পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বাং
ভকত
২১০

বাং বুটলি ফুৰা— ক্ৰি, ( বাংকৰা বুটলি ফুৰা ] যলৈ তলৈ গৈ বাংকৰা কথা শুনি ফুৰা, ঘৰে ঘৰে গৈ মিছা গল্প পাতি ফুৰা, অবাবত কাল হৰণ কৰা, to spend time in useless gossipings.

বিংবিং বাংবাং কৰা —ক্ৰি, [ “বিবি-বাবা গোৱা” চোৱা। ]

ব্ৰহ্ম-আকাল— বিং, দেৱতা সকলৰ ভিতৰত ব্ৰহ্মা ডাঙ্গৰ। এতেকে,— ডাঙ্গৰ আকাল, a great famine.

ব্ৰহ্মাস্ত্ৰ মৰা—ক্ৰি, ব্ৰহ্মাই দান কৰা তেজোময় অস্ত্ৰ নিক্ষেপ কৰে বোলা হৈছে। ব্ৰহ্মাস্ত্ৰ নিষ্ফল নহয়। যাৰ প্ৰতি এই অস্ত্ৰ সন্ধান কৰা হয়, সেই শত্ৰুব পতন অনিবাৰ্য্য। এতেকে,—শত্ৰুৰ প্ৰতি মাৰঘাত আচৰণ কৰা, to do a fatal injury to an enemy.

⸻⸺

ভ।


ভেঁটি উছন হোৱা—ক্ৰি, গোটেই পৰিয়াল মৰি-হাজি অন্ত পৰি স্থানান্তৰ হোৱা, to suffer wholesale bereavements and then to leave the ancestral home.

ভেটিত তিতালাও গজা— ক্ৰি, এৰা ভেঁটিত গহৰা লাও-গছ গজে। তেনেকুৱা গছৰ লাও তিতা হয়। [ “ভেটি উছন হোৱা” চোৱাঁ। ]

ভেটিত হুদু পৰা—ক্ৰি, এৰা ভেটিৰ গছত হুদু পৰে। মানুহ থকা বাৰীত হুদু নপৰে। ["ভেঁটি উছন হোৱা” চোৱাঁ। ]

ভকত নাভাগি দায় ভগা —ক্ৰি, 'ভগা’ ক্ৰিয়াৰ খেল বুজোৱা হৈছে। প্ৰথম ‘ভগা’= লগ এৰা। দ্বিতীয় ‘ভগা’=ক্ষালন' হোৱা। ভকতে দায় লগালে গোঁসায়ে দায় ভাঙ্গি শুদ্ধ কৰি তাক পুণৰ গ্ৰহণ কৰে, সি গোঁসাইক এৰি নিদিয়ে। এতেকে,—জগৰ লাগিল স্থানান্তৰিত নহৈ উপযুক্ত দণ্ড দি পূৰ্ব্বাৱস্থা পোৱা, to receive punishment for