পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
হাড়ক
হাত
২৮২

শুচি কৰি থোৱা হয়, এনে ভাব বুজোৱা হৈছে। এতেকে,—দুখীয়া ভাৱেৰে বিয়া কৰোৱা, to celebrate the ceremony of marriage in a poor style.

হাড়ক মাটি কৰা—ক্ৰি, মৰা-শ পুতিলে হাড় মাটি হৈ যায়। অতিৰিক্ত পৰিশ্ৰম কৰিলে মানুহ মৰে। এতেকে,—অতিৰিক্ত পৰিশ্ৰম কৰা, to labour too hard.

হাড়ত বন গজা—ক্ৰি, মৰাশ মাটিত পুতি থলে মঙ্গহ গেলি-পঁচি মাটি হৈ যায়, আৰু হাড়ৰ ওপৰত বন গজে। মৰা-শৰ এনে অৱস্থা হৱলৈ বহুকাল লাগে। এতেকে,—বহুকাল পূৰ্ব্বে প্ৰাণ ত্যাগ কৰা, to be dead and gone long since

হাড়লৈকে চিনা—ক্ৰি , হাড় শৰীৰৰ অন্তৰত থাকে। এতেকে,—অন্তৰ পৰ্য্যন্ত জনা, to know to the core i. e. thoroughly.

জাড়ে কণ্ কণোৱা—ক্ৰি, (কণ্ কণীয়া = শুকান। ) বয়স বেচি হলে হাড়তে ৰস। মৰি সি কণ্ কণীয়া হয় অৰ্থাৎ বেচি কামিলা হয়। এতেকে,— বয়সত অভিজ্ঞতা বঢ়া, to become a veteran by age and experience.

হাড়-নাইকিয়া জিবা—বিং, জিবাৰ হাড় নাইকিয়া দেখি সি আপোনা-আপুনি যেনিয়ে তেনিয়ে লৰং-ফৰং কৰি থাকে অৰ্থাৎ নভবা নিচিন্তাকৈ ভাল- বেয়া কথাকৈ থাকে। এতেকে,—স্বভাৱতে বিবেচনাহীন জিবা the tongue which is by nature inconsiderate.

হাড়-ভঙ্গা বন—বিং , বলে নোৱৰা বন কৰোঁতে হাড় ভাগে। এতেকে,—কঠিন পৰিশ্ৰমৰ দ্বাৰা সাধ্য কাৰ্য্য, an arduous task.

হাড়ে-ছালে লগা—বিং, হাড়ৰ ওপৰত মঙ্গহ থাকে আৰু মঙ্গহৰ ওপৰত ছাল থাকে। এই স্থলত কোৱা হৈছে, যে মঙ্গহ নাইকিয়া হৈ হাড়ে ছালে লগ হৈছে। এতেকে,—অতি ক্ষীণ, emaciated.

হাত অহা— ক্ৰি, (অহা = চলি অহা। ) কোনো কাৰ্য্য কৰিবৰ নিমিত্তে হাত যেনে- ভাৱে চলিব লাগে, অভ্যাস কৰি থাকিলে তেনেভাবে চলে বোলা হৈছে। এতেকে,—হাতৰ অভ্যাস হোৱা, to be good at performing a thing by habit.

হাত উঠা— ক্ৰি, (কড়ি-খেলৰ বাক্য ) কড়ি-খেলত ক্ৰমশ: দানি-পৰিবলৈ ধৰিলে