পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ভিকাচন
ভূতৰ
২১৬


man of a request made politely and in the right way.

ভিকাচন ভগা—ক্ৰি, [ ভিক্ষাস্থল ভগা ] যি ঠাইত ভিক্ষা মিলে সেই ঠাই ভাগিলে অৰ্থাৎ নাইকিয়া হলে জীবিকাৰ উপায় নাইকিয়া হয়। এতেকে,—জীবিকাৰ উপায়ৰহিত হোৱা, সৰ্ব্বনাশ হোৱা, to be deprived of means of subsistence, to be done for.

ভিতৰ-বিশ্বাসী—বিণ, [ মনৰ ভিতৰৰ বিশ্বাসী] অতি-বিশ্বাসী, confidential.

ভিৰাই ধৰি লৰা—ক্ৰি, গাটো ভিৰ খুৱাই ধৰি লৰ দিয়া, বৰ বেগেৰে লৰা, to run very fast.

ভীমৰ গদা—বিং, ভীমৰ গদা বৰ শকত-ডাঙ্গৰ আছিল। এতেকে,—শকত- ডাঙ্গৰ টোকোন a heavy stick.

ভীমটোকা মানুহ—ক্ৰি, (ভীমটো যেন কায়া মানুহ ) গাৱাল মানুহ, a stout or corpulent person.

ভুকুতে কল নপকা—ক্ৰি, কল হাতেৰে ভুকুৱাই থাকিলে সি দপি গৈ পকাৰ নিচিনা হয়। কিন্তু সি এটা ভুকুতে নপকে। লাহে-লাহেকৈ বহু বাৰ ভুকুৱাই থাকিলে হে সি তেনে অৱস্থা পায়। এতেকে,—হঠাৎ কোনো কাৰ্য্য সিদ্ধি নোহোৱা, the happening of an impor- tant event by slow degrees and not all at once.

ভুচুং পহু—বিং, [ বীভৎস পশু ] জন্তু সদৃশ বীভৎস আকৃতিৰ মানুহ, বহুৱালিকৈ ফুৰা মানুহ, a clown, a buffoon.

ভূত জাৰ—বিং, ভূতে পোৱা মানুহৰ জাৰ তাৰপৰা—প্ৰকোপিত জাৰ, shivering due to ghostly possession; hence, extreme shivering.

ভূত লগা দি লগা—ক্ৰি, গাত ভূত লাগিলে তাক বেগতে খেদাব পৰা নাযায়। এতেকে,—নেৰানেপেৰাকৈ লগা, to make a persistent demand.

ভূতৰ ওপৰত দানহ —দানহ ভূততকৈ বলী। কোনো মানুহক ভূতে পায়, তাতে আকৌ দানহ আহি ওপৰত পৰে, তেতিয়া সেই মানুহৰ নিস্তাৰৰ উপায় নাথাকে। এতেকে,—বিপদৰ উপৰি অহা বিপদ, a greater danger super-added.