পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মৰণা
মাটিয়ে
৩১০

টোপনি, excessive sleep.

মৰণা মৰা—ক্ৰি, গৰুৱে অকাই-পকাই ফুৰি ধানৰ মৰণা মাৰে। এতেকে,— একেটা কথাকে অকাই-পকাই কৈ থকা, to speak the same thing over and over again.

মাউখে উটিলে গুৰি-পৰুৱাৰো মৰণ নোহোৱা—ক্ৰি, (মাউখে = এমখা লগ হৈ। ) অনেক গুৰি-পৰুৱা লগ হৈ চাঙ্গি পাতি পানীৰ সোঁতত বুৰি নোযোৱাকৈ উটি যাব পাৰে। এটা-এটাকৈ গলে আটাইবিলাক মৰি যায়, কিন্তু লগেৰে যোৱাত পৰস্পৰৰ সাহায্যত আটাইবিলাকে নমৰাকৈ থাকিব পাৰে। আন নালাগে, গুৰি-পরুৱাৰ নিচিনা সৰু সৰু নিঃসহায় প্ৰাণীও একতাৰ গুণত কাৰ্য্য সিদ্ধি কৰিব পাৰে, এই ভাব বুজাইছে। এতেকে,—একতাৰ গুণত দুৰ্ব্বল মানুহে ক্ষমতাশালী হব পৰা, to become powerful when united but weak when divided.

মাছৰ তেলেৰে মাছ ভজা--ক্ৰি, সৰিয়হৰ তেলত মাছ ভজা হয়। এই স্থলত কোৱা হৈছে, যে সৰিয়হৰ তেল খৰচ নকৰি মাছৰ তেলতে অৰ্থাৎ মাছৰ গাৰপৰা ওলোৱ চৰ্ব্বিতে মাছ ভাজে। এতেকে,—মুল ধনত হাত নিদিয়াকৈ লাভৰ ওপৰতে কোনো কাৰ্য কৰা, to launch a business with the extra-money which accrues as profit without spending anything out of the principal.

মাজ-তালুত সাপে খুঁটিলে ধৰণি ধৰিবলৈ ঠাই নোহাৱা—ক্ৰি, সাপে খুঁটিলে ধৰণি ধৰি বিষ নমাই ৰখা হয়। কিন্তু যদি মাজ-তালুত খোঁটে তেনেহলে ধৰণি ধৰিবলৈ ঠাই নোহোৱাত পৰে। এতেকে,—মহা- বিপদত ৰক্ষাৰ উপায় ৰহিত হোৱা, to have absolutely no means of escaping from a momentous calamity.

মাটি হোৱা—ক্ৰি, মাটি সোপাৰ নিচিনা লেউসেউ হোৱা, শক্তিৰহিত হোৱা জাৰমাৰ হোৱা, to be reduced to nothing to be vanquished, to be utterly helpless.

মাটিয়ে ভেঁটিয়ে খনা—ক্ৰি, ( মাটি=বাৰী। ভেঁটি=ঘৰ ) বাৰী আৰু ঘৰ সমূলি নষ্ট কৰা অৰ্থাৎ সৰ্ব্বস্বান্ত কৰি দেশান্তৰ কৰা , to ruin com- pletely.