পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ভাত
ভালৰ
২১৪


যায় সেই মানুহৰ ঘৰ, সততে অহা যোৱা কৰা মানুহৰ ঘৰ, অতি মিত্ৰ লোকৰ ঘৰ, a favourite place of resort.

ভাত জাৰ—বিং, ভাত খোৱাৰ পিচৰ জাৰ, a slight sensation of chilli- ness due to eating a meal of boiled rice.

ভাতত পুতি খোৱা—বিণ, [ ভাতত পুতি উলিয়াই খোৱা ] আলু কচু আদি বস্তু ভাতৰ লগত সিজাই কাঁহীৰ কোষত পিটিকা কৰি খোৱা হয়। সেই বিলাক বস্তু নিচেই সৰু আৰু ভাত বাঢ়ি দিওঁতে ভাতৰ মাজত পোতা থাকে। এই স্থলত কোনো মানুহ ইমান সৰু বোলা হৈছে, যে তাক ভাতত পুতি লৈ তাৰপৰা পিচত উলিয়াই খাব পৰা যায়। এতেকে,- - নিচেই সৰু, একণিমান। (মৰমৰ মাত ) tiny. slender (a term of endearment).

ভাতে হেঁচা মানুহ—বিং, অতিৰিক্ত ভাত খালে ভাতে মানুহক তললৈ হেঁচি ধৰে অৰ্থাৎ মানুহক বাঢ়িবলৈ নিদিয়ে। এতেকে,—অতিৰিক্ত ভাত খোৱা কঁটিয়া মানুহ। তাৰপৰা—স্থুল বিষয়ত লিপ্ত থকা অপৰিষ্ফুট বুদ্ধিযুক্ত মানুহ, a person of stunted growth due to over-eating; hence, a person of undevelop- ed intellect due to employment in the gross affairs of the world.

ভামহীয়া কাউৰী—বিং, ভাদ মাহত কাউৰী-পোৱালি বাহৰপৰা ওলাই খাদ্যৰ নিমিত্তে কোঢ়াল কৰে। ডাঙ্গৰ কাউৰীয়ে উমনিৰপৰা উঠি ভোকত কল-মলাই চিঞৰি ফুৰে। এতেকে,—ভাদ-মহীয়া কাউৰীৰ নিচিনাকৈ হাই-উৰুমি কৰি ফুৰা মানুহ, a noisy fellow.

ভাদত কলী গৰু জগা—ক্ৰি, ভাদত কলী গৰু জগা অমঙ্গলীয়া ঘটনা বুলি সাধাৰণ মানুহে বিশ্বাস কৰে। এতেকে,—কোনো কাৰ্য্য অমঙ্গলীয়া-স্বৰূপ হোৱা, the happening of an inauspicious event.

ভাল বোলাতে ভলি যোৱা—ক্ৰি; (ভলি যোৱা =ভাঁজ লোৱা। ) শলাগনি পাই নষ্ট হোৱা, to be ruined by over-praise.

ভাল হোৱা —ক্ৰি, [ গৰ্ভৱতী তিৰোতা ভাল হোৱা ] প্ৰসৱ হোৱা, to be delivered of a child.

ভালৰ ভাল—বিণ, [ ভালৰ ভিতৰত ভাল ] আটাইতকৈ ভাল, best.