পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১১৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আশ্রমিক পৰ্ব্ব তোমাসাৰ সেৱা লাগি হই সযতন। চাৰিভ্ৰাতৃসমে বঙ্গে আসে ইটো স্থান ৷ ১৮৭ লগত সংহতি চলে সুভদ্ৰ৷ দ্রৌপদী। কুন্তী চিত্রাঙ্গদ৷ সমে দাস দাসী আদি তোমাৰ সমীপ পাই ৰাজা যুধিষ্ঠিৰ । ভ্ৰাতৃগণ সমন্বিতে কৰে নমস্কাৰ ৷ ১৮৮ সেৱা কৰিবাক লাগি ভ্ৰাতৃ চাৰিজন । তোমাৰ কাষত নিতে ৰাখি অনুক্ষণ ॥ নাৰীগণ সঙ্গে চলে গান্ধাৰী আবাস । সেৱাক্ৰমে গান্ধাৰীক কৰম্ভ আশ্বাস ৷৷ ১৮৯ অনন্তৰে অনুমতি লই কৰপুটে । ৰাজকাৰ্য্য সমাপয় আতি শুদ্ধ চিত্তে ॥ ৰাজকাৰ্য্য শেষে চলে অন্তেষপুৰত ৷ ভোজন কৰন্ত চাৰিভ্ৰাতৃ সমন্বিত ॥ ১৯০ হেন ধৰ্ম্ম ৰাজাক নুবুলি কিছু বোল। কেনমতে বনক চলিবা মহীপাল ৷৷ ধৃতৰাষ্ট্ৰ নিগদতি কহিছা উচিত। প্ৰিয়বাক্যে শান্ত কৰা যুধিষ্ঠিৰ চিত ॥ ১৯১ নানামতে প্রবোধিবা ধৰ্ম্মৰ নন্দন । আমাক মেলানি দিয়া সাথোক কল্যাণ ॥ অন্ধকৰ পাই হেন বচন সন্দেশ। চলিল বিদুৰ ৰঙ্গে যুধিষ্ঠিৰ পাশ ॥ ১৯২ আশ্রমিক পর্বব কথা অপূৰ্ব্ব কথন । বিৰচিল কালিদাস অতি অজ্ঞজন ॥ সজ্জনসকলে শুনে নিতে কৰ্ণভৰি । পাতক ছাৰোক ডাকি বোলা কৃষ্ণ হৰি ৷৷ ১৯৩ যুৱিঠিৎৰ সভালৈ বিহুৰৰ আগমন। যুধিষ্ঠিৰ প্ৰতি অন্ধকৰ সংবাদ দান আৰু অন্ধৰ প্ৰতি গান্ধাৰীৰ নিবেন প মুনি বোলে শুনিয়োক পৰীক্ষিত স্থত। পৰম ৰহস্য কথা পাণ্ডৱ চৰিত ৷৷ ধৃতৰাষ্ট্ৰ আচ্ছন্ন লই বিছৰ হুমতি । চলিলন্ত ঘৃণা যুধিষ্ঠিৰ নৰপতি ৷ ১৯৪ St দেখি ধৰ্ম্ম নৰপতি নমিল আহলাদে । বিদুৰে তুষিল৷ শিৰঘ্রাণি আশীর্বাদে অনস্তৰে বোলে পাচে মধুৰ বচন । স্থিৰ চিত্তে শুনা বাক্য ধৰ্ম্মৰ নন্দন । ১৯৫ দূত ভৈলা বাহুদের মাগে পঞ্চগ্রাম । তাঙ্ক নিদি কৌৰৱে যুদ্ধৰ কৰে কাম বৃদ্ধমন্ত্রী পাত্ৰক নগৰ ৰক্ষা দিলা। চতুৰঙ্গে সবাকো যুদ্ধক লাগি নিলা। ১৯৬ সম্মুখ যুদ্ধত সবে গৈলা যমঘৰ । ছত্র দণ্ড সিংহাসন ভৈলন্ত তোমাৰ । তথাপিতো কৰি তুমি অনেক ভকতি। সেহি সিংহাসন দিলা অন্ধক্ সম্প্ৰতি ৷৷ ১৯৭ বস্ত্ৰ আভৰণ নানা ভোজন সত্তাৰে । জেষ্ঠ্যক পূজিলা নিতে আতি সতকাৰে ॥ আনন্দে আছস্ত অন্ধ ৰাজ্য ভোগ কৰি । বাসন৷ আসিল ধৰ্ম্মপন্থ অনুসৰি ॥ ১৯৮ এতেকতে অনুজ্ঞা মাগিল নৃপতিত । বানপ্রস্থ লাগি আমি ভৈলোহে৷ প্ৰস্তুত ॥ বনক চলিবে| হস্তিনাক পৰিহৰি । দিয়োক মেলানি মোক সবে দয়া কৰি ৷৷ ১৯৯ ক্ষত্ৰিয় ৰাজাৰ নীতি আছে পূৰ্ব্বাপৰ ব্ৰহ্মচৰ্য্য গৃহাশ্ৰম আচৰি আচাৰ ৷ ৰাজা হই কৰিলন্ত প্ৰজাক পালন । কৰিবন্ত যজ্ঞদানে ধৰ্ম্ম উপার্জ্জন ৷ ২০০ শেষ কালে পুত্ৰক সমৰ্পি সিংহাসন। বানপ্রস্থ আশ্রমক কৰিব গমন | ফল মূল খাই পাচে ব্রত আচৰিব । ক্রমে নির্বাহাৰী হই সন্ন্যাস আনিব । ২০১ সন্ন্যাসে সমাধি সাধি লভিবস্ত গতি। এহি হেতু আমাৰ ভৈলন্ত হেনমতি । যৌৱন অন্তৰি গৈয়৷ বুদ্ধত প্রবেশ। শৌৰ্য্য বীৰ্য্য আয়ু স্বাস্থ্য সবে ভৈল নাশ । ২০২ তথাপিতো যথাসাধ্য কুলধৰ্ম ৰাখি। যাৱত থাকন্ত্ত প্রাণ হৈবো বনবাসী ।