পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ষজ্ঞ-অশ্ব লৈ কৃষ্ণ-অঙ্কুম প্রভৃতিৰ হস্তিনালৈ প্রত্যাবর্তন আৰু যুধিষ্ঠিৰৰ যজ্ঞ সমাপন পদ অশ্বসেধপর্ব চলি যায় বীৰগণ ঘোৰা ধৰি আগে। তিনি মাস হাঠিয়া হস্তিন৷ পালা লাগে । বাদ্যভণ্ড কৰিলন্ত শঙ্খ সিংহনাদ। হস্তিনাৰ লোকে দেখি গুণন্ত প্ৰমাদ ॥৩৪৯৮৬ প্ৰাচীৰ মন্দিৰে উঠি বৃক্ষ আৰোহণে। চাহন্ত কৌতুক নগৰৰ বাসীগণে ॥ কৃষ্ণ পাৰ্থ ঘোৰ৷ সমে চলি যায় পুৰে৷ চৰে গৈয়া কহিলেক ধৰ্ম্মৰ গোচৰে ৷৷ ৩৪৯৮৭ কৰযোৰ কৰি বোলে কৰিয়া প্ৰণতি । ঘোৰা লৈয়! আইল৷ পাৰ্থ কৃষ্ণ মহামতি ॥ যত মান ৰাজাগণ আইল! ঘোৰা সমে। দ্বাৰত ৰহিয়া আছে কৃষ্ণৰ সদনে ॥ ৩৪৯৮৮ মহ৷ মহা ৰাজাগণ সংগ্ৰামে নিপুণ। দাৰুণ সমৰে তাঙ্ক জিনিল অৰ্জ্জুন ৷ দুই ঘোৰা যজ্ঞৰ আনিছে দিব্যসাজ। যজ্ঞকাৰ্য্য সিদ্ধি ভৈলা শুন! ধৰ্ম্মৰাজ ৷৷ ৩৪৯৮৯ দ্বাৰপালে কৈলা কথা শুনিয়৷ ৰাজন। ভীম আদি তিনি ভাই ডাকিলা তেখন ॥ বৃকোদৰ নকুল কুমাৰ সহদেৱে। যুধিষ্ঠিৰ চৰণ বন্দিল৷ ভক্তিভাৱে ৷৷ ৩৪৯৯০ তিনি সহোদৰ আগে কৈলা নৃপবৰ । ঘোৰা লৈয়া আইলা কৃষ্ণ পাৰ্থ ধনুৰ্দ্ধৰ ৷৷ মহা মহা ৰাজাগণ তেজে বীৰ্য্যে আতি। অনেক নৃপতি আইলা তাহান সঙ্গতি ॥৩৪৯৯১ চতুৰঙ্গ সৈন্য লৈয়া চলে সবে সাব্জি। কৃষ্ণ সমে ৰাজাগণ আন অনুবুজি দিব্য নাৰীগণ লৈয়া তোমাৰ লগত । মঙ্গলপূৰ্ব্বক কৰি আনিয়ো জ্বৰিত ॥ ৩৪৯৯২ যুধিষ্ঠিৰ বাক্য শুনি তিনি সহোদৰ । আগবাঢ়ি সব স্যৈ চলিল৷ সত্বৰ 201 1 ৰথ ধ্বঞ্জ গঞ্জ বাজী চলিলাহা শাৰী । নানা ৰঙ্গে সাজিয়া চলিল৷ নৰনাৰী ॥ ৩৪৯৯৩ শঙ্খ সিংহনাদ কৰে জোকাৰৰ ধ্বনি ! শীঘ্ৰবেগে গৈলা যৈত দেৱ চক্রপাণি ॥ ৰথ পৰিহৰি তৈত তিনি সহোদৰে ৷ কৃষ্ণক প্ৰণামে পৰি ভূমিৰ উপৰে ৷৷ ৩৪৯৯৪ ভীমক দেখিয়া পার্থে কৈলা নমস্কাৰ । কোলে কৰি ভীমে দিলা চুম্বন অপাৰ ৷ সহদের নকুল আসিল৷ শীঘ্রগতি । পাৰ্থৰ চৰণে আদি কৰিলা প্রণতি ॥ ৩৪৯৯৫ বতেক নৃপতিগণ সম্ভাষা কৰিলা। গন্ধ পুষ্প ধূপ দিয়া তেখনে পূজিলা। স্ত্রী সবে ঘট লৈয়া বিধানে পূজিলা ॥ বেশ্যাগণে নৃত্যগীত কৌতুকে কৰিল৷ ॥ ৩৪৯৯৬ নানা অলঙ্কাৰ পিন্ধি গলে হেমহাৰ । পাদ্য অৰ্ঘ্য দিয়া পূজ৷ কৰে বাৰে বাৰ জয়ধ্বনি বাঘ বাৱে কৰে হুলস্থুলি। হস্তিনাৰ লোকসৰে কৰে কোলা কোলি ॥ ৩৪৯৯৭ ভীম আদি চাবি ভাই কৃষ্ণ আগকৰি । যুধিষ্ঠিৰ বিদ্যমানে ঘোৰা নিলা ধৰি ॥ সমস্ত একত্রে চলে নৃপতি সমাজ । চলিল। যিথানে বসি আছে ধৰ্ম্মৰাজ ৷৷ ৩৪৯৯৮ যজ্ঞ ঘোৰা চাৰিপাশে মহাৰথীগণ । কৰে ধনু শৰ ধৰি চলিলা ঘতন ॥ বসি আছে মুনিগণ যুধিষ্ঠিৰ সমে। সেহিৰেল৷ কৃষ্ণ পাৰ্থ গৈল৷ বিদ্যমানে ॥৩৪৯৯৯ ধৰ্ম্মক দেখিয়া পাৰ্থে কৰিল৷ প্ৰণাম । কোল দিয়৷ নৃপতি সন্তাষে অনুপাম ॥ দণ্ডৱত কৰিয়া অৰ্জ্জুনে প্রণামিলা। প্ৰদ্যুম্নকুমাৰ আসি নমস্কাৰ কৈলা ॥ ৩৫০০০ অনিদ্ধ বৃষকেতু কৃতবৰ্ম্মা বীৰ। দণ্ডৱতে নৃপতিৰে নমাইলন্ত শিৰ ৷৷ নীলধ্বজ হংসধ্বঙ্গ শিল্পীধ্বজ বীৰ। দুই পুত্ৰ লৈয়| হংসধ্বজ বীৰবৰ ৷৷ ৩৫০০১