পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ভূতে
ভেকো-ককা
২১৭


ভূতে খোৱাদি খোৱা——ক্ৰি, ভূতে অপৰিমিত খাব পাৰে। এতেকে,—অপৰি- মিতৰূপে খোৱা, to eat greedily, to swallow voraci- ously, to gormandise.

ভূতীয়াই পৰত নাপালে ঘৰত খোৱা—ক্ৰি, ভূতে মানুহৰ আকৃতি ধৰি কেতিয়াবা কোনো পৰিয়ালত থাকে। সেই মানুহকে ভূতীয়া বোলে। ভূতীয়াই পৰৰ মানুহক ধৰি থায়। কিন্তু যেতিয়া সি পৰৰ মানুহ নাপায়, তেতিয়া নিজৰ পৰিয়ালৰ ভিতৰতে এজনক মনে মনে খায়। এতেকে,—ভূতৰ স্বভাৱ পোৱা মানুহে পৰৰ অপকাৰ কৰিব নোৱা- ৰিলে নিজৰ ঘৰৰে অপকাৰ কৰা, to harm a person in ones own family devilishly if unable to harm somebody else outside the family.

ভেকুৰি-তলৰ কথা—বিং , ভেকুৰি গছ চাপৰ আৰু জোপোহা। তাৰ তলত মানুহ সোমাই থাকিলে দূৰৰপৰা তাক দেখা পোৱা নাযায়। এতেকে,—গুপ্ত কথা, a secret.

ভেকুলীৰ ছাল—বিং, কোনো অকামিলা বস্তু, a thing of no consequence, a trifle.

ভেকুলীৰ পিঠিত নোম গজা—ক্ৰি, জন্তুৰ পিঠিত নোম থাকে, কিন্তু ভেকুলীৰ পিঠিত নোম নাথাকে। টোকোনা মানুহক ভেকুলীৰে তুলনা কৰা হৈছে। এতেকে,—টোকোনা মানুহে সামান্য লাভ পোৱা, the securing of a trifling gain by a person who is natu- rally a pauper.

ভেকো-ককা—বিং , (উপকথা) কোনো দেশৰ সকলো মানুহ দুৰ্ঘোৰ পাপাচাৰী হল। কেবল এজন বুঢ়া মানুহ ধৰ্ম্মত থাকিল। তেওঁৰ নাম ভেকো। সকলোৱে তেওঁক ভেকো-ককাই বুলি সম্বোধন কৰিছিল। ভেকো-ককাই মানুহবিলাকক পাপকাৰ্য্য নকৰিবৰ নিমিত্তে নানা প্ৰকাৰেৰে বাধা দিছিল। মানুহবিলাকে পাপৰ কাৰ্য্যত ইমান দূৰ আগুৱাইছিল, যে ভেকো-ককা সিহঁতৰ বিশেষৰূপে বিৰক্তিভাজন হল। শেষত সিহঁতে ভেকো-ককাক দেশান্তৰিত কৰিবৰ নিমিত্তে সাজু হল। ভেকো ককাক সেই সিদ্ধান্ত জনোৱাত তেওঁ যাবলৈ মান্তি হল, কিন্তু কলে যে তেওঁ গলেই দেশখন তললৈ যাব।২৮