পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বুদ্ধিৰ
বৃহস্পতি
২০৫


আৱশ্যকতা নাই। এতেকে, —সজুলি নাথাকিলে জ্ঞানৰ আৱশ্যকতা নথকা, the coming of knowledge to no purpose if there be no material to work upon.

বুদ্ধিৰ ফোঁপ চুঙ্গা —বিণ, (ফোঁপ-চুঙ্গা = ফোঁপাল অৰ্থাৎ গাঁথি নোহোৱা চুঙ্গা। ) ফোঁপাল চুঙ্গাত গাখীৰ বা পানী নৰয়, ওলাই যায়। এতেকে,— বুদ্ধি-পাত্ৰত বুদ্ধি নোৰোৱা মানুহ, মুৰ্খ মানুহ, a stupid person.

বুব্-বাবা কৰা— ক্ৰি, বৰলোকৰ কলঙ্ক উলিয়াবলৈ কোনোৱে সাহ নকৰে। তেনে স্থলত প্ৰথমতে ইটোৱে সিটোৱে ‘বুবু-বাবা’ অৰ্থাৎ অস্পষ্টভাবে কোৱা-কুই কৰে। এতেকে,--কণা-কণিকৈ কলঙ্ক প্ৰচাৰ কৰা, to spread a scandal by secret insinuation.

বুবু বুলি বোপাই বোলা —ক্ৰি,মাত ফুটিবলৈ ধৰোঁতে লৰাই প্ৰথমে ‘বু’ ‘বু’ কৰে। তাৰ পাচত হে ‘বোপাই’ শব্দ উচ্চাৰণ কৰিব পাৰে। এতেকে,—কোনো কাম ক্ৰমশঃ অভ্যাসৰ দ্বাৰা সিদ্ধি কৰা, to be able to do anything by learning it from the beginning by slow degree.

বুৰে পতি সেলুক নোপোৱা—ক্ৰি, পানীত সেলুক থাকে। বুৰ মাৰি পানীৰ তলৰপৰা সেলুক অনা হয়। কিন্তু প্ৰতি বুৰতে সেলুক পোৱা নাযায়। এতেকে,—প্ৰত্যেক চেষ্টাতে লাভ নোপোৱা, not to expect success at every attempt.

বুলিব জানিলে মজিয়াই দেৰ পৰৰ বাট হোৱা--ক্ৰি, খোজ কাঢ়িব জানিলে মজি- য়ালৈ ভাত খাবলৈ যাওঁতেই দেৰ পৰ অৰ্থাৎ বহু সময় নিয়াব পাৰি। নতুনকৈ বিয়া কৰি অনা ছোৱালীয়ে মজিয়ালৈ যাওঁতে ইমান লাহে লাহে যায়, যে মজিয়ালৈ যাওঁতেই বহু সময় লাগে। সেই কথাৰপৰা এই বাক্যৰ উৎপত্তি হৈছে। এতেকে--কোনো কাৰ্যৰ নিয়ম- প্ৰণালী জানিলে বেয়া হলেও তাক ভাল বুজাব পাৰি, to be able to show a work in bright colours although it is bad in itself provided one knows how to do it in the proper way.

বৃহস্পতি পোন হোৱা—ক্ৰি, (জ্যোতিষীয়া প্ৰয়োগ) বৃহস্পতি সন্মুখীন হলে