পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সাতখন
সাতাম-পুৰুষীয়া
২৭২


to be profoundly agitated by feeling anger.

সাতখন গাওঁলৈকে যোৱা—ক্ৰি, ক্ৰমান্বয়ে সাতখন গাঁও বহু দূৰলৈকে বিস্তৃত হৈ থাকে। এতেকে,—দূৰলৈকে যোৱা অৰ্থাৎ সৰ্বত্ৰ প্ৰচাৰিত হোৱা, to be published far and wide.

সাত-খলপীয়া সৰু—বিণ, ( খলপ= খট্ খটীৰ খলপ ) সাত খলপৰ অন্তৰ সৰু অৰ্থাৎ বহু সৰু ( 'বয়স’ আৰু 'মান’এ দুইতো ‘সৰু’ বুজোৱা হয় ), disproportionately smaller, highly inferior.

সাত-তৰপীয়া জেওৰা—বিং, যাতে পাৰ হৈ যাব নোৱাৰে, এনে ভাৱেৰে সাত- তৰপীয়াকৈ জেওৰা দিয়া হয় বোলা হৈছে। এতেকে,—কোনো কাৰ্য্যত ডাঙ্গৰ ভেঁটা, as insuperable obstacle.

সাত হাল মেঘে বৰষুণ দিয়া—ক্ৰি, প্ৰবাদ আছে যে মেঘ সাত হাল অৰ্থাৎ সাত জনা পুুৰুষ আৰু সাত জনা তেওঁবিলাকৰ ভাৰ্য্যা। এতেকে,—ডাঙ্গৰ বৰষুণ দিয়া, to rain heavily.

সাতি গুণা—বিং , (সাতি=সাত বহুগুণ, , a great number of time.

সাতি জোখা—বিং, (সাতি=সাত) বহু পৰিমাণ, a great quantity.

সাত পাঁচে—ক্ৰি-বি, কোনো কাৰ্য্য কৰিব লাগে নে নালাগে ভাবিলে কৰবি লগা পোনে সাতোটা আৰু কৰিব-নলগা পোনে পাঁচোটা কথা পাই কৰি লগা-পোনে অলপ ভাল দেখি সেই কাৰ্য্য কৰিবৰ নিমিত্তে ঠিক কৰা হয়, এই ভাব বুজোৱা হৈছে। এতেকে,—বহু কথা গুণি-ভাবি মনত আশংকাৰে, hesitatingly.

সাতো দ্বিপ ফুৰা—ক্ৰি, হিন্দু দ্বিপ সাতোটা যেনেঃ- জম্বু, শাল্মলী, কুশ, পুকৰ,, শাক, ক্ৰৌঞ্চ। এতেকে,—বহু ঠাই ফুৰা, to travel widely.

সাতো সাগৰত স্নান কৰোৱা—ক্ৰি, আগৰ দিনত বালিয়ে ৰাৱণক নেগুৰত আঁৰি লৈ সাতো সাগৰত স্নান কৰাইছিল। এতেকে,—বহু কষ্ট দিয়া, to harass in various way.

সাতৰি সোণ—বিং, [ সাদৰি সোণ ] সোণ আপুৰুগীয়া আৰু মানুহৰ অতি প্ৰিয় ধাতু। এতেকে,— আপুৰুগীয়া চেনেহৰ বস্তু, a rare and beloved thing.

সাতাম-পুৰুষীয়া ৰীতি—বিণ, [সাতাম পুৰুষীয়া ৰীতি ] সপ্তম পুৰুষৰ পৰা চলিত