পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩১১

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
টিলিক
টিলিকি
৩০১

টিলিকি কিন —ক্ৰি, (উপকথা) কোনো এটা মানুহে এটা গৰু কিনি আনিছিল। গৰুটোৱে বাটতে মুত্ৰত্যাগ কৰিলে। সি ভাবিলে :- গৰুটোৰ পেটটো ফুটা, সেই দেখি তাৰ পেটৰপৰা পানী পৰিছে। মোক বেচোঁতাই প্ৰবঞ্চনা কৰিলে। বাৰু, মইও বাটত কাৰোবাক পালে এই দৰে ঠগিম। ” সিফালৰপৰা এটা বাটৰুৱাই উলাহত নাম গাই টিলিকি বজাই আহি আছিল। গরুৰ গৰাকিয়ে আগৈয়ে টিলিকি শুনা নাছিল। এনে অদ্ভূত বাদ্য শিকিবৰ নিমিত্তে তাৰ হেঁপাহ হল। সি বাটৰুৱাক সেই বাদ্যৰ বেচ কিমান সুধিলে। বাটৰুৱাই ভাবিলে :- “ই মহা মূৰ্খ, ইয়াক ঠগি গৰুটো নিব পাৰিলে ভাল। ” সি কলে :- “বাৰু ধন নালাগে। তোমাৰ গৰুটো দিয়া, মই অপূৰ্ব্ব বাদ্য তোমাক শিকাই দিম। ” গৰুৰ গৰাকিয়ে ভাবিলে:-এই বেলি ইয়াক ঠগিলোঁ। ই বেটালিয়ে গৰুটো পেট-ফুটা বুলি নাজানে। ” সি প্ৰস্তাৱত মান্তি হল। বাটৰুৱাই এফেৰিমান পৰ তাত থাকি বুঢ়া আঙ্গুলীৰ আগত অনামিকা আঙ্গুলীৰ আগটো পিছলাই কেনেকৈ টিলিকি বজাব লাগে তাক ভালকৈ শিকাই দিলে। বাটৰুৱাই গৰু লৈ গুচি গল। ইটোৱে টিলিকিটো শিকি আনন্দত উধাৱ হৈ ওৰে বাটটো টিলিকি বজাই গৈ গৈ ঘৰ পালে গৈ। ঘৈনীয়েকে উলহ-মালহ- কৈ নতুনকৈ কিনি অনা গৰু চাবলৈ আহিল। তাই গৰু নেদেখি তধা লাগিল। “গৰু আনিছা নে?” বুলি ঘৈণীয়েকে সোধাত সি টিলিকিটো বজাই কয় -“এইটি?” তাই সোধে “গরু কি কৰিলা?” সি টিলিকি বজাই কয় “এইটি কত পালা?” বহু পৰ সোধা-পোছা কৰি ঘৈণীয়েকে বুজিব পাৰিলে যে এমুঠি ধন দি মহামুৰ্খ গিৰিয়েকে টিলিকিটো কিনি আনিলে। এতেকে,—বহুব্যয় কৰি কোনো অসাৰুৱা কাৰ্য্য কৰা, to do at a great expense anything which turns out to be absolutely useless.

⸻⸻