পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ছত্ৰ
টাকুৰী
৩০০

ছ।

ছত্ৰ ধৰা—ক্ৰি. (ছত্ৰ = ছাতি। ) ৰদে-বৰষুণে নোপোৱাকৈ ছাতিয়ে মানুহক আবৃত কৰি ৰাখে। এতেকে,—আবৃত কৰি ৰখা অৰ্থাৎ বিপদ-দুৰ্ঘটনা-অশাস্তি-দুৰৱস্থা-আদিৰপৰা আঁৰ কৰি ৰখা, সুখ স্বচ্ছন্দতাৰে ৰখা, to provide ease and comfort.

⸻⸻

জ।

জয়দেৱ কাকুতি—বিং, পূৰ্ব্বকালত জয়দেৱে দুৰ্ঘোৰ ৰোগৰপৰা মুক্তি পাবৰ নিমিত্তে অত্যন্ত ব্যাকুলিত হৈ একান্ত চিত্তে জগন্নাথক কাকুতি-মিনতি কৰিছিল। এতেকে,—অত্যন্ত ব্যাকুলিত হৈ একান্ত চিত্তে জনোৱা কাকুতি, most earnest entreaty.

⸻⸻

ট।

টাকুৰী ঘূৰা দি ঘূৰা—ক্ৰি, টাকুৰীৰ দ্বাৰা সূতা পকোৱা হয়। টাকুৰী কোবেৰে ঘূৰি থাকে। অতিপাত কাম-বন কৰিলেও মানুহে এবেলি ইফালে এবেলি সিফালে নোৰোৱাকৈ ঘূৰি ফুৰে। এতেকে,—অতিপাত কাম-বন কৰা, to toil uninterruptedly

টাকুৰী ঘূৰা দি ঘূৰা—ক্ৰি, টাকুৰী বৰকৈ ঘূৰে। কোনো মানুহৰ মূৰত গুৰুতৰ আঘাত কৰিলেও তাৰ মূৰ বৰকৈ ঘূৰে। এতেকে,—বৰকৈ মাৰ-কীল খোৱা, to receive a violent beating.