পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ভগা
ভগৱন্ত
২১১


an offence and be taken back into society instead of refusing to receive punishment and enouncing the society.

ভগা সবাহত ৰাগ দিয়া—ক্ৰি, সবাহ ভগাৰ পিচত ৰাগ দিয়া অৰ্থাৎ সুৰ ধৰি কীৰ্ত্তন কৰা নিস্প্ৰয়োজন। এতেকে,—সময় অতীত হৈ যোৱাৰ পিচত কোনো কাৰ্য্য কৰিবলৈ ধৰা, আলম-বিলমকৈ কাৰ্য্য কৰা, to do a thing at the eleventh hour.

ভতৰা—বিং, নবন্ধোৱা গৰুক ভতৰা বোলা যায়। বলী আৰু দুষ্ট মানুহক ভতৰা গৰুৰে তুলনা কৰা হৈছে। এতেকে,—বলী আৰু দুষ্ট মানুহ, a naughty young fellow.

ভতৰাৰ যুঁজ—বিং, দুটা ভতৰা গৰুৰ যুঁজ ডাঙ্গৰ হয়। বলী মানুহক ভতৰাৰে তুলনা কৰা হৈছে। এতেকে,—ডাঙ্গৰ যুঁজ, an obstinate duel.

ভদীয়া লৰা—বিং, ধানখেতি আহাৰ আৰু শাওণ মাহত কৰা হয়। ভাদত কৰা খেতি ভাল নহয়। এতেকে,—বুঢ়া-কালত ওপজা লৰা, দুৰ্ব্বল মগজুৰ নুমলীয়া লৰা, a child born to a father in his old age, the youngest child who is found to possess a weak intellect.

ভমকৰ তালি —বিং , (ভমক=খঙ্গৰ ভমক। তালি=তাল বজোৱা শব্দ। ) খঙ্গৰ প্ৰকোপ, a sudden outburst of anger.

ভয়ত অত্ৰাহি—বিণ, [ ভয়ত অৱত্ৰাহি ] ভয় পালে ‘হে ঈশ্বৰ পৰিত্ৰাণ কৰাঁ’ এই বুলি প্ৰাৰ্থনা জনোৱা হয়। এতেকে,--ভয়ত বিহ্বল, terror-strick- en, appalled.

ভয়ত বনৰ বাঘ কঁপা—ক্ৰি, ইমান ভয় কৰে বোলা হৈছে, যে মানুহ যে কঁপেই, বনৰ বাঘ পৰ্য্যন্ত কঁপে। বাঘৰ ভয়ত মানুহ কঁপে। এই স্থলত সেই ভাব ওলোটাই, মানুহৰ ভয়ত বাঘ কঁপে বোলা হৈছে। এতেকে,—অতিৰিক্ত ভয় পোৱা, to be terribly afraid of.

ভয়ত ভগৱন্ত পলোৱা—ক্ৰি, শ্ৰীকৃষ্ণে লৰাকালত যশোদাক কেতিয়াবা আমনি কৰিছিল। যশোই কোবাব খুজিলে শ্ৰীকৃষ্ণে ভয়ত পলাই ফুৰে। পৰিণত বয়সতো শ্ৰীকৃষ্ণে জৰাসন্ধৰ ভয়ত বহুবাৰ পলাই গৈছিল। হিন্দুমতে কৃষ্ণ স্বয়ং ভগৱন্ত আহিল। এতেকে,—ডাঙ্গৰ হলেও