পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ভোজনত
মই
২২০

নকৰাকৈ পৰৰ শ্ৰমৰ দ্বাৰা উপাৰ্জ্জিত ফল ভোগ কৰা টেঙ্গৰ মানুহ, a cunning person living comfortably on the labours of other people.

ভোজনত বহি কুলৰ বাতৰি সোধা—ক্ৰি, ভোজনৰ পূৰ্ব্বে কুলৰ বিষয়ে সোধ- পোছ নকৰি, ভোজনত বহি কুলৰ কথা মনত পৰি সোধে "তোমাৰ কুল কি?’’ এতেকে,—লাগতিয়াল কথাৰ বিচাৰ নকৰাকৈ কাৰ্য্য আৰম্ভ কৰি শেষত সেই কথাৰ বিচাৰ কৰা, to begin an enquiry about anything when it is too late to do it.

ভোজনতকৈ বচন মিঠা পোৱা—ক্ৰি, মাত-কথা ভাল পালে খোৱা-বোৱাৰ ভাল- বেয়ালৈ মানুহে বৰকৈ কাণ নকৰে। এতেকে,—ভাল দৰমহাতকৈ ভাল ব্যৱহাৰ শ্ৰেষ্ঠ বুলি গণ্য কৰা, to prefer good treatment to good wages.

ভোটা তৰা—বিং, ভোটা তৰা উজ্জল আরু ধুনীয়া। এতেকে,—প্ৰখ্যাত মানুহ, ধুনীয়া মানুহ, a distinguished person, a beautiful person.

ভোলানাথ পুৰুষ—বিং, ভোলানাথ মহাদেৱৰ এটা নাম। মহাদেৱ প্ৰধান ঈশ্বৰ-ভক্ত আৰু মায়াৰ অতীত। এতেকে,—অত্যন্ত সৰল স্বভাৱৰ মানুহ, a high-souled or magnanimous person.

⸻⸺

ম।

মই মৰিলে মোৰ পো ৰজা হোৱা—ক্ৰি, পুতেকে বাপেকক বুঢ়াকালত সাহায্য কৰিব লাগে। তেনেকুৱা সাহায্যৰপৰা বঞ্চিত কোনো বুঢ়া মানুহক এই বুলি সান্ত্বনা দিয়া হৈছিল:—“তোমাৰ পোৱাঁ আগলৈ ডাঙ্গৰ