পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
হাঁহ-চোৰৰ
হাড়
২৮১

মানুহক হাঁহেৰে আৰু শালী মানুহক ৰজাৰে তুলনা কৰা হৈছে। এতেকে,—নিচলাৰ ওপৰত বাহতালি দেখুওৱা, to show power to the weak.

হাঁহ-চোৰৰ মূৰত পাখি লাগি থকা—ক্ৰি, হাঁহ চুৰ কৰিলে চোৰৰ মূৰত দুটা এটা পাখি লাগি থাকে, আৰু সেয়েই পিচত তাক ধৰা পেলাই দিয়ে। এতেকে,—বেয়া কামৰ নিদৰ্শন ৰৈ যোৱা, the leaving behind of evidence of dime by a wrong-doer.

হাঁহিত পেটু-নাড়ী ছিঙ্গা—ক্ৰি, বৰকৈ হাঁহিলে পেটত খুচি ধৰি নাড়ী ছিগি যোৱা যেন বোধ হয়। এতেকে,—অতিপাতকৈ হঁহা to laugh a side- splitting laughter, to laugh outright.

হাই হাই খাই খাই কৰা—ক্ৰি, [ হাঁয় হাঁয় খায় খায় কৰা ] 'হাঁয় হাঁয়, লোকে, লোকে খায়” এই দৰে কৰা অৰ্থাৎ সদাই দন্দ-খৰিয়াল কৰি থকা, to engage in petty squabble due to jealousy.

হাইঠা মাটিত পৰা—ক্ৰি, প্ৰবাদ আছে যে হাইঠা চৰাই ৰাটিত নপৰে। দৈবাৎ— মাটিত পৰিলে সি চাকোলা হয়। এতেকে,—যি মানুহৰ মাটিত ভৰি দিয়া অভ্যাস নাই অৰ্থাৎ যি মানুহে সদাই ওখ বাহনত ফুৰে বা ওখ আসনত থাকে তেনে মানুহে মাটিলৈ নমা, the appearing of a. great man on the ground who is accustomed to keep in a high story of a house or travel in a carriage.

হাট-বাট কৰা⸺ [ হাট-বাটত দেখাদেখি কৰা ] লুকাই-চুৰকৈ মীলা-প্ৰিতি হোৱা, to meet clandestinely (applied to lovers).

হাটে বাটে—ক্ৰি-বিণ, যতে ততে প্ৰকাশ্য ঠাইত, anywhere and every where.

হাড়-ছাল ওলোৱা—বিণ, মানুহ অতিকৈ ক্ষীণালে হাড়বিলাক ওলায় (দেখা যায়) আৰু ছালখন ওলায় (বহলি যায় অৰ্থাৎ সোতোৰা- সোতোৰ হয়। ) এতেকে,—অতি ক্ষীণ, emaciated.

হাড় শুচি কৰা—ক্ৰি, বিয়া নকৰাকৈ মৰিলে মানুহ অশুচি হয়। তেনে মানুহৰ হাড় প্ৰায়শ্চিত্তৰ দ্বাৰা শুচি কৰিলৈ শ্ৰাদ্ধাদি ক্ৰিয়া কৰা হয়। বিয়া কৰিলে হাড় শুচি হৈ থাকে; মৰিলে সেই হাড় প্ৰায়শ্চিত্তৰ দ্বাৰা শুচি কৰিব নালাগে। দুখীয়া ভাবেৰে বিয়া কৰি কোনো মতে হাড়