পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উদ্ভোগ পৰ্ব্ব নিতে ৰোষ কৰস্ত চড়িয়া মোৰ কোলে। হেনয় নকুল বাপু আছত্ত কুশলে আদবৰ বহাৰী পৰম সুচৰিতা। পাঞ্চতো অধিক মোৰ দ্ৰৌপদীক চিন্তা॥ '৬৬ বনবাসে গৈল পতিগণক সাদবি। আপুনাৰ পাঞ্চ তনয়ক পৰিহৰি॥ উপদ্ৰৱ কৰিলে কীচক মহাবলে। হেনৰ দ্ৰৌপদী বাপু আছন্ত কুশলে॥ ২০৪৬৭ হেন প্ৰিয় দ্ৰৌপদীক দুঃশাসনে পাই। যি বেলাত সমাজক নিলেক ঘষাই। চন্দ্ৰ সূৰ্য্য নেদেখিলে যাহাৰ চৰণ। কুষ্ণ সমাজত দুষ্টে কৰে বিকৰ্থন। ২০৪৬৮ সিবেলাত দেখি আছে পৰম অন্যায়। কেৱে কিছো মুবুলিলে আছিলেক চাই॥ যতেক সুহৃদ মানে যৌন হুয়া ৰৈল। বিহুৰে ধৰ্ম্মত থাকি বুলিবাক লৈল। ২০৪৬৯ বিদুৰৰ বাক্যচয় মনত মুগুণি। চুলে ধৰি দ্ৰৌপদীক সভা মাজে আনি॥ উকত বৈসায়৷ বুলিলেক লঘু বাণী। তাসম্বাৰ কন্ধ ছেদ দেখিবো কৈসানি॥ ২০৪৭ অজাত শত্ৰুক যিটো সভামাজে তুলি। দাস বুলি যিটোজনে পিন্ধাইলে বাকলি॥ বস্ত্ৰমানে কাঢ়ি লই বনক খেদাইল॥ বিকৃত আকাৰ দেখি বঙ্গ বৰ পাইলা। ২০৪৭১ সিটো দুষ্ট সৱৰ অ্যাপি দেখো মুখ। আত পৰে প্ৰভু মোৰ আছে কোন দুখ৷ আৰে৷ এক বাৰ্ত্তা কহো শুনা নাৰায়ণ। যুধিষ্ঠিৰ ৰাজাত প্ৰথমে দিবা জান॥ ২০৪৭২ পুৰুষৰ বেটা যদি হৱে পাঞ্চো ভাই। কৌৰৱক মাৰি ৰাজ্য লৈবাক যুৱাই॥ যি কাৰণে ক্ষত্ৰিয় কুলত জন্ম ধৰি। গুৰুগৃহে অস্ত্ৰচয় শিখিলে সাদৰি॥ ২০৪৭৩ পুত্ৰতো অধিকৈ গুৰু শিখাইলন্ত নিত। হেৰা তাৰ কাল আসি ভৈলে উপস্থিত। SES দাস্তে তৃণ ধৰি কৰে৷ তোমাত গোচৰ। মোক স্নেহে দুৰ্গতি খণ্ডাইৰা পাণ্ডৱৰ॥ ২০৪৭৪ পিতৃহীন পাঞ্চ গুটি চেণ্ডিয়া তনয়। তোমাৰ চৰণে এতিক্ষণে দিলো মই | মাধৱে বোলন্ত পেসী শুনিয়ো বচন। মহাবীৰ বলৱম্ভ তযু পুত্ৰগণ॥ ২০৪৭৫ বনবাস খপিলা অজ্ঞাত পৰিহৰি। কুশলে আছন্ত সবে বিৰাটনগৰী॥ তাসম্বাক চিন্ত৷ তুমি নকৰিবা মনে। অল্পকালে কৌৰৱক সংহৰিব৷ ৰণে॥ ২০৪৭৬ আপুনি সামৰ্থ আৰো মই অনুকূল। অকৌৰৱা কৰিবন্ত ধৰণীমণ্ডল॥ পাণ্ডৱে বুলিলে মোক পৰম গৌৰৱে। নমস্কাৰ কৰিবে বুলিলা গাৱে গাৱে। ২০৪৭৭ এহি বুলি কৃষ্ণে আসনৰ উঠি যাই। পাঞ্চ বাৰ নমিল৷ কুন্তীৰ দুই পাৰ॥ কৌৰৱৰ গুপ্ত মন্ত্ৰণা বৈশম্পায়ন বদতি শুনিয়ো নৰেশ্বৰ। আত অনন্তৰে কথা শুনা কৌৰৱৰ॥ ২০৪৭৮ যি বেলাত কৌৰৱৰ গৃহ পৰিহৰি। বিদুৰৰ গৃহে গৈয়া ৰহিলস্ত হৰি॥ সেহিবেলা উঠি দুৰ্য্যোধন মহাৰাজ। ঋঙ্গে গৈয়া ভিতৰত পাতিলা সমাজ # ২০৪৭ কৰ্ণ দুঃশাসন চিত্ৰসেন বিবিংশতি। শকুনি সহিতে আৰে৷ যতেক নৃপতি॥ আছিলেক মানে চলি গৈল৷ সামৰাজে। ভীষ্ম দ্ৰোণ বিছুৰ যে তিনিজন বাজে। ২০৪৮০ মাধৱক কোপে দুৰ্য্যোধন নৃপবৰে। কাৰ্ষলা সৰ্পৰ যেন নাকে বিষ পৰে। দুই ওঁঠ কাম্পে কোপে নয়ন ফুৰাই। বুলিবাক লাগিল৷ বৰ্ণৰ মুখ, চাই॥ ২০৪৮১