পৃষ্ঠা:Asomiya Mahabharat Vol. 2.pdf/১১৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহাভাৰত বীৰবৰ্ম্মা বীৰসিংহ কৰে নমস্কাৰ। প্রণামিলা তাম্ৰধ্বজ বীৰ সুকুমাৰ ॥ বক্তবাহা মহাবীৰ অৰ্জ্জুন তনয় । কৃষ্ণ আদি ৰাজাগণ মিলিলা তথায় ॥ ৩৫০০২ অনুক্রমে বসিলন্ত স্থৱৰ্ণ আসনে। সমুখতে কৃষ্ণ বসে ৰাজাগণ সমে ॥ কৃষ্ণ আগে পুছে কথা মহাৰঙ্গ মনে। কোন ৰাজ৷ কৈত থাকে শুনা নাৰায়ণে ॥৩৫০০৩ কোন কোন নৃপতিৰ কাৰ কোন নাম । পৰিচয় কৰা কৃষ্ণ শুনো অবিশ্রাম ৷ ৰাজাৰ বচনে কৃষ্ণ দেই পৰিচয়। যতেক নৃপতি জিনি নিলে ধনঞ্জয় ৷৷ ৩৫০০৪ নীলধ্বজ ৰাজা এহি মহেশ্বতী পুৰী। কার্ত্তিক অর্জুন বংশে মহাপুণ্যকাৰী ইহাৰ তনয় যোদ্ধা নামত প্ৰবীৰ । হংসধ্বঞ্জ ৰাজা এহি চম্পকপুৰীৰ ॥ ৩৫০০৫ দানে মানে পৰাক্ৰমে অপাৰ মহিমা। পৃথিৱীত বীৰ নাহি ইহাৰ উপমা ॥ বক্ৰবাহা বীৰ এই অৰ্জ্জুন তনয় । পাতালৰ মণি আনিলেক মহাশয় ॥ ৩৫.০৬ মণিপুৰ নগৰত ইহাৰ বসতি। সংসাৰে জিনিবে পাৰে ইহাৰ শকতি ॥ ইহাৰ সদৃশ বীৰ নাহি ত্ৰিভুৱনে । ধৰ্ম্মৱম্ভ শান্তমূৰ্ত্তি বলৱম্ভ ৰণে ॥ ৩৫০০৭ বীৰবৰ্ম্মা নৰপতি মহা ধনুৰ্দ্ধৰ । যমৰাজা আপুনে যে জামাতা যাহাৰ ॥ সাৰম্বত পুৰ তান বৰ গুণৱন্ত । যমৰাজ৷ সমে বহে প্রতাপে অনন্ত ॥ ৩৫০.b চন্দ্ৰহাস ৰাজা এই কুম্ভল দেশৰ । পৰম বৈষ্ণৱ ৰাজা গুণৰ সাগৰ ৷ জয়দ্রথহুত এই সিন্ধুপুৰী ঘৰ । ইহাৰ জননী দেখি ভৈলন্ত কাতৰ ৷৷ ৩৫০০৯ উৎকল দেশত বৈসে ৰাজা বীৰসিংহ। নিজ ভুজবলে এই জিনিছে কলিঙ্গ নীলধ্বজ ভুত এই কুমাৰ প্ৰধীৰ ৷ চন্দ্ৰহাস পুত্ৰ এই মকৰাক্ষ বীৰ ॥ ৩৫০১০ পদ্মাক্ষ কুমাৰ এই সমৰে দুৰ্ব্বাৰ ৷ কতেক লেখিবো ৰাজ৷ মাসিছে অপাৰ ॥ ষাঠি সহস্ৰেক ৰাজা আসিছে কাৰণে। তোমাৰ সমান ভাগ্য নাহি ত্রিভুৱনে ৷৷ ৩৫০১১ শুনিয়া কৃষ্ণৰ বাক্য ধৰ্ম্মৰ নন্দন । নানা ৰূপে সম্ভাষা যে কৰিলা তেখন ॥ তাত পাচে যুধিষ্ঠিৰে পূজিলা ঘোটক । ধূপে দীপে পূঞ্জি ঘোৰা ৰাখিল৷ নিকট ৷৩৫০১২ হুৱৰ্ণ বিদিতে ঘোৰ৷ ৰাখিলা যতনে । শুক্লপক্ষ মধুমাস ভৈলন্ত নির্মাণে ॥ নানা ভোগ পঞ্চায়তে দিলন্ত আহাৰ ! মঙ্গল বিবিধ যজ্ঞ দিলন্ত জোকাৰ ৷৷ ৩৫০১৩ উত্তম মন্দিৰে ৰাস৷ দিল৷ ৰাজাগণ । কৰিলা অতিথি পূজা বিবিধ ভোজন ॥ • বস্ত্ৰ অলঙ্কাৰ গন্ধ মাল্য বহু দিল। দৈৱজ্ঞ ব্ৰাহ্মণসৰ কাঞ্চনে ভূষিল ॥ ৩৫০১৪ ব্যাসে বোলে যুধিষ্ঠিৰ শুনিয়ে৷ ৰাজন ৷ যজ্ঞৰ সময় আমি ভৈল উপসন্ন বৈশাখ মাহত শুক্লপক্ষ তিথি আৰ। যজ্ঞ কৰিবাৰ ৰাজা কৰিয়ো সম্ভাৰ ৷৷ ৩৫০১৫ যুধিষ্ঠিৰে বোলে শুনা দেৱ নাৰায়ণ। আৰম্ভিবে যজ্ঞ কাৰ্য্য ভৈলা উপসন্ন । কৃষ্ণে বোলে যুধিষ্ঠিৰ শুনিয়ো বচন । যত যত নাসিচয় আন মুনিগণ ॥৩৫০১৬ গোবিন্দৰ বাক্য শুনি ৰাজা ধৰ্ম্মস্থত । পঠাই মুনিগণ অনাইলা জ্বৰিত ॥ দৈৱজ্ঞ অনাইলা মাতি কৰিয়া বিচাৰ । শুভলগ্ন চাই দিল| আৰম্ভ যজ্ঞৰ ॥ ৩৫০১৭ শুভক্ষণে যজ্ঞ আৰস্তিল৷ ধৰ্ম্মৰাজ । জয়বাদ্য কৰিলা মঙ্গল যত কাজ । মুনিগণে বেদ পড়ে হোম যজ্ঞ জাপ।. যাৰ৷ সবে বিনাশত জন্মান্তৰে পাপ৷ ৩৫০১৮