পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
সাত
সাতকুৰা
২৭১


ous experiences.

সাত ঠাই বাগৰা—ক্ৰি, সততে ঠাই সলাই ফুৰা, (গালিৰ জাত), to change residence too often, ( a term of abuse ).

সাত পানী—বিং, (পানী= পানী থকা ঠাই, নৈ। ) বহু জলাশয়পূৰ্ণ দেশ, a flooded country.

সাত বিহুৰ সৈয়া—বিং, সৈয় কণী বিহুৰ কণী-যুঁজত জিকি আহে। এই স্থলত সেই কণী ইমান সৈয়া বোলা হৈছে, যে সি সাত বছৰত সাতোটা কণী-যুঁজত জিকি আহিছে। যি মানুহে সংসাৰৰ বহু ঠেকা পাই বিতত হৈছে, সেই মানুহক তেনে কণীৰে ৰিজোৱা হৈছে। এতেকে,—প্ৰবীণ লোক, a vetaran.

সাত ভতৰাৰ বল—বিং, নবন্ধোৱ গৰুক ভতৰা বোলা যায়। তেনে সাতোটা গৰুৰ বলৰ সমষ্টি অৱশ্যে অসাধাৰণ হব। এতেকে,—অসাধাৰণ বল, extraordinary strength.

সাত শত্ৰু—বিং সাত গুণ শত্ৰু অৰ্থাৎ মহাশত্ৰু, an implacable enemy, a bitter foe.

সাত সাগৰ তেৰ নৈ পাৰ হোৱা—ক্ৰি, হিন্দু মতে পৃথিবীত সাত সাগৰ আছিল। তেৰনৈ=বহু নৈ। অতি দূৰ দেশৰপৰা আহিলে বাটত কেইবাখনো সাগৰ আৰু তাতকৈ বহুগুণে অধিক নৈ পাৰ হৈ আহিব লাগে, এই ভাব বুজোৱা হৈছে। এতেকে,—অতি দূৰবৰ্তী দেশৰপৰা অহা, to come from an immense distance.

সাত সাগৰ পাৰ হৈ গৰু-খোজৰ পানীত বুৰি মৰা— ক্ৰি, ডাঙ্গৰ বিপদক সাগৰেৰে আৰু নিচেই সৰু-সুৰা বিপদক গৰু-খোজৰ পানীৰে তুলনা কৰা হৈছে। এতেকে,—অনেক মহা-বিপদ নিৰাপদে অতিক্ৰম কৰি শেষত কোনো এটা নিচেই সৰু-সুৰা বিপদত ধ্বংস পোৱা, to be ruined in a trifling danger having successfully overcome great many dangers of vast magnitude.

সাতকুৰা অগ্নিমূৰ্ত্তি হোৱা—ক্ৰি, অগ্নি জলে। সাতকুৰা অগ্নিৰ মূৰ্ত্তি অতি উজ্জল। মানুহৰ বৰকৈ খং উঠিলে মুখত তেজ উঠে, তেতিয়া মুখখন জুইৰ নিচিনা ৰঙ্গা দেখা যায়। এতেকে,—অতি ক্ৰোধান্বিত হোৱা,