদি বলোভদ্ৰে হস্তিনাপুৰক ধৰি বলে। সমুদ্ৰক টানি নেই উভাৰি লাঙ্গলে। ২০৬৪৭ মধ্য সিংহাসনে নিজৰূপে ভগৱন্ত। ধৃতি পুষ্টি কান্তি লক্ষ্মী যাৱে উপাস্য
পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৪১
অৱয়ব