পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১১৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এতেক বচন শুনি ৰাজ৷ ধুধিষ্ঠিৰ । মহাশোকে চাৰিদিশে দেখে অন্ধকাৰ ॥ ২০৩ বিবর্ণ বদন ভৈল৷ কম্পয় শৰীৰ। সৰসৰি পৰে দুই নয়নৰ নীৰ ॥ শোকত দগধ চিত্ত নসৰে বচন । তথাপিতো বোলে হেন বাক্য সকরুণ ॥ ২০৪ যতেক কহিল৷ খুড়া অন্ধৰ বচন ৷ যেন মহাশেলে হৃদয়ত দিলা হান | যদি স্নেহ কৰাহ৷ আমাৰ সাধা হিত। নিমিলাইবা হৃদয়ত হেনয় আঘাত। ২০৫ কৰিয়োক আশীৰ্বাদ যারতে মিলোক । নিতে নিতে কৰে৷ সেৱা অন্ধ নৃপতিক ॥ বালক কালত পিতৃ পৰলোকে গৈলা। জ্যেষ্ঠপিতৃ পুত্ৰসম আমাক পালিলা ॥ ২০৬ শিক্ষা দীক্ষা অস্ত্র শস্ত্র গুণ জ্ঞান বলে। পাণ্ডৱ বিখ্যাত জ্যেষ্ঠ পিতৃ অনুকূলে ৷৷ হেন পিতৃ কিবা হেতু ত্যজে পাণ্ডৱক । হায় বিধি কিব| দোষে কৰিলা এতেক। ২০৭ একে বৃদ্ধ আৰে৷ অন্ধ চলিবে বনক। কেনে প্ৰাণ ধৰে৷ ধুড়৷ কহিয়ো আমাক ॥ কিবা তুমি আমাক কৰিলা উপহাস। পুনৰপি কহিয়োক মিলোক হৰিষ॥ ২০৮ বিদুৰে বোলম্ভ বাপ শান্ত কৰা মন । অন্যথা মুহিকে ইটো স্বৰূপ বচন ৷৷ শাস্ত্ৰত পণ্ডিত তুমি ধৰ্ম্মৰ মূৰুতি । দয়া দান ক্ষমা ধৈর্য্য তোমাৰ বিভূতি ॥ ২০৯ তুমি পূৰ্ণ ৰাজনীতি ধৰ্ম্মনীতি গুণে। পরিত্র ভৈলন্ত কুল তোমাৰ কাৰণে পৰম পুৰুষ কৃষ্ণ অনাদি ঈশ্বৰ। যাহাৰ তত্ত্বক নজানন্ত ব্ৰহ্ম। হব । ২১০ যোগীসবে যোগ ধ্যানে যাহাক সেৱয়। তেস্তে কৃষ্ণ ৰূপে বাপ গোকুলে উদয় ॥ সম্ভৰ কৃপাল কৃষ্ণ দুৰ্জ্জনৰ কাল । কৃষ্ণক নজানি জাসদ্ধ পাল ॥ ২১১ মহাভাৰত আদি দুষ্ট শত শত ভৈলন্ত বিনাশ। কৃষ্ণক নমানি অন্ধ আচৰিলা দোষ । দেহি দোষে শোক দুখ মিলিল অপাৰ। কৌৰৱৰ বংশ ধ্বংস জানে চৰাচৰ ॥ ২১২ হেন কৃষ্ণ বশ্য ভৈলা গুণত তোমাৰ । স্বর্গ অনুপম ভৈলা হস্তিনা নগৰ যাৱত আছত্ত কৃষ্ণ পালিয়োক লোক । চতুর্ধ্বর্গ ফল মানে তোমাত মিলোক ॥ ২১৩ সাধিয়োক নানা মতে প্ৰজাৰ কল্যাণ। শেষকালে হেনমতে সাধিবা নিৰ্য্যাণ ॥ ধর্ম্মেসে কেৱল সত্যলোক পৰমাৰ্থ। এতেকে ধৰ্ম্মক পালি মানয় কৃতাৰ্থ ॥ ২১৪ জানি তুমি অসন্তোষ নকৰিব৷ মনে । অন্ধক বিদায় করা নিজজ্ঞান গুণে ॥ হেনমতে বিদুৰে প্ৰবোধি বহুতৰ । অনন্তৰে চলিলন্ত যথা অভ্যন্তৰ ৷ ২১৫ দ্রৌপদী সুভদ্ৰ৷ আদি বোৱাৰীৰ সঙ্গে। বসি আছে কুম্ভীদেৱী আতি মন ৰঙ্গে ॥ হেনকালে অকস্মাত ভৈলন্ত প্রবেশ। কুম্ভীক প্ৰণামি বোলে বচন বিশেষ ॥ ২১৬ অন্ধৰাজে বুলিলন্ত বাক্য সবিনয় । কুলধৰ্ম্ম পালিবাক ৰাজাৰ লাগয় ৷৷ এতেকতে গৃহ ত্যঞ্জি যাইবো বন ঠাৱে। বিদায় কৰোক সবে হৰ্ষিত ভাৱে ॥ ২১৭ কুন্তী বোলে ভাল ভাল জড়া উপগত । অন্ত ভৈল! বিষয়ৰ হুমঙ্গল যত বনবাসে চলিবে আমাৰে৷ আছে মতি। অন্ধক জানিব দিয়া আমাৰে৷ প্ৰণতি ॥ ২১৮ কুম্ভীৰ মধুৰ বাক্যে পাই যেন আশ। অনন্তৰে বিদুৰ চলিল অঙ্ক পাশ ॥ বিছুৰক পাই অন্ধ আলোচিল কাজ। ৰাজ-আভবণ ত্যজি লৈল। বনসাজ | ২১৯ বনসাজ দেখি পাচে কৌৰৱৰ মাথে। অন্ধক বোলয় এবি দুই পারে