পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
লাল
লেকাত
২৫৪


এবেলি হাতৰপৰা এৰাই যোৱ। ) মানুহে লাভ পাবৰ নিমিত্তে মূল মেলি দিয়ে। এই স্থলত কোৱা হৈছে, যে লাভ পোৱা দূৰত থাকক, মূল পোৱা যাব নে নাযাব, তাৰে নিশ্চয়তা নোহোৱা হয়। এতেকে,— অধিক বস্তু পাবৰ আশা কৰোঁতে পূৰ্ব্বৰ হাতৰ বস্তুও নষ্ট হবৰ আশঙ্কা হোৱা, to run the risk of losing all by concerning oneself in any affair in the hope of getting more.

লাল কাগজ—বিং, পূৰ্বে আসামলৈ যিবিলাক আখৰ-টোকা আগজৰ আমদানি হৈছিল, সেইবিলাক ৰঙ্গা আছিল। এতেকে,—আখৰটোকা কাগজ, blotting paper.

লালুকিলৈ তপত পানী নলগা,—ক্ৰি, লালুকি এনে অলপ-ধতুৱা প্ৰাণী যে পানীৰ- পৰা তাক তুলি আনিলেই সি মৰি যায়। এক বধিবলৈ গাত তপত পানী ঢালিবৰ আৱশ্যকতা নাই। তুচ্ছ মানুহক লালুকিৰে তুলনা কৰা হৈছে। এতেকে,—তুচ্ছ মানুহৰ অপকাৰ কৰিবলৈ ডাঙ্গৰ . আয়োজনৰ আৱশ্যকতা নোহোৱা, the existing of no necessity for making vast preparations to injure an insigni- ficant enemy.

লীলামালা স্যামন্তহৰণ পঢ়া—ক্ৰি, আগৰ দিনত 'লীলামালা’ আৰু ‘স্যামন্ত-হৰণ' পুথি পঢ়িব পৰা হলেই সাধাৰণ শিক্ষা পোৱা হয় বুলি ধৰা হৈছিল। এতেকে,—সাধাৰণ শিক্ষা পোৱা, to be fairly educated.

লুইতে হে ব’ঠাৰ কোব জনা—ক্ৰি, লুইতত নাও বাওঁতে ব’ঠাৰ কোব কিমান দকৈ বহে, তাক লুইতে নিজে হে জানে, জানে তাক জানিব নোৱাৰে। এতেকে,—কোনো কাৰ্য্যৰ কষ্ট ভুক্ত-ভোগীত বাজে আনে নজনা, the knowing of the nature and extent of incon- venience in any affair by a person who is the actual sufferer and none else.

লেক্ লৌ পৰুৱা—বিং, লেক্ লৌ পৰুৱাৰ লানি নিছিগে। এতেকে,—ক্ৰমাগত আহি থকা লানি নিছিগা মানুহবিলাক, a continuous stream of people.

লেকাত লগা—ক্ৰি, [ লেকেতীয়া লগা ] কোন কাৰ্য্যত লেকেতীয়া হৈ অৰ্থাৎ নেৰানেপেৰাকৈ লাগি থকা, to be engaged in anything