পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ভোক-পিয়াহ
ভোজ-খোৱা
২১৯

ing one's appetite.

ভোক-পিয়াহ হৰা —বিণ, দেখিলে বা শুনিলে ভোক আৰু পিয়াহ গুচা। এতেকে,—বিতোপন, fascinating.

ভোক-বহা— ক্ৰি, গছৰ গুটি পকি তাৰ পাচত পাৰি নিনিলে ৰস গোট মাৰে। সেই কথাৰপৰা এই বাক্যৰ উৎপত্তি হৈছে। এতেকে,—ভোক বাঢ়ি লৈ পিচত তাৰ প্ৰভাৱ কম হোৱা, the decreasing of the sharpness of appetite for not satisfying it in due time.

ভোকত পেটৰ কেঁচু কুমটি মৰা—ক্ৰি, পেটৰ ভিতৰত পেলু থাকে। সেই পেলুক কেঁচু কুমটি বোলা হৈছে। মানুহে যি আহাৰ খায়, পেলুয়ে তাকে খাই জীয়াই থাকে। এই স্থলত কোৱা হৈছে, যে ইমান ভোকৰ প্ৰকোপ বাঢ়িছে যে পেটৰ পেলুবিলাকে অনাহাৰত মৰি গৈছে। এতেকে,—অতিপাত ভোক লগা, to suffer the extreme pinch of hunger.

ভোকৰ ভাত—বিং, যি সময়ত ভোক লাগে ঠিক সেই সময়তে যদি খাবলৈ ভাত দিয়া যায়, তেনেহলে সেই মানুহৰ প্ৰকৃত উপকাৰ সধা হয়। এতেকে,—উপযুক্ত সময়ত পোৱা সাহায্য, প্ৰকৃত সাহায্য, timely help, real help

ভোকোহা এন্দুৰ—বিণ, ভোকোহা অৰ্থাৎ শকত-আৱত এন্দুৰ আগঢ়িত আৰু ঘিণ-লগা। এতেকে,—আগঢ়িত আৰু ঘিণ-লগা মানুহ, an ugly and disgusting person.

ভোগাই নাম লৈ পানী-কাঁহুদিৰে খোৱা—ক্ৰি, যি মানুহে ঐশ্বৰ্য্য ভোগ কৰে, তাৰ নাম ভোগাই। নিচেই দুখীয়া মানুহে পানী-কাঁহুদিৰে ভাত খায়। এই স্থলত কোৱা হৈছে, যে কোনো মানুহৰ নামটো ভোগাই, কিন্তু সি ইমান দুখীয়া যে আঞ্জা-পাচলিৰ অভাৱত অকল পানী-কাঁহুদিৰে ভাত খায়। এতেকে,—ডাঙ্গৰ নাম লৈ টোকোনা ভাৱেৰে চলা, to be really a poor man though reputed to be a great man by the outside world.

ভোজ-খোৱা শিয়াল—বিং, মানুহে কষ্ট কৰি ভোজ ৰান্ধে, শিয়ালে মনে মনে জোপ লৈ থাকে। মানুহ অলপ আঁতৰ হোৱা গম পালেই, সুৰুক্- কৰে আহি সি ভোজ খাই গুচি যায়। এতেকে,—নিজে শ্ৰম