পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মতা
মৰ-টোপনি
৩০৯

এতেকে,—ঠেহ পাতি কোনো কাৰ্য্য সমূলি কৰিবলৈ এৰি দিয়া, to cease doing anything altogether out of a feeling of impaired dignity.

মতা চাওদাং—বিং, মতা চাওদাঙ্গে মানুহ কাটিছিল, মাইকী চাওদাঙ্গে মানুহ নাকাটিছিল। এতেকে,—দুৰ্দ্দান্ত মতা মানুহৰ নিচিনা তিৰোতা, an amazon, a masculine woman.

মন জুখি চোৱা—ক্ৰি, বস্তু গধুৰ নে পাতল জুখি চালে গম পোৱা যায়। এতেকে,—মন গধুৰ নে পাতল কোনো কাৰ্য্যৰ দ্বাৰা তাৰ গম পোৱা, মনৰ ভাবৰ উমান লোৱা, to sound one's mind.

মন মৰা—বিণ, মানুহ মৰিলে তেজ নাইকিয়া হয়। এই স্থলত মানুহৰ মনটো মৰা বোলা হৈছে। এতেকে,—নিস্তেজ, ফুৰ্ত্তিহীন, dispirited, depressed.

মনৰ বাঘে খোৱা—ক্ৰি, বনৰ বাঘে মানুহ খায়। এই স্থলত মনৰ বাঘে খায় বোলা হৈছে, অৰ্থাৎ প্ৰকৃততে বনত বাঘ নাই কিন্তু বাঘ তাতে আছে বুলি মনত ভয় হয়। মনৰ ভয়েই তাক খায় অৰ্থাৎ বিহ্বল কৰে। এতেকে,—কাল্পনিক ভয়ত বিহ্বল হোৱা, to be distracted by imaginary ills.

মনে পিতে খোৱা—বিণ, [ মনে চিতে খোৱা ] ( খোৱা=মিলি যোৱা। ) মনেৰে সৈতে মিল অৰ্থাৎ যাক যেনেকুৱা লাগে তেনেকুৱা, মনোৰঞ্জন, suitable, appropriate, to one's liking.

মন্ত্ৰ কৰা—ক্ৰি, মন্ত্ৰৰ দ্বাৰা কোনো মানুহক নিজৰ বশলৈ অনা যায়। এতেকে,— বশীভূত কৰ, to bring under control.

মন্ত্ৰ নাইকিয়া—বিণ, যাৰ গাত মন্ত্ৰ থাকে অৰ্থাৎ যি মন্ত্ৰ জানে সি শত্ৰুৰ অপকাৰ কৰিব পাৰে। মন্ত্ৰ নাইকিয়া মানুহে তেনে কৰিব নোৱাৰে। এতেকে,—নিৰ্বীৰ্য্য, weak, harmless.

মৰ-খঁক— বিণ, মৰিবৰ সময়ত অতিপাত খাবৰ নিমিত্তে খঁক লাগে। এতেকে,— অতিপাত খঁক, ডাঙ্গৰ হেঁপাহ, extreme greediness.

মৰ-জাৰ—বিণ, মৰিবৰ সময়ত অতিপাত জাৰ লাগে। এতেকে,—অতিপাত জাৰ, extreme chilliness.

মৰ-টোপনি—বিং মৃত্যু-কালত তন্দ্ৰা উপস্থিত হয়। এতেকে,—অতিৰিক্ত