পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৩২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহাভাৰত ১৩৯০ দেখা দেখা কৰ্ণ তুমি কৃষ্ণৰ মহত। সভাযাজে মোক লাজ কৰিলেক যত॥ সভামাজে হাতে ধৰি গৈলো যাচিবাক। নুবুলিলে মোক কৃষ্ণে সমুচিত বাক॥ ২০৪৮২ আৰো বোলে অন্ন মুভুঞ্জিবো তযু ঘৰে। দেখা দেখা মোক অৱহেলা যাদৱৰে। এনে লক্ষ কৃষ্ণে যদি নখাই মোৰ অম্ল। তেৱে দুৰ্য্যোধনক বাছয় কোন জন॥ ২০৪৮৩ সৰ্ব্বকালে জানো ইটো-কপটৰ ঘাই। পাশুৱেয়ে৷ ৰাজ্য খোজে আকে সখ৷ পাই। কৃষ্ণক ধৰিবে৷ কালি সমাজৰ মাজে। আৱে মোৰ আদেশ শুনিয়ে৷ সামৰাজে॥ ২০৪৮৪ মহাৰথীগণ সাব্জি যাইব৷ বাজ লই। বেঢ়ি বেঢ়ি কৃষ্ণক থাকিব৷ সাজু হুই॥ আমাৰ সঙ্কেত আনে জানিবে নলাগে। সমদল কটকে কৃষ্ণক ধৰা আগে॥ ২০৪৮৫ সাত্যকিকে৷ ধৰি পাচে দাৰুককো ধৰ। তিনিয়োজনক একেলগে বন্দী কৰ। আনে৷ যত আসিছে সৱাকে ধৰি বান্ধি। বজ্ৰমানে কাঢ়ি লৈয়ো যাউক পাত পিন্ধি॥ '৮৬ ৰাজাৰ বচন শিৰোগত কৰি সাৰ। ভাল বুলি সকলে কৰিল৷ অঙ্গীকাৰ॥ এহি বুলি উটি গৈল৷ ৰাজা দুৰ্য্যোধন। গিৰিসিত কৰিয়া ভাগিল সভাখান || ২০৪৮৭ এতহস্তে ৰাত্ৰি বহি নৱ ঘটি গৈল। সেহিবেলা ভীষ্ম দ্ৰোণ একথান ভৈল॥ ভীষ্ম দ্ৰোণৰ কৃষ্ণ দৰ্শন কৌৰৱত আৰ কৰি অলক্ষিত ভাৱে। দুয়োজন চলি গৈল৷ মাধৱৰ ঠাৱে॥ ২০৪৮৮ ফল মূল নিলা যত বিবিধ সম্ভাৰ। হুৱৰ্ণ ৰজত যত আছিল আপাৰ। কৃষ্ণৰ চৰণে দিলা কৰিয়া বিনতি। তাসখাৰ পূজা কৃষ্ণে নৈলা হাত পাতি॥ ২০৪৮৯ কৃষ্ণৰ পাৱত দিল৷ তুষ্ট মনে আতি। তাসম্বাক সন্তোষ কৰাইলা যন্ত্ৰপতি॥ মৃদুতৰ গৌৰৱ বুলিয়া নানাভাবে। দুইকো পঠাইলন্ত কৃষ্ণে আপুনাৰ ঠাবে। '৯০ তেসম্বো গৈলন্ত যদি আনন্দিত মতি। অনন্তৰে বিদুৰে কৃষ্ণত নিগদতি॥ বিহুৰে বোলন্ত পাণ্ডৱক স্নেহভাৱে। আসি আছা দুৰ্য্যোধন নৃপতিৰ ঠাৱে॥ ২০৪৯১ সময়স্তি কৰিবাক অভিলাস মন। তঘু বাক্য কিছে। নকৰিব দুৰ্য্যোধন॥ পৃথিৱীৰ ৰাজা যত সবাকে৷ অনাইল। অৰ্থ দিয়া ভীষ্ম দ্ৰোণ দুইছাঙ্কে। বঢ়াইল৷ ২০৪৯২ গুৰু গৌৰৱৰ বাক্য নমানয় দৰ্পে। মন্ত্ৰক নুশুনে যেন উচ্ছৃঙ্খল সৰ্পে॥ তাৰ আগে বচন বুলিবা নাৰায়ণ। চাণ্ডলিক বেদ যেন শুনাৱে ব্ৰাহ্মণ। ২০৪৯৩ দেখিলেয়ে৷ দোষ শুনিলেয়ো পাপে পায়। আকে জানি উলটি যায়োক মৃদুৰায়। তযু বাক্য ব্ৰহ্ম৷ বিষ্ণু হৰে মনে ধৰে। হেন তযু বাক্য কোন পাপী হেলা কৰে৷ ২০৪৯৪ বিদুৰৰ বচনক সাধুবাদ কৰি। অনন্তৰে বচন বুলিল৷ দেৱহৰি॥ তোমাৰ বচন বেদবাক্য হেন মানো। দুৰ্য্যোধনে ৰাজ্য নেদিবেক তাক জানো। ২০৪৯৫ তথাপিতো আসিলো লোক ৰক্ষাৰ আশে। কুক পাশুৱৰ যুদ্ধ মিলিব আৱশে॥ তাৰ লগে অসংখ্য নৃপতি কটা যায়। ৰাখিবাক পাৰিলে সবাৰে পুণ্য পায়। ২০৪৯৬ যদি মোৰ বচন নকৰে দুষ্টগণে। অন্যো অন্যে মৰি যাইব যমৰ কৰণে॥ $ তথাপি লভিবো পুণ্য শুনা মহাবল। কলিযুগে উদ্যুগ মাত্ৰকে পাই ফল॥২০৪৯৭ এতহস্তে চাৰি বীৰে কৰিলা শয়ন। বিছুৰ যে দাঙ্ক সাত্যকি নাৰায়ণ॥