পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ভৰিৰ
ভাত-ঘৰ
২১৩

slight effort.

ভৰি ধূলি—বিং, মানুহৰ সকলো অঙ্গৰ ভিতৰত কৰি নীচ। ভৰৰি ভিতৰত তলুৱা নীচ। পদাৰ্থৰ ভিতৰত ধূলি নীচ। তেনেকুৱা ভৰি তলুৱাত লাগি থকা তেনেকুৱা ধূলি, এই ভাব বুজোৱা হৈছে। নগণ্য মানুহেৰে সৈতে ভৰৰি ধূলিক তুলনা কৰা হৈছে। এতেকে,— নগণ্য মানুহ, an insignificant person.

ভৰিৰে ৰোৱা—ক্ৰি, [ 'ভৰিৰ আঙ্গুলীৰে টিপা মাৰি ৰোৱা’ চোৱাঁ।

ভলুকা গজালি—বিং, ভলুকাৰ গজালি দপ্ দপ্ কৰে ওপৰলৈ বাঢ়ি যায়। এতেকে,— দোপত দোপে বাঢ়ি যোৱা মানুহ, a promising man.

ভাই-মোহা ধন—বিং, ভায়েকক লুটি পোৱা ধন। ( মোহা, এই ক্ৰিয়া সংস্কৃত ‘মূষ,’ ধাতুৰপৰা ওলাইছে। মূষ্-লুণ্ঠন কৰা, যেনে মূষিক। ), money obtained by defrauding one's own brother.

ভাঙ্গি আনি ছিঙ্গি খোৱা—ক্ৰি, কোনো বস্তু ভাঙ্গি আনি খাব পৰাকৈ সৰু কৰি ছিঙ্গি খোৱা , ধাঁহি-মুহি খোৱা, to live wastefully.

ভাত-কাপোৰীয়া চাকৰ— বিং , কাম কৰা বাবে গিৰিহঁতৰপৰা খাবলৈ আৰু পিন্ধিবলৈ পায় কিন্তু দৰমহা নাপায় এনে চাকৰ, a servant who gets only food and clothing but no wages for his labour.

ভাত খাবলৈ দিলে আঙ্গুলী খাবলৈ দিব নোৱৰা—ক্ৰি, হাতেৰে ভাত খুৱাই দিওঁতে গৰাহৰ লগত আঙ্গুলীৰ আগো খাওঁতাৰ মুখৰ ভিতৰলৈ সোমায়। কিন্তু খাওঁতাক ভাত খাবলৈ হে অধিকাৰ দিয়া হয়, লগতে আঙ্গুলী খাবলৈ তেওঁ অধিকাৰ নাপায়। (ভাত=জীবিকাৰ প্ৰধান উপায়। ) এতেকে,—জীবিকাৰ এখন উপায় কৰি দিয়াৰ নিমিত্তে সেই মানুহক সেই জীবিকাৰে সৈতে পোনে পোনে সম্পৰ্ক নথকা অন্যান্য বহুমূলীয় অধিকাৰ দিবলৈ অক্ষম হোৱা, not to be able to grant all demands not directly connected with a certain demand which has been granted.

ভাত খোৱা জ্বৰ—বিং, কুঁহকুঁহীয়া জ্বৰ তপত ভাত খালে ভাল হয়। এতেকে,— কুঁহকুঁহীয়া জ্বৰ, a very slight fever.

ভাত ঘৰ—বিং [ ভাত খোৱা ঘৰ ] যাৰ ঘৰত যেতিয়াই তেতিয়াই ভাত খোৱা