পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লাও-পাত
লাভলৈ
২৫৩


লাও-পাত, কচু পাত —বিণ, [ লাও-পাত কচু পাত খোৱা ] ছাগলীয়ে লাও-পাত, কচু-পাত যিহকে পায়, তাকে জিভা লপ-লপাই খাই ফুৰে। যি মানুহে ভাল-বেয়া নাবাছি যিহকে পায় তাকে কয়, সিও সেইরূপে জিবা লপ্ লপাই থাকে। এতেকে,—বহুবল্কী, talkative, prattling, garrulous.

লাখ-টকীয়া—বিণ, বহুমূলীয়া, of high value.

লাখুটিৰ খুণ্ডা খোৱা—বিণ, যি মানুহ দুষ্টালি কৰি ফুৰে সি যাৰে তাৰে লাখুটিৰ খুণ্ডা খাই ফুৰে। এতেকে,—দুৰন্ত, অশিষ্ট, rascally, roguish.

লাগ বুলিলে পোৱা—ক্ৰি, [ লাগে বুলিলে পোৱা ] বিচৰা মাত্ৰে পোৱা, to get immediately on demand.

লাগ-বান্ধ নাইকিয়া—বিণ, চকুত নলগা আৰু বান্ধ নাইকিয়া অৰ্থাৎ দেখাত আশুৱনী আৰু কাৰ্যত অনুপযুক্ত, unseemly and useless.

লাগিলে ভগা—ক্ৰি, কাঁহী-বাটি লাগিলে অৰ্থাৎ ঠেকা-ঠেকি হলে ভাগে। এই স্থলত লাগিলে অৰ্থাৎ দন্দ-কাজিয়া লাগিলে ভাগে অৰ্থাৎ বন্ধ হয় বোলা হৈছে। ‘লগা’ আৰু ’ভগাৰ’ দুই অৰ্থ বুজোৱা হৈছে। এতেকে,—দন্দ লাগিলে কিছু কালৰ পাচত অন্ত হোৱা, the com- ing of quarrel to an end after lapse of some time.

লাঙ্গে-পাতে—ক্ৰি-বিণ. (লাং= ডাং, দীঘলীয়া মাৰি। ) কোনো গছ লাঙ্গে লাঙ্গে অৰ্থাৎ ছেও নিদিয়াকৈ, আৰু পাতেৰে অৰ্থাৎ পাত গুচাই নোলোৱাকৈ ঘৰলৈ অনা কথাৰপৰা এই বাক্যৰ উৎপত্তি হৈছে। এতেকে,—কোনো অংশ বাদ নিদিয়াকৈ অৰ্থাৎ সমুদায়ে, তেনেই, entirely, wholly.

লাজ বন্ধ যোৱা—ক্ৰি, পানী নচলি বন্ধ হৈ থাকিলে অধিক পানী জমে। সেই- ৰূপে কোনো কথাত লাজ লাগি বহু দিন গলে-লাজ বন্ধ যায় অৰ্থাৎ অধিক লাজ জমে। এতেকে,—লাজ পুৰণি হৈ লাজৰ মাত্ৰা বৃদ্ধি হোৱা, the increasing of bashfulness by lapse of time.

লাজৰ লাখুটি—বিং, লাজৰ আশ্ৰয়। লাজ ৰাখিবৰ নিমিত্তে অৱলম্বন, a feeble support on which a person in disgrace relies in the last resort, a mask of shame and humiliation.

লাভলৈ চাওঁতে মুলৰ হতাহতি হোৱা—ক্ৰি, হতাহতি=এবেলি হাতলৈ অহা আৰু